Logo
image

অবিশ্বাস্য যান-জঁটত শ্বাসৰুদ্ধ গুৱাহাটী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ জুনঃ   ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সাধাৰণ লোকৰ যাতায়াত এতিয়া যেন দুৰ্বিষময় হৈ পৰিছে৷ মহানগৰীত নাগৰিকে ঘৰৰ পৰা ওলাই আহিলেই প্ৰতিদিনে ৰাজপথত যান-জঁটৰ মাজত আবদ্ধ হৈ পৰাটো এক প্ৰকাৰ সাধাৰণ ঘটনাত পৰিণত হৈছে৷ ক’ৰবাত যদি উৰণ সেতুৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে যান-জঁটৰ সৃষ্টি হৈছে, আন ক’ৰবাত আকৌ কৃত্ৰিম বানৰ বাবে যান-জঁটৰ সৃষ্টি হৈছে৷  এফালে যদি পানীৰ পাইপ ফাটি জল বিস্ফোৰণ হৈ যান-জঁট লাগিছে, আনফালে ৰাজপথত প্ৰতিবাদ নাইবা যান-বাহন আৰক্ষীৰ উদাসীনতাৰ বাবেও কোনো কোনো স্থানত যান-জঁটত দুৰ্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ জনতাই৷ মঙলবাৰে যেন ৰাইজে মহানগৰীত  যান-জঁটৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয়৷ বিশেষকৈ উজনি অসম আৰু নামনি অসমৰ দুয়োটা দিশৰে গুৱাহাটীত প্ৰৱেশ পথতে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হয় নাগৰিকে৷ গুৱাহাটীৰ প্ৰৱেশ পথতে আৰম্ভ হোৱা এই যান-জঁট মহানগৰীৰ সমগ্ৰ পথতে অব্যাহত থাকে৷ উজনি অসমৰ দিশৰ পৰা অহা লোকসকলে যোৰাবাটত কৃত্ৰিম বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটত দুৰ্ভোগ ভুগিবলগীয়া হয়৷ পুৱাবেলাতে অহা মুষলধাৰ বৰষুণৰ বাবে যোৰাবাটত হোৱা কৃত্ৰিম বানৰ বাবে শ্বিলং পথৰ উৰণ সেতুৰ তলে-ওপৰে সমগ্ৰ পথটোতে যান-জঁটৰ ফলত আবদ্ধ হৈ পৰিবলগীয়া হয় ৰাইজে৷ ইয়াৰ পাছতেই গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিয়েই ৰাইজে মহানগৰীৰ চিৰপৰিচিত যান-জঁটৰ সন্মুখীন হ’বলগীয়াত পৰে৷ এই দুৰ্বিষহ যাত্ৰা আৰম্ভ হয় ছয়মাইল উৰণ সেতুৰ পৰা৷ বছৰ ধৰি ছয়মাইল উৰণ সেতুখনৰ মেৰামতি চলি থকাত ট্ৰাক-বাছকে ধৰি গধুৰ যান-বাহন উৰণ সেতুখনৰ ওপৰৰে যাতায়াতত বাধা দিয়াত ছয়মাইলত প্ৰতিদিনে তীব্ৰ যান-জঁট হোৱাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ পূৰ্বে ছিমপ্লেক্স নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ছয়মাইল উৰণ সেতুখনৰ নিৰ্মাণত খুঁট ৰাখি থৈ যোৱাত প্ৰায় এবছৰ ধৰি মেৰামতিৰ কাম অব্যাহত ৰাখিছে গৌতম কনষ্ট্ৰাকশ্বনে৷ কিন্তু গৌতম কনষ্ট্ৰাকশ্বনে মেৰামতিৰ কাম লেহেমীয়া কৰাৰ বাবে ছয়মাইলৰ জি এছ ৰোডেই নহয়, উৰণ সেতুখনক সংযোগ কৰা পাঞ্জাবাৰী আৰু জয়ানগৰ পথতো প্ৰতিদিনে যান-জঁটৰ সৃষ্টি হৈ আহিছে৷


কোনোমতে ছয়মাইল উৰণ সেতুৰ যান-জঁট ফালি আগবাঢ়ি গ’লেই পুনৰ ৰুক্মিণীগাঁৱৰ  জি এছ ৰোডৰ নিৰ্মীয়মান উৰণ সেতুখনত আৰম্ভ হয় যান-জঁট৷ যান-জঁট নিয়ন্ত্ৰণৰ কোনো সু-পৰিকল্পিত ব্যৱস্থা অবিহনে উৰণ সেতুখনৰ নিৰ্মাণ অব্যাহত ৰখাত ৰুক্মিণীগাঁৱৰ পথছোৱা পাৰ হ’বলৈ ঘণ্টাৰ পাছত ঘণ্টা সময়ৰ প্ৰয়োজন হয়৷ মঙলবাৰে দুপৰীয়াৰ ভাগত এই দুই যান-জঁট ফালি যিসকল ব্যক্তিয়ে গণেশগুৰিৰ দিশে আগবাঢ়িছিল সেইসকল ব্যক্তিয়ে পুনৰ দিছপুৰত আন এটা যান-জঁটৰ সন্মুখীন হয়৷ প্ৰাপ্য বিচাৰি প্ৰতিবন্ধী সুৰক্ষা সংস্থা নামৰ সংগঠনটোৰ পাঁচ শতাধিক দিব্যাংগ সদস্যই দিছপুৰৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰাত ছুপাৰ মাৰ্কেটৰ পৰা দিছপুৰলৈ অনাকাংক্ষিত যান-জঁটৰ সন্মুখীন হয়৷ ইয়াৰ পাছতেই নয়নপুৰত পানীৰ পাইপ ফুটি জলবিস্ফোৰণৰ সৃষ্টি হোৱাত গণেশগুৰি-জু-ৰোড পথতো যান-জঁটৰ দুৰ্ভোগ ভুগিবলগীয়া হয় সৰ্ব সাধাৰণ জনতাই৷ ইফালে, নুনমাটি-আমবাৰী সংযোগী নিৰ্মীয়মান উৰণ সেতুখনৰ বাবে চানমাৰিৰ পথটোত দৈনিক যান-জঁটত ৰাইজে দুৰ্ভোগ ভোগাটো কোনো নতুন কথা নহয়৷ একেদৰে নামনি অসমৰ দিশৰ পৰা গুৱাহাটীৰ প্ৰৱেশপথ শৰাইঘাটৰ পুৰণি দলংখনতো মঙলবাৰে দুপৰীয়া ভাগত যান-জঁটৰ সৃষ্টি হয়৷ ইফালে, শক্তিপীঠ মা কামাখ্যা ধামত চলি থকা মহা অম্বুবাচী মেলাৰ বাবেও জালুকবাৰী-ফাঁচীবজাৰ সমগ্ৰ পথটোতে বিগত তিনিদিন ধৰি দিনে-নিশাই যান-জঁট অব্যাহত আছে৷ মুঠৰ ওপৰত গুৱাহাটী মহানগৰীলৈ কোনো লোক আহিলে যান-জঁটৰ বাবে এশবাৰ চিন্তা কৰিবলৈ বাধ্য হৈছে৷ একেদৰে মহানগৰবাসীও যান-জঁটৰ বাবে ৰাজপথলৈ ওলাবলৈকো ভয় কৰা হৈছে৷ যান-জঁটৰ বাবে সাধাৰণ লোকে কিদৰে দুৰ্ভোগৰ সন্মুখীন হৈ আহিছে, সেয়া ভিআইপি বাহনত ছাইৰেন বজাই ঘূৰাসকলে অনুভৱ কৰিব নোৱাৰে যদিও এনে যান-জঁটত এম্বুলেঞ্চ আবদ্ধ হৈ পৰাত ৰোগীসকল যে অধিক সংকটৰ মুখত পৰিছে, সেয়া নক’লেও অনুমেয়৷