Logo
image

সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে অসমৰ ভ্ৰাম্যমান নাট্য দল কহিনুৰ থিয়েটাৰে

'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদকঃ নাট্য নগৰী পাঠশালাতে জন্ম হৈছিল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশাল উদ্যোগতো। অসমৰ প্ৰথম থিয়েটাৰ আছিল নটৰাজ থিয়েটাৰ। ১৯৬৩ চনত নটৰাজ থিয়েটাৰ দলটো গঠন কৰা হৈছিল। নটৰাজ থিয়েটাৰৰ জন্মৰ লগে লগে অসমত ভ্ৰাম্যমাণ থিয়েটাৰৰ এক ধাৰা আৰম্ভ হৈছিল। এই থিয়েটাৰ গোষ্ঠীটোৱে অসমৰ সাংস্কৃতিক জগতত এক নতুন যুগৰ সূচনা কৰিছিল। তাৰ পিছতে ১৯৭৬ চনত প্ৰয়াত আধুনিক ভ্ৰাম্যমাণৰ খনিকৰ ৰতন লহকৰৰ প্ৰচেষ্টাত কহিনুৰ থিয়েটাৰৰ জন্ম হয়। তেখেতে বহু কেইখন নাটকৰ উপৰিও হলিউডৰ বিখ্যাৎ চলচ্চিত্ৰ টাইটানিকক নাট্য ৰূপ দি কহিনুৰ থিয়েটাৰত মঞ্চস্থ কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত খলকনিৰ সৃষ্টি কৰিছিল। পুনৰ এইবাৰ ভ্ৰাম্যমানৰ মঞ্চলৈ  ২৫/২৬ বৰ্ষত আহি আছে টাইটানিক। এইবাৰ সোণালী জয়ন্তী বৰ্ষত কহিনুৰ থিয়েটাৰে ৩ খন মঞ্চত টাইটানিক মঞ্চস্থ কৰি ৰাইজক চমক দিবলৈ সাজু হৈছে।


কালি পাঠশালাত কহিনুৰ থিয়েটাৰৰ স্থায়ী আখৰা গৃহ মুকলি কৰা হয়। পুৱা মাঙ্গলিক অনুষ্ঠানৰ পিছত সন্ধিয়া বজালী সমষ্টিৰ স্থানীয় বিধায়ক তথা জেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আখৰাৰ গৃহ মুকলি কৰাৰ পিছত ডাকোৱাল বতাহ নামৰ এটি নৃত্য গীতৰ  ভিডিঅ' মুকলি কৰে ৷ আনহাতে আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ খনিকৰ প্ৰয়াত ৰতন লহকৰে জন্ম দিয়া কহিনুৰ থিয়েটাৰক আগুৱাই নিয়াত সফল হৈছে তেওঁৰ পুত্ৰ তপন লহকৰে। নিশা আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত কেইবাজনো শিল্পীয়ে অংশগ্ৰহণ কৰে। আনহাতে এইবাৰ মূল নাটক টাইটানিকৰ লগতে থাকিব সোণালী জয়ন্তী নাট্যবৰ্ষৰ আন এক ব্যতিক্ৰমী আয়োজন মৃদুল চুতীয়াৰ ৰচনা তথা পৰিচালনাৰে আৰু অৰূপজ্যোতি বৰুৱাৰ সংগীত পৰিচালনাৰে প্ৰভু আৰু চম্পক শৰ্মাৰ বকুলৰ বিয়া উৰুলি দিয়া আন এখন নাটক মঞ্চস্থ কৰা হব। ইপিনে মঞ্চত  টাইটানিক নাটক চোৱাৰ বাবে অপেক্ষাত ৰৈ আছে অসমৰ একাংশ দৰ্শক৷ ইতিমধ্যে প্ৰায় পেন্দেল বুকিং হোৱা বুলি থিয়েটাৰৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে ৷