
কৃত্ৰিম বুদ্ধিমত্তাৰ বিভ্ৰমত হেৰাই গৈছে অৰ্চিতাৰ অস্তিত্ব
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ জুলাইঃ ফেচবুকৰ প্ৰতি ‘অলটাৰনেট’ অথবা ‘এভৰি থাৰ্ড’ কিম্বা ‘এভৰি ফৰ্থ’ পোষ্টত এতিয়া অৰ্চিতা ফুকনৰ অনায়াম আৱিৰ্ভাৱ৷ ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত ‘ট্ৰেণ্ডিং’ অসমৰ বেবীডল আৰ্চি৷ ৰীল ‘স্ক্ৰল’ কৰিবই নোৱাৰি৷ মুহূৰ্ততে স্বল্পবসনা শৰীৰেৰে ‘ইৰ’টিক’ ভংগীত হাজিৰ অৰ্চিতা৷ মিছিগানত বিশ্বখ্যাত পৰ্নষ্টাৰ কেন্দ্ৰা লাষ্টক সাক্ষাতৰ পাছত বিশ্বপ্ৰসিদ্ধ মাৰ্কিন পৰ্ন উদ্যোগত প্ৰৱেশ কৰা বুলি চৰ্চা হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত অভাৱনীয় হাৰত ভাইৰেল অসম তনয়া৷ ৰিয়েকচন, ভিউজৰ আশাত খ্যাত-অখ্যাত অনেকৰে ‘ৱাল’ত এতিয়া শোভা বঢ়াইছে প্ৰায় নিশাটোৰ ভিতৰতে প্ৰখ্যাত হৈ পৰা অৰ্চিতা ফুকনৰ ফটো-ভিডিঅ’ই৷ কিন্তু তাৰ মাজতে ব্যাপকভাৱে চৰ্চা হোৱা বিষয়টো হৈছে, অৰ্চিতা ফুকন নামৰ কোনো যুৱতীয়েই নাই. এয়া এক ইণ্টাৰনেটসৃষ্ট ‘ইল্যুছন’ মাথোঁ৷ অৱশ্যে তাৰো কোনো ‘কংক্ৰিট’ প্ৰমাণ নাই, যিদৰে অসমৰ মিডিয়াই এতিয়াও প্ৰমাণ উদ্ধাৰ কৰিব পৰা নাই সম্ভাৱ্য অসমীয়া পৰ্নগ্ৰাফিক অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয়৷ উদ্ধাৰ হোৱা নাই পিতৃ-মাতৃৰ পৰিচয়৷ গৃহচহৰৰ নামো ৰহস্যৰ আৱৰ্তত৷
সেই ৰহস্যৰ মায়াজালত ‘ইল্যুছন’ৰ দৰে ইণ্টাৰনেটত ঘূৰি-পাকি অসংখ্য অনুৰাগীৰ দৃষ্টি-বিভ্ৰম আৰু চিত্ত চাঞ্চলৰ ঘটোৱাৰ বাবেই ছ’চিয়েল মিডিয়াতে অনেকেই দাবী কৰিছে– অৰ্চিতা ফুকন নামৰ কোনো শৰীৰি তৰুণী নাই, এয়া কেৱল কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এগৰাকী আকৰ্ষণীয় দেহাবয়ৱৰ তৰুণী৷ সেই দাবী কৰি কোনোৱে ঘণ্টাজোৰা ইউটিউব ভিডিঅ’ বনাইছে, পাতপাতকৈ বুজাইছে, ভিডিঅ’ৰ কোনটো অংশৰ পৰা বুজিব পাৰি সেয়া এআইৰহে সৃষ্টি৷ তেওঁৰ ‘ষ্টিল’ ফটোক সিমান প্ৰত্যাহ্বান জনোৱা নাই, যিমান প্ৰত্যাহ্বান জনাইছে অৰ্চিতাৰ উত্তেজক ভিডিঅ’ক৷
কোৱা বাহুলা মাথোঁ, অৰ্চিতা ফুকনক শৰীৰি নহয়, এ আই-সৃষ্ট অশৰীৰি বুলি দাবী কৰা এজনো কৃত্ৰিম বুদ্ধিমত্তাৰ বিশেষজ্ঞ নহয়৷ সেয়ে ছ’চিয়েল মিডিয়াৰ নেটিজেনে সেই দাবী মালি ল’বলৈ নাৰাজ৷ তেওঁকো পেলব শৰীৰৰ বেবীডলৰ ফটো আৰু ভিডিঅ’ক লৈয়েই সন্তুষ্ট৷ আৰু আশাত বন্দী অসম তনয়াৰ কেলিফৰ্নিয়াৰ পৰ্ন ভিডিঅ’ই ইণ্টাৰনেটৰ জালত ভুমুকি মৰাত৷ অনস্বীকাৰ্য যে, ইণ্টাৰনেটৰ পাৰাস্তম্ভ ঊধবৰ্মুখী কৰি তোলা ফটো ইনষ্টাগ্ৰামত প্ৰতিনিয়ত আপলোড কৰি অনুৰাগীক উত্তেজিত কৰি ৰাখিছে শৰীৰি কিম্বা অশৰীৰি অৰ্চিতাই৷ বেবীডল আৰ্চি একাউণ্টত ২১ ঘণ্টাৰ পূৰ্বে আপলোড কৰা শেষতম ফটোত অনুৰাগীৰ ‘ৰিয়েকচন’ আছে এতিয়ালৈ ১,৮৩,৪৭১টা; কমেণ্টৰ সংখ্যা ৫,৯৬০টা৷ সেই একাউণ্টত ফল’ৱাৰ্ছৰ সংখ্যা বাঢ়িছে ৰকেটৰ গতিত, যাৰ সংখ্যা আজি ৯,১৮,০০০৷ তাৎপৰ্যপূৰ্ণ এয়াই যে এদিন পূৰ্বে আপলোড কৰা ফটোত অৰ্চিতাই স্থান উল্লেখ কৰিছে মিছিগান, ইউএছএ বুলি৷ অন্যাৰ্থত তেওঁ এতিয়াও আমেৰিকাতে থকা বুলিয়েই প্ৰমাণ কৰাৰ চেষ্টা কৰিছে৷
অসম তনয়া অৰ্চিতাৰ আকৰ্ষণত এইবাৰ নতজানু দেশ ‘মেইনষ্ট্ৰীম’ মিডিয়াও৷ বিগত প্ৰায় এসপ্তাহ ধৰি কেৱল ছ’চিয়েল মিডিয়া উত্তপ্ত কৰি ৰাখিছিল বেবীডল অৰ্চিতাই৷ কিন্তু বিগত দুদিন ধৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমো উত্তাল অৰ্চিতাক লৈ৷ দেশৰ কমেও ১৫টা প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানে বিগত দুদিনত পৰিৱেশন কৰিছে অৰ্চিতাৰ বাতৰি৷ পৰ্নষ্টাৰ কেন্দ্ৰা লাষ্টক সাক্ষাতৰ পৰা মাৰ্কিন পৰ্ন উদ্যোগত প্ৰৱেশ কৰাৰ সম্ভাৱনালৈকে সকলো সামৰি এতিয়া দেশৰ ‘মেইনষ্ট্ৰীম’ মিডিয়াৰো চৰ্চাৰ তুংগত অৰ্চিতা ফুকন৷ দেশৰ প্ৰতিষ্ঠিত আৰু বিশ্বাসযোগ্য সংবাদ প্ৰতিষ্ঠান-সংবাদপত্ৰ ক্ৰমে আনন্দবজাৰ পত্ৰিকা, নিউজ ১৮, হিন্দুস্তান টাইম্ছ, মানিকণ্ট্ৰল, দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছ, ৱানইণ্ডিয়া, নিউজ২৮, বলীউড লাইফ, মিণ্ট, বিজিনেছ টুডে, ঝুম বাংলা নিউজত বিগত দুদিনত অৰ্চিতাৰ বাতৰি বিদ্যমান৷ য’ৰ একাধিক বাতৰিত কোৱা হৈছে, ২৫ লাখ টকা ‘ক্ষতিপূৰণ’ দি অৰ্চিতাই ত্যাগ কৰিবলৈ সক্ষম হৈছিল বেশ্যালয়৷ অৱশ্যে সেই টকা তেওঁ কাক দিছিল, কিয় দিছিল তাৰ বিশদ তথ্য নাই৷
যদিহে অৰ্চিতাৰ শৰীৰি বিভংগ চাই আপ্লুত হৈ থকাসকলে ‘ফেক্টনেষ্ট মিডিয়া’ নামৰ ৱেবছাইটটোৰ তথ্য বিশ্বাসত লয়, তেন্তে অৰ্চিতাৰ আছিল এক ক’লা জীৱনৰ ইতিহাস৷ তাত অৰ্চিতাই নিজৰ জীৱনৰ প্ৰতিখিলা পাত এখন এখনকৈ খুলি গৈছে স্কুলীয়া জীৱনৰ পৰা আমষ্টাৰডামৰ বিশ্বখ্যাত ‘ৰেড লাইট ডিষ্ট্ৰিক্ট’ ডি ৱালেনত প্ৰৱেশ কৰালৈকে– য’ত উত্তেজক শৰীৰৰ অধিকাৰী অৰ্চিতা আছিল এগৰাকী আকৰ্ষণীয় ‘টেম্পট্ৰেছ’ অথবা যৌনকৰ্মী৷ অৱশ্যে অৰ্চিতাৰ সেই ‘জীৱনী’ ইচ্ছাকৃতভাৱে সৃষ্টি কৰা আন এক ‘ইল্যুছন’ নে সত্য কাহিনী, সেয়া প্ৰমাণ কৰাৰ উপাই এতিয়াও নাই৷
সেই কাহিনী অনুসৰি অৰ্চিতাৰ জন্ম ১৯৯৫ চনৰ ৯ ফেব্ৰুৱাৰীত অসমৰ এখন চহৰত৷ তেওঁ নিজকে ব্ৰাহ্মণ কন্যা বুলিও তাত দাবী কৰিছে৷ শৈশৱত অৰ্চিতাই মাতৃৰ হাতত ধৰি শাস্ত্ৰীয় নৃত্যও শিকিছিল, য’ত তেওঁৰ মাতৃ আছিল কৰিঅ’গ্ৰাফাৰ আৰু অৰ্চিতা লীড ডান্সাৰ৷ তেওঁ পঢ়িছিল লিটল ফ্লাৱাৰ স্কুল আৰু একাডেমীত৷ প্ৰসংগতঃ এই দুয়োখন স্কুলেই আছে ড্ৰিব্ৰুগড়ত৷ পাছত তেওঁ গুৱাহাটীত পঢ়া-শুনা কৰে আৰু ২০১৩ত দিল্লীলৈ যায়৷ দিল্লীৰ সমীপৱৰ্তী পলৱালত ‘কলেজ অৱ টেকন’লজী এণ্ড মেনেজমেণ্ট’ত নামভৰ্তি কৰিলেও ইঞ্জিনিয়াৰিঙৰ শিক্ষা ৩ বছৰতে এৰি অৰ্চিতা ‘ড্ৰপ আউট’ হয়৷ ইয়াৰ পাছতে তেওঁ প্ৰৱেশ কৰে মডেলিং জগতত৷ ২০১৫ত কিছুমান ভুল সিদ্ধান্ত আৰু বিশ্বাসভংগৰ ঘটনাই তেওঁক প্ৰথমে অৱসাদ আৰু পাছত অন্ধকাৰ জগতলৈ লৈ যায়, য’ত তেওঁৰ পৰিচয় আছিল এগৰাকী ‘এছকৰ্ট’ অথবা সহজ অৰ্থত বাৰবণিতা৷ মুম্বাইত এগৰাকী কলগাৰ্ল হিচাপে কটোৱা অসহনীয় জীৱনৰ পৰা অৰ্চিতাই মুক্তিলাভ কৰে আমষ্টাৰডামৰ ৰেড লাইট ডিষ্ট্ৰিক্টৰ এগৰাকী ‘মেডাম’ৰ পৰা অহা এটা ‘ছাৰপ্ৰাইজ’ কলত৷ অৰ্চিতাৰ দাবী– তেওঁ ইতিমধ্যে ইনষ্টাগ্ৰামত মডেলিঙৰ ফটোৰে বহু অনুৰাগীৰ সৃষ্টি কৰিছিল আৰু ডি ৱালেনৰ এগৰাকী ‘মেডাম’ৰ পৰা অহা ‘কল’ৰ সূত্ৰ আছিল সেই ইনষ্টাগ্ৰামেই৷ ‘স্কাইপ’ত কৰা এটা ‘কল’ৰ দ্বাৰা মেডামে জনোৱা আমন্ত্ৰণ গ্ৰহণ কৰি অৰ্চিতাই আমষ্টাৰডামৰ ‘ৰেড লাইট ডিষ্ট্ৰিক্ট’ ডি ৱালেনত প্ৰৱেশ কৰিছিল পুনৰ এগৰাকী বাৰবণিতাৰ ৰূপত৷ যৌনকৰ্মীৰ সেই অসহনীয় জীৱনৰ পৰাও বহু কষ্টেৰে বগুৱা বাই অৰ্চিতা ওলাই আহিছিল আৰু প্লেবয় আলোচনীৰ ‘লঁজাৰি’ মডেল প্ৰতিযোগিতাত ২০২৩ত শীৰ্ষৰ পঞ্চম স্থানত প্ৰৱেশ কৰিছিল৷ ‘ফেক্টনেষ্ট মিডিয়া’ত অৰ্চিতাৰ কাহিনী ইমানতে সামৰণি পৰিছে, যাৰ সত্যতা বিচাৰ কৰা এতিয়াও সম্ভৱ হোৱা নাই৷ যদিহে বহুতে দাবী কৰাৰ দৰে অৰ্চিতা শৰীৰি নহয়, এআইৰ সৃষ্ট এক ছ’চিয়েল মিডিয়াৰ পৰা ধন অৰ্জনৰ আহিলাহে, তেন্তে এই কাহিনী এদিন তেওঁৰ ‘শেষ কাহিনী’ৰ ‘প্ৰিলুড’ হিচাপে প্ৰতীয়মান হ’ব৷ এতিয়া অপেক্ষাৰ গত্যন্তৰ নাই৷