ৰাজ্যত শীৰ্ষ প্ৰশাসনিক পৰ্যায়ত ব্যাপক ৰদ-বদল
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জুলাইঃ ৰাজ্য চৰকাৰে আজি শীৰ্ষ প্ৰশাসনিক স্তৰত ব্যাপক ৰদ-বদল কৰিছে৷ কেইবাটাও বিভাগৰ দায়িত্ব থকা কেইবাজনো শীৰ্ষ বিষয়াৰ অতিৰিক্ত দায়িত্ব কৰ্তন কৰা হৈছে৷ বহু কেইজন শীৰ্ষ বিষয়াৰ অতিৰিক্ত দায়িত্ব কৰ্তন কৰি যাতে মূল বিভাগত এশ শতাংশ কৰ্ম শক্তিৰে কাম কৰিব পাৰে ইয়াৰ ব্যৱস্থা কৰা হৈছে৷ সুদীৰ্ঘ দিন কেন্দ্ৰীয় ডেপুটেশ্বনত থকা এগৰাকী উজ্জ্বল মুখৰ প্ৰশাসনিক বিষয়া লাভলি চুইটি চাংচনে (১৯৯৪ বেটছৰ আই এ এছ) কেন্দ্ৰীয় ডেপুটেশ্বন সমাপ্ত কৰি পুনৰ অসমলৈ ঘূৰি আহিছে৷ তেওঁক ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে জনজাতি পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব দিয়া হৈছে৷ উল্লেখ্য, বৰ্তমানৰ মুখ্য সচিব ড॰ ৰবি কোটা কেন্দ্ৰীয় ডেপুটেশ্বনত যোৱাৰ সম্ভাৱনা আছে৷ যদিহে ড॰ কোটা ডেপুটেশ্বনত যায় তেন্তে চাংচনে ৰাজ্যৰ মুখ্য সচিবৰ ভাৰপ্ৰাপ্ত আসনখন শুৱনি সম্ভাৱনা আছে৷ ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা জাননী অনুসৰি আবকাৰী বিভাগৰ আয়ুক্ত সচিবৰ অতিৰিক্ত দায়িত্ব ৰাকেশ কুমাৰক অব্যাহতি দিয়া হৈছে৷ তেওঁ এ পি ডি চি এলৰ পৰিচালন সঞ্চালক হিচাপে দায়িত্ব নিৰ্বাহ কৰি যাব৷ আদিল শ্বাহক আবকাৰী বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে৷ একেদৰে চৈয়দ্দিন আববাচীক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ ৰাজহ ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্বত থকা কৈলাশ চন্দ্ৰ চামাৰিয়াক জলসিঞ্চনৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত থকা বি কল্যাণ চক্ৰৱৰ্তীক দক্ষতা বিকাশ বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ মহিলা আৰু শিশু উন্নয়নৰ প্ৰধান সচিবৰ দায়িত্বত থকা মুকেশ চাহুক ভৈয়াম জনজাতি বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷
ৰাজহ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠীক পৰিবহণ আৰু সীমান্ত সুৰক্ষা বিভাগৰ প্ৰধান সচিব হিচাপে বদলি কৰা হৈছে৷ তথ্য প্ৰযুক্তি বিভাগৰ সঞ্চালকৰ দায়িত্বত থকা অশ্বিনী কুমাৰক চীফ ডাটা অফিচাৰ হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷ উদ্যোগ-বাণিজ্য বিভাগৰ সচিব ডাঃ লক্ষ্মণক এ এইচ এমৰ মিছন সঞ্চালকৰ দায়িত্ব দিয়া হৈছে৷ ষ্টাফ কলেজৰ সঞ্চালকৰ দায়িত্বত থকা ৰিজু গগৈক গৃহ ৰাজনৈতিক বিভাগৰ সচিব হিচাপে দায়িত্ব দিয়া হৈছে৷ তেওঁৰ স্থানত দেৱ কুমাৰ মিশ্ৰক ষ্টাফ কলেজৰ সঞ্চালকৰ দায়িত্ব দিয়া হৈছে৷ পল্লৱ গোপাল ঝাক ৰাজহ-দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্তৰ দায়িত্বত থকা ঐনাম চৰণকুমাৰ সিঙক জলসম্পদ বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে৷ বিত্ত বিভাগৰ সচিব দিলীপ কুমাৰ বৰাক হস্ততাঁত বস্ত্ৰৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ ডাঃ জে বি এক্কাক ৰাজ্য চৰকাৰৰ নতুনকৈ খোলা বিভাগ ইনভেশ্বন বিভাগৰ সচিবৰ দায়িত্ব দিয়া হৈছে৷ মেঘা নিধি দাহালক উদ্যোগ-বাণিজ্যৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷ তেওঁ এ আই ডি চিৰো পৰিচালন সঞ্চালক হিচাপে দায়িত্ব নিৰ্বাহ কৰিব৷ মীনাক্ষী দাস নাথক ইণ্ট্ৰিগ্ৰেটেড ৰিভাৰ বেচিনৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷