Logo
image

এটা অদ্ভুত জনগোষ্ঠী, পৰিয়ালৰ সদস্যৰ মৃতদেহ সাচি ৰাখে নিজৰ ঘৰত

আমাৰ অসম, ২৭ এপ্ৰিলঃ আধুনিক সভ্যতাৰ যুগতো এইখন পৃথিৱীত এনে কিছুমান জনগোষ্ঠী আছে যি জনগোষ্ঠীসমূহে আজিও তেওঁলোকৰ প্ৰাচীন পৰম্পৰা ত্যাগ কৰিব নোখোজে৷ এনে এক জনগোষ্ঠী হৈছে ইণ্ডোনেছিয়াৰ চুলাওয়েচিৰ টোৰাজা জনগোষ্ঠী৷  আচৰিত যে এই জনগোষ্ঠীটোৱে পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু ঘটিলে শেষকৃত্য সম্পন্ন নকৰি প্ৰাণহীন দেহটো নিজৰ ঘৰত সংৰক্ষণ কৰি ৰাখে৷ তেওঁলোকৰ মতে ‘কোনো মানুহৰ মৃত্যু ঘটিব পাৰে৷ কিন্তু তথাপি তেওঁলোক আমাৰ জীৱনৰ অংগ৷’ আচৰিত যে এই জনগোষ্ঠীটোৰ দৈনন্দিন জীৱন-ধাৰণৰ প্ৰণালীও আধুনিক সভ্যতাৰ সৈতে নিমিলে৷ মৃত সদস্যৰ প্ৰাণহীন দেহ ঘৰৰ  ভিতৰত সংৰক্ষণ কৰি ৰখাৰ লগতে নিজে দুবেলা-দুমুঠি খোৱাৰ সময়ত মৃতদেহটোকো খাদ্য আগবঢ়ায়৷ তেওঁলোকৰ মতে, এনে নকৰিলে মৃতকৰ আত্মাই কষ্ট পায়৷ তদুপৰি প্ৰতিবছৰে এই জনগোষ্ঠীটোৱে ‘মানেনে’ নামৰ এটা অদ্ভুত উৎসৱ পালন কৰে৷ উক্ত উৎসৱত জনগোষ্ঠীটোৰ লোকসকলে নিজৰ পৰিয়ালৰ সদস্যসকলৰ লগতে মৃতকৰ প্ৰাণহীন দেহটো বাহিৰলৈ উলিয়াই আনি দিবালোকত ফুৰাই আনে৷ ইয়াাৰ পাছতে কংকালসদৃশ দেহটোক সজাই-পৰাই পুনৰ ঘৰৰ পূৰ্বৰ স্থানলৈ ওভতাই নিয়ে৷ জনগোষ্ঠীটোৰ এই পৰম্পৰা এহেজাৰৰো অধিক বছৰৰ পুৰণি যদিও আজিও পালন কৰি থকা হৈছে৷