
আদানিক মাটি দিয়াৰ বাবেই এই উচ্ছেদ! অখিল
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জুলাইঃ উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰব হৈ উঠিল ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ৷ শনিবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়–হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে উচ্ছেদ৷ কিবা প্ৰকল্পৰ বাবে যদি সঁচাকৈ মাটি লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ লগত কথা পাতি উচ্ছেদিতৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰক বা আঁতৰি যাবলৈ কওঁক৷ কিন্তু চৰকাৰখনে অমানবীয়তাৰে উচ্ছেদ চলাইছে৷ আদানি গ্ৰুপক ভূমি দিবলৈ গোৱালপাৰা-ধুবুৰীত উচ্ছেদ চলোৱা হৈছে৷ উচ্ছেদক ভোট লোৱাৰ আহিলা হিচাপে লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ উচ্ছেদ কৰাৰ পাছত হিন্দুৱে ভোট দিব বুলি ভাবিছে মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যত ধৰ্মীয় উত্তেজনাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে উচ্ছেদ চলাই থকা হৈছে৷ উচ্ছেদত সৰ্বহাৰা হৈ ফাইজুল নামৰ এজন লোকে আত্মহত্যা কৰিছে৷ মানুহজন যদি বাংলাদেশী হ’লহেঁতেন তেওঁ আত্মহত্যা কৰাৰ চেষ্টা কৰাৰ পৰিৱৰ্তে বাংলাদেশলৈ গুচি গ’লহেঁতেন৷
অন্য ঠাইত বিকল্প সংস্থাপন নোহোৱা বাবে তেওঁ আত্মহত্যাৰ চেষ্টা কৰিছে৷ এইটোৰ পৰা শিক্ষা লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাইকানৰ উচ্ছেদ বন্ধ কৰিব লাগে৷ উচ্ছেদটোক ৰাজনৈতিক হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰিছে চৰকাৰখনে৷ মুছলমানক উচ্ছেদ কৰিলে হিন্দুৱে ভাল পাই বিজেপিক ভোট দিব– এইটো হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদৰ ভিতৰৰ দৰ্শন৷ এই উচ্ছেদ অসমীয়াৰ স্বাৰ্থত কৰা উচ্ছেদ নহয়৷ এই উচ্ছেদ অসমীয়াক সাম্প্ৰদায়িক ধৰ্মীয় বিভাজনৰে লিকলিকাই দিবৰ কাৰণে, হুৰহুৰাই দিবৰ কাৰণে, ধৰ্মীয় উত্তেজনাৰ সৃষ্টি কৰিবৰ কাৰণে উচ্ছেদ৷ ইয়াৰ বাহিৰে আন একো নহয়৷ ইয়াত কোনো ৰাজনৈতিক তাৎপৰ্য নাই৷ এই উচ্ছেদৰ ডাঙৰ তাৎপৰ্য এইটোৱে যে এই মাটি অসমৰ খিলঞ্জীয়া মানুহক নিদিয়ে, অসমৰ মানুহক নিদিয়ে৷ এই মাটিখিনি দিব আদানিক৷ এই উচ্ছেদৰ মূল লক্ষ্য হ’ল হিমন্ত বিশ্ব শৰ্মাই ভোট লাভ কৰা, এই উচ্ছেদৰ মূল লক্ষ্য হ’ল অসমৰ মাটি সম্পত্তি কৰ্পোৰেট গোষ্ঠীক গোটাই দিয়া৷ এই উচ্ছেদৰ মূল লক্ষ্য হ’ল আদানিৰ দৰে মানুহৰ আশীৰ্বাদ লাভ কৰি নিজৰ গাদী ৰক্ষা কৰা৷ আজি আদানিক মাটি দিলে হিমন্ত বিশ্বৰ কেৰিয়াৰ ভাল হ’ব৷ অসমৰ ৰাজনীতিৰ পৰা তেওঁ ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যাব পাৰিব৷ তাৰ কাৰণে অসমৰ হাজাৰ হাজাৰ মানুহৰ ঘৰ উচ্ছেদ কৰি দিয়া হ’ব–এই কথা মানি ল’ব নোৱাৰি৷ বিধায়ক গগৈয়ে উচ্ছেদিত লোকক ক্ষতিপূৰণ, পুনৰ সংস্থাপন দিয়াৰো দাবী জনায়৷