
অসমত ১ কোটি প্ৰব্ৰজনকাৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৩ জুলাইঃ অসমত আছে এক কোটিৰো অধিক প্ৰব্ৰজনকাৰী মুছলমান৷৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত আছে এক কোটিৰো অধিক প্ৰব্ৰজনকাৰী মুছলমান৷ বুধবাৰে ডিব্ৰুগড়ত ২০১১ চনৰ লোকপিয়লৰ উদ্ধৃতি দি সাংবাদিকৰ আগত এই তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– অসমৰ ৩৪ শতাংশ জনসংখ্যা সংখ্যালঘু৷ ইয়াৰ পৰা ৩ শতাংশ খিলঞ্জীয়া মুছলমান যদি আঁতৰ কৰা হয় তেনেহ’লে ৩১ শতাংশ মুছলমানেই প্ৰব্ৰজনকাৰী৷ যদি সেইটো ২০২১, ২০৩১ আৰু ২০৪১ৰ বাবে ধৰি লোৱা হয় প্ৰব্ৰজনকাৰী মুছলমানৰ হাৰ প্ৰায় ৫০ঃ ৫০ হ’ব৷ এইটো মই ধৰি লোৱা তথ্য নহয়৷ এইটো হৈছে পৰিসংখ্যাৰ তথ্য৷
২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত বাংলাদেশীমূলৰ মূল্যায়নৰ সংখ্যা আছিল ৩১ শতাংশ৷ উচ্ছেদ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় ২০১১ চনৰ লোকপিয়লৰ মতে অসমত ৩৪ শতাংশ সংখ্যালঘু জনসংখ্যা আছিল৷ ইয়াৰে ৩ শতাংশ খিলঞ্জীয়া মুছলমানৰ বিপৰীতে ৩১ শতাংশই বাংলাদেশী মূলৰ মুছলিম প্ৰৱজনকাৰী৷ অৰ্থাৎ সংখ্যাৰ হিচাপত ২০১১ চনত অসমত বাংলাদেশী মূলৰ মুছলমান প্ৰব্ৰজনকাৰী সংখ্যা আছিল প্ৰায় ৩ কোটি ১২লাখ৷ অসমত কংগ্ৰেছ চৰকাৰৰ শাসনকালৰ পৰা অব্যাহত থকা বাংলাদেশী মুছলমানৰ জনসংখ্যা ৫০ শতাংশলৈ স্পৰ্শ কৰিব ২০৪১ চনলৈকে মুছলমান জনসংখ্যা ৫০ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ কথা সদৰি কৰিছে৷ ইফালে বেদখল প্ৰসংগক লৈয়ো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বৰ্তমান ২৯ লাখ বিঘা মাটি অবৈধ প্ৰৱজনকাৰীৰ বেদখলত থকাৰ তথ্য প্ৰকাশ কৰিছে৷ এই বৃহৎ পৰিমাণৰ মাটি বেদখলমুক্ত কৰাৰ পৰিকল্পনা কৰিলে মোৰ সমগ্ৰ জীৱনটো শেষ কৰিলেও সম্ভৱ নহ’ব৷ অৱশ্যে অসমত কংগ্ৰেছ চৰকাৰ দিনৰ পৰা বিভিন্ন স্থানত বেদখল কৰি আশ্ৰয় লৈ থকা বাংলাদেশী মূলৰ মুছলমানৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ ইংগিত প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অসমত প্ৰব্ৰজিত বাংলাদেশী মূলৰ জনসংখ্যা বৃদ্ধিৰ তথ্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উন্মোচিত কৰাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷