
বিনা পইচাত ইমান কাম! সাংসদ পদক লৈ বিৰক্ত কংগনা
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ জুলাইঃ এম পি হোৱাটো সহজ নহয়, বহুত পৰিশ্ৰম কৰিব লাগে৷ বলীউডৰ অভিনেত্ৰীৰ পৰা লোকসভাৰ সাংসদ হোৱা বিজেপিৰ নেত্ৰী কংগনা ৰাণাৱটৰ এই মনোভাৱ আৰু মন্তব্যই দেশত আলোড়ন তোলাৰ লগতে বিজেপিৰ শীৰ্ষ মহলক আচৰিত কৰি তুলিছে৷ হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা এবছৰৰ পূৰ্বে বিজেপিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ অহা বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱতে সাংসদৰ পৰিশ্ৰম দেখি আতংকিত হৈ পৰিছে৷ তেওঁ সাংসদৰ দৰমহাৰ পৰিমানতো অসন্তুষ্ট৷ কংগনা ৰানাৱতে শেহতীয়াকৈ এই সন্দৰ্ভত কৰা একাধিক ৰাজহুৱা মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কংগনা ৰানাৱতে কয়, তেওঁ ভাবিছিল, তেনেই সাধাৰণভাৱেই ৰাজনীতি কৰিব পাৰি৷
খুউব বেছি মগজ খটোৱাৰ বা পৰিশ্ৰম কৰাৰো দৰকাৰ নাই৷ কিন্তু ক্ৰমশঃ তেওঁ বুজিব পাৰিছে, তেওঁৰ ধাৰণা ভুল৷ ৰাজনীতিত যথেষ্ট সময় দিবলগীয়া হয়৷ কংগনাই কয়–‘মই ভবা নাছিলো, ইমান পৰিশ্ৰম কৰিব লাগিব৷ মোক যেতিয়া প্ৰস্তাৱ দিয়া হৈছিল, তেতিয়া জনোৱা হৈছিল, ৬০-৭০ দিন সংসদত উপস্থিত থাকিলেই হ’ব৷ বাকী দিনবোৰত নিজৰ কাম কৰিব পাৰিম৷ তেতিয়া শুনি কথাটো ভালেই লাগিছিল৷ এতিয়া দেখিছো কামেই কাম৷ যথেষ্ট সময় দিবলদীয়া হয়৷ নলা, পথ পৰিষ্কাৰ কৰাৰ সমস্যা লৈয়ো মানুহ মোৰ ওচৰলৈ আহে৷ সেইবোৰ মোৰ কাম নহয়৷ বানপানীত সাহায্য দিব পৰাকৈ মোৰ সাংসদ পুঁজিত সিমান ধন নাই৷’
কংগনা ৰানাৱতৰ এই মন্তব্য শুনি হিমাচল প্ৰদেশৰ মন্ত্ৰী জগত সিং নেগীয়ে কৈছে, তেওঁৰ যদি ৰাজনীতি কৰি আমনি লাগিছে বা তেনে সেৱা কৰিবলৈ অক্ষম, তেন্তে তেওঁ অবিলম্বে পদত্যাগ কৰক৷