Logo
image

এক ভয়ংকৰ সময় সমাগত

সামাজিক মাধ্যমৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ সময়ত আমি যিমানেই ঊধবৰ্মুখী যাত্ৰাৰে গতি কৰিছোঁ, তাৰ সমানেই কিন্তু কিছুক্ষেত্ৰত ঋণাত্মক ফলাফলকো নুই কৰিব নোৱাৰি৷ অজস্ৰ কণ্টেণ্ট ক্ৰিয়েটৰে সমাজৰ স্বাৰ্থত যোগাত্মক বতৰা প্ৰসাৰৰ সময়তে কণ্টেণ্টৰ নামত আন একাংশই চৰম ঔদ্ধতালি প্ৰদৰ্শন কৰি অহাও সকলোৱে দেখিছে৷ আনহাতে, একাংশ প্লেটফৰ্মত উপলব্ধ কিছুমান কাহিনী বা ছিৰিজেও সামাজিক আৰু নৈতিক …লনত অৰিহণা যোগাইছে৷ সামাজিক মাধ্যমৰ জৰিয়তে গোপন যোগাযোগ ব্যৱস্থাই আমাক অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে, ফলত বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাতৰিয়ে সামাজিক পৰিৱেশ বিনষ্ট কৰিছে৷ শেহতীয়াভাৱে সংঘটিত কিছুমান বিবাহ বহিৰ্ভূত ঘটনাৰ আঁৰতো এনে কাৰণ বুলি তথ্য পোহৰলৈ আহিছে৷ অতি আধুনিক হোৱাৰ অঘোষিত প্ৰতিযোগিতাত আমি যেন শিপা হেৰুৱাই পেলাইছোঁ৷ বহিৰ্বিশ্বৰ লগত সামঞ্জস্য ৰক্ষা কৰি আধুনিকতাক আঁকোৱালি লোৱাটো সময়ৰ আহ্বান সঁচা, কিন্তু সেই জালখনত ভৰি দি বহুতেই নিজস্বতা পাহৰি উটি-ভাহি যোৱাৰ উপক্ৰম হ’লেই অসামাজিক ঘটনা সংঘটিত হোৱাৰ দিশে আগবাঢ়ে৷ 


ইয়াৰ লগতে আমি এনে একাংশ অভিভাৱকক দেখা পাওঁ, যি নিজৰ সন্তানক বিদ্যালয়লৈ প্ৰেৰণ কৰোঁতে নিজৰ দায়িত্ব সীমাৱদ্ধ ৰাখি সামাজিক মাধ্যমত অধিক ব্যস্ত থাকে৷ এয়া একপ্ৰকাৰ আসক্তি৷ অৱশ্যে সকলো ক্ষেত্ৰতে তেনে নহয়, সামাজিক মাধ্যমৰ সহায়ত আমি ঊধবৰ্মুখী অবিৰত যাত্ৰাত আগবাঢ়িবলৈ সক্ষম হৈছোঁ, বিভিন্ন প্লেটফৰ্মৰ ভাল ছিৰিজ কিছুমানত বাস্তৱ কাহিনী উপভোগ কৰি আপ্লুত হৈছোঁ৷  কিন্তু দহো আঙুলি যিদৰে সমান হ’ব নোৱাৰে, তেনেদৰে ব্যক্তি, আচৰণ আৰু সামাজিক মাধ্যম কোনে কিদৰে গ্ৰহণ কৰিছে বা ব্যৱহাৰ কৰিছে সেয়া ব্যক্তিৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে৷ কিন্তু এইসমূহৰ ঋণাত্মক ব্যৱহাৰৰ ফলত সমাজ ভয়াৱহ সময় আৰু পৰিস্থিতিৰ মুখামুখি হ’বলৈ আগবাঢ়িছে৷ সেয়ে আমি সকলোৱে সজাগ আৰু সতৰ্ক হৈ ডিজিটেল জগতখনত ব্যস্ত থকাৰ খুবেই প্ৰয়োজন৷