
উচ্ছেদিতৰ ৰুদ্ৰমূৰ্তি, ৰক্তাক্ত পাইকান
‘আমাৰ অসম’ৰ কৃষ্ণাইৰ প্ৰতিবেদক, ১৭ জুলাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান বনাঞ্চলৰ বেতবাৰী আৰু বিদ্যাপাৰাত পুৱা উচ্ছেদিত লোকৰ সৈতে আৰক্ষী আৰু বনৰক্ষী সতে হোৱা এক সংৰ্ঘষত ৰক্তাক্ত পৰিবেশ সৃষ্টি হয়৷ ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে তিনি আৰক্ষী বিষয়াসহ ২০ বন ৰক্ষী আহত হয়৷ ঘটনাত নিহত হোৱা লোকজন ছাকুৱাৰ হুছেইন বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ কৃষ্ণাই বন বিষয়া সহিতে বন কৰ্মী তথি বনৰক্ষী আৰু আৰক্ষীৰ দল এটা লৈ পুৱাই পাইকান সংৰক্ষিত বনাঞ্চলৰ বেতবাৰী আৰু আশুডুবী সংযোগী পথটো খান্দি উচ্ছেদিত পাইকান বনাঞ্চলৰ লগত যোগাযোগ বিচিন্ন কৰিবলৈ যাওঁতেই এই ভয়ংকৰ ঘটনা সংঘটিত হয়৷ উচ্ছেদৰ পিছতো একাংশ লোকে বন বিভাগৰ বাধাৰ পিছতো বনাঞ্চল এৰা নাছিল বৰঞ্চ তেওঁলোকে বনাঞ্চলতে অস্থায়ীভাৱে বসতি আৰম্ভ কৰিছিল৷ বৃহস্পতিবাৰে পুৱা বনৰক্ষীৰ দলে পথটো খান্দি যোগাযোগ বিচিন্ন কৰাৰ পিছতে শতাধিক উচ্ছেদিত লোকে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি বনৰক্ষীৰ দলটোক যাঠি-জোং, পাথৰ আৰু ভঙা বটলৰে আক্ৰমণ কৰি দলটোক খেদি পঠিয়ায়৷ বনৰক্ষীৰ দলটো উচ্ছেদিত লোকৰ হাতত পৰা প্ৰাণ বচাবলৈ অৱশেষত গুলীচালনা কৰিব লগা হয় আৰক্ষীয়ে৷ ইতিমধ্যে পাথৰ আৰু ভঙা বটলৰ আক্ৰমণত প্ৰায় ২জন আৰক্ষী বিষয়া ২০ জন বনৰক্ষী আহত হয়৷ ঘটনাই ভয়ংকৰ ৰূপ লোৱাত বনৰক্ষীৰ দলটো গুলীচালনাত কৰিব লগা হয় আৰু বনৰক্ষীৰ গুলীত এজন থিতাতে নিহত হোৱাৰ লগত আন এজন গুৰতৰভাৱে আহত হয়৷ ঘটনাৰ ভয়াবহতা দেখি আৰক্ষীয়ে সেই স্থান পৰিত্যাগ কৰি বিদ্যাপাৰালৈ গৈ থাকতে পুনৰ দুই শতাধিক লোকে অইন এটা স্থান বটল আৰু পাথৰৰে আক্ৰমণ কৰে এই আক্ৰমণত উপ আৰক্ষী অধীক্ষক অভিলাশ বৰুবা, কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণকাম বৰদলৈ, কৃষ্ণাই থানাক সহকাৰী পৰিদৰ্শক সীমা চেত্ৰী, আৰক্ষীৰ জোৱান জহিদুল ইচলাম আৰু বন্দীতা বৈৰাগীও আহত হয়৷ ইফালে উত্তপ্ত পৰিস্থিতিৰ মাজতে ঘটনাৰ খবৰ পাই জিলা আয়ুক্ত প্ৰদীপ টিমুং, অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ আই জি পি অখিলেশ কুমাৰ সিং, পশ্চিম অসম সংমণ্ডলৰ ডি আই জি বিজয় কুলিগামৰ লগতে কেবাজনো শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ নিশালৈ উত্তেজনাৰ শাম কাটিছে যদিও অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে৷ উচ্ছেদিতসকলক পাইকাই সংৰক্ষিত বনাঞ্চলৰ পৰা খেদি পঠোবা হৈছে৷ এতিয়াৰ পৰা কোনো উচ্ছেদিত লোকে বন বিভাগৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰিলে বন আইন অনুসৰি গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনাইছে বন বিভাগে৷
বিদ্যালয়ত অগ্নিসংযোগ
উচ্ছেদিত লোকে বনৰক্ষী আৰু আৰক্ষীক আক্ৰমণ কৰি ক্ষান্ত নাথাকি পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰাত থকা দুখনকৈ বিদ্যালয় আৰু এখন অংগনবাড়ী কেন্দ্ৰত অগ্নি সংযোগ কৰে৷ বিদ্যালয়ৰ খনতে বন ৰক্ষীসকলে কেম্প স্থাপন কৰি বাহৰ পাতি আছিল৷ সেই কাৰণে উচ্ছেদিত লোকে বিদ্যালয়কেইখনত অগ্নি সংযোগ কৰে৷ অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমাবলৈ সক্ষম৷ আনহাতে উত্তপ্ত পৰিস্থিতিৰ মাজতে আমছু আৰু ছাত্ৰ মুক্তি সংগ্ৰামত সমিতিৰ একাংশ লোকে বিদ্যাপাৰাত প্ৰৱেশ পথত প্ৰতিবাদ সাব্যস্ত কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত আৰক্ষী লাঠি চালনা কৰে৷ ইফালে পৰিস্থিতি যাতে আৰু ভয়ংকৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া তোলা হৈছে৷ আৰক্ষীৰ কেইবাটাও বেটেলিয়নৰ লগতে আৰক্ষী কামাণ্ড, চিআৰপিএফ জোৱানৰ লগতে ৰেপিট একচৰ ফৰ্চ জোৱান মতায়েন কৰা হৈছে উক্ত স্থানত৷ ৰেপিট একচন ফৰ্চৰে তদাৰক কৰিব পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ৷ ইফালে আজি আৰক্ষী-বনৰক্ষীক আক্ৰমণ কৰি আৰু বিদ্যালয়ত অগ্নিসংযোগ কৰাৰ অপৰাধত প্ত জনকৈ লোকক আটক কৰা হৈছে৷ জিলা আয়ুক্তজনে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি আৰক্ষীয়ে ভিডিঅ ফুটেজ চাই অপৰাধী সকলোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷ উচ্ছেদিতৰ আক্ৰমণৰ ঘটনাক লৈ গোৱালপাৰা জিলাৰ আয়ুক্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তেওঁ কয়– গোৱালপাৰাৰ পাইকানত উচ্ছেদৰ পাছতে তাৰ পৰা বেদখলকাৰীক সেই স্থান এৰিবলৈ প্ত দিন সময় দিয়া হৈছিল৷ প্ত দিন উকলি গ’ল৷ তদুপৰি প্ৰতিবাদ কৰিবলৈ ইমান মানুহ ক’ৰ পৰা আহিল? নি(য়কৈ বাহিৰৰ পৰা মানুহ আহিছে প্ৰতিবাদ কৰিবলৈ৷ এয়া নিশ্চিতভাৱে পৰিকল্পিত ঘটনা৷ এতিয়া বনাঞ্চলত সন্দেহযুক্ত লোকক দেখা পালেই আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷