Logo
image

মৃত্যুৰে যুঁজি হাৰ মানিলে ছামিউলে, লগে লগে আটক অভিযুক্ত নন্দিনীও

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ জুলাইঃ  অৱশেষত জীৱন-মৃত্যুৰে যুঁজ দি নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে ২১ বছৰীয়া নলবাৰীৰ পলিটেকনিকৰ ছাত্ৰ ছামিউল হকে৷ অভিনেত্ৰী নন্দিনী কাশ্যপৰ হিট এণ্ড ৰানৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছামিউল হকক উন্নত চিকিৎসাৰ বাবে সোমবাৰে জিএমচিএইচৰ পৰা গুৱাহাটীৰ এপল’ হাস্পতাললৈ স্থানান্তৰ কৰিছিল যদিও মঙলবাৰে বিয়লিৰ ভাগত হাস্পতালৰ আইচিইউৰ   বিচনাতে শেষ নিশ্বাস ত্যাগ কৰে ছামিউলে৷ শুকুৰবাৰে পুৱতি নিশা অভিনেত্ৰী নন্দিনী কাশ্যপে তীব্ৰ বেগত এখন বলেৰ’ বাহন চলাই আহি মহানগৰীৰ কাহিলিপাৰাৰ দক্ষিণগাঁৱত জিএমচিৰ ষ্ট্ৰীট লাইট মেৰামতিৰ কাম কৰি নিজৰ স্কুটীৰে ঘৰমুখী হোৱা ছামিউল হকক সন্মুখৰ পৰা খুন্দা মাৰি শোকাৱহ দুৰ্ঘটনাটো সংঘটিত কৰিছিল৷ দুৰ্ঘটনাটো সংঘটিত কৰি পলায়নৰ চেষ্টা কৰা অভিনেত্ৰীগৰাকীক পাছত ৰাইজে আবদ্ধ কৰিবলৈ সক্ষম হৈছিল৷ এই হিট এণ্ড ৰানৰ ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় ৪ দিন উকলি যোৱাৰ পাছতো আহত যুৱকজনৰ এবাৰ খবৰ ল’বলৈ প্ৰয়োজনবোধ কৰা নাছিল ‘মতগৰ্বী’ অভিনেত্ৰী নন্দিনীয়ে৷ সংবাদ মাধ্যমৰ বাতৰিৰ পাছত সোমবাৰে নন্দিনীৰ পিতৃ আৰু পৰিয়ালৰ লোকে এপল’ হাস্পতালত উপস্থিত হৈ নিয়মমাফিক যুৱকজনৰ স্বাস্থ্যৰ বুজ লয় যদিও আকোঁৰগোজ অভিনেত্ৰীগৰাকীয়ে নিজেই হাস্পতাললৈ অহাৰ পৰিৱৰ্তে এইবৰ্ষত চুক্তিবদ্ধ হোৱা ‘ৰাজধানী’ থিয়েটাৰৰ নাটকৰ আখৰাতহে ব্যস্ত থাকে৷ নন্দিনী কাশ্যপে এবাৰো খবৰ ল’বলৈ আহৰি নোপোৱা ২১ বছৰীয়া যুৱকজনে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে৷ ৰাজ্য কঁপোৱা এই হিট এণ্ড ৰানৰ ঘটনাটোত প্ৰথমৰ পৰা ‘হাতদীঘল’ অভিনেত্ৰীগৰাকীক দিছপুৰ আৰক্ষীয়ে সুৰক্ষা দিবলৈ চেষ্টা কৰি অহাই নহয়, তদন্তকাৰী আৰক্ষীয়ে ইতিমধ্যে নন্দিনী কাশ্যপক ক্লীনশ্বীট দিয়া বুলিও খোদ অভিনেত্ৰীগৰাকীয়ে সোমবাৰে সংবাদ মাধ্যমৰ আগত দাবী কৰা দেখা গৈছিল৷ আনকি শুকুৰবাৰে পুৱতি নিশা ৩ বজাত দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত ঘটনাস্থলীৰ পৰা এজন শীৰ্ষ আৰক্ষী বিষয়ালৈ ফোন কৰি দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰাত আৰক্ষী বিষয়াজনে পিছদিনা বাহনসহ থানাত হাজিৰ হ’বলৈ পৰামৰ্শ দিয়াৰ কথাও উল্লেখ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল নন্দিনী কাশ্যপে৷ সোমবাৰে সাংবাদিকক আৰক্ষী বিষয়াৰ পৰামৰ্শ মতে পিছদিনাই থানাত গাড়ীসহ উপস্থিত হোৱাৰ কথাও জানিবলৈ দিছিল নন্দিনী কাশ্যপে৷ কিন্তু নন্দিনীৰ এই দাবীৰ বিপৰীতে ঘটনাৰ চাৰিটা দিনৰ পাছতহে দিছপুৰ আৰক্ষীয়ে এজন যুৱকৰ প্ৰাণ কাঢ়ি নিয়া নন্দিনীয়ে চলোৱা বলেৰ’ বাহনখন জব্দ কৰাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ সাধাৰণ ব্যক্তিয়ে দুৰ্ঘটনা বাদেই,  ন’ পাৰ্কিঙত গাড়ী ৰাখিলেই আৰক্ষীয়ে ক্ৰেন লগাই বাহনখন থানালৈ টানি আনে যদিও এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰাৰ ৪ দিনৰ পাছতহে নন্দিনী কাশ্যপৰ বাহনখন জব্দ কৰাত মহানগৰ আৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷


অৱশ্যে, মঙলবাৰে বিয়লি এপল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত ছামিউল হকৰ মৃত্যু হোৱাৰ খবৰ প্ৰচাৰৰ পাছতেই ৰাজধানী থিয়েটাৰৰ প্ৰযোজক গোষ্ঠীয়ে অভিনেত্ৰী নন্দিনী কাশ্যপৰ সৈতে দুবছৰীয়া চুক্তি বাতিল কৰিছে৷ ইফালে মঙলবাৰে ৰাজধানী থিয়েটাৰৰ আখৰাস্থলীৰ পৰা আত্মগোপনৰ চেষ্টা চলোৱাৰ সময়তে মান্দাকাটাৰ পৰা দিছপুৰ আৰক্ষীয়ে আটক কৰে অভিনেত্ৰী নন্দিনী কাশ্যপক৷ হিট এণ্ড ৰানৰ ঘটনাত ছামিউলৰ মৃত্যু হোৱাত অভিনেত্ৰী নন্দিনী কাশ্যপক এতিয়া আৰক্ষীয়ে নতুন ধাৰা আৰোপ কৰি গ্ৰেপ্তাৰ কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো নন্দিনী কাশ্যপৰ এই ঘটনাটো যেন প্ৰায় ৪ বছৰ পূৰ্বে গুৱাহাটী ৰাজপথত সংঘটিত মডেল ৰাজকন্যা বৰুৱাৰ হিট এণ্ড ৰানৰ ঘটনাৰে  এক পুনৰাবৃত্তি৷ ২০২১ চনৰ ২ অক্টোবৰৰ মাজনিশা ১ বজাত মহানগৰীৰ ৰুক্মিণীগাঁৱত পথ নিৰ্মাণৰ কামত ব্যস্ত থকা জোছেফ মাৰাক নামৰ এজন শ্ৰমিকক খানাপাৰা তাজ হোটেলত পাৰ্টী কৰি মডেল ৰাজকন্যা বৰুৱাই তীব্ৰ বেগত চলাই অহা বিলাসী বাহনেৰে খুন্দিয়াই থৈ গৈছিল৷ এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত শ্ৰমিকজনে পাছত জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটিবলগীয়া হৈছিল৷ প্ৰথম অৱস্থাত দিছপুৰ আৰক্ষীয়ে মডেল ৰাজকন্যা বৰুৱাক জামিনত মুক্তি দিছিল যদিও ইয়াক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া হোৱাত দিছপুৰ আৰক্ষীয়ে নতুনকৈ এজাহাৰ দাখিল কৰি ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল৷ আনকি ৰাজকন্যা বৰুৱাক জামিন দিয়াৰ অভিযোগত তদন্তকাৰী বিষয়াক নিলম্বন কৰাৰ লগতে ৰাজকন্যাক সুৰক্ষা দিয়াৰ অভিযোগত মহানগৰীৰ এখন নাৰ্ছিংহোমৰ এজন চিকিৎসকো আৰক্ষীৰ ৰোষত পৰিছিল৷ আনহাতে, ক’ভিডৰ মাজতে তাজ হোটেলত মডেল ৰাজকন্যাই অংশ লোৱা উক্ত নৈশ পাৰ্টীটোত উপস্থিত থকাৰ অভিযোগত কামৰূপ মহানগৰ জিলাৰ তদানীন্তন উপায়ুক্তজনকো বদলি কৰা হৈছিল৷ তাৎপৰ্যপূৰ্ণভাৱে দিছপুৰ আৰক্ষীয়ে দ্বিতীয়বাৰ দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৩২৫/৩৯৪/৪২৭/৫০৬ ধাৰা আৰোপ কৰি ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ প্ৰায় ৭০ দিন কাৰাগাৰত থকাৰ পাছত জামিন লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজকন্যাই৷ মডেল ৰাজকন্যা বৰুৱাৰ হিট এণ্ড ৰানৰ ঘটনাটোৰ দৰে একেখন দিছপুৰ থানাৰ অধীনৰ এলেকাতে সংঘটিত নন্দিনী কাশ্যপৰ হিট এণ্ড ৰানৰ ঘটনাটোৰ সম্পূৰ্ণ মিল আছে যদিও কিয় আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ পৰা ৰেহাই দিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ আনকি দিছপুৰ আৰক্ষীয়ে দুৰ্ঘটনাটোৰ সন্দৰ্ভত নন্দিনী কাশ্যপৰ বিৰুদ্ধে কি কি ধাৰা আৰোপ কৰিছে, সেই তথ্যও ৰাজহুৱা নকৰাতৈ আৰক্ষীয়ে যে অভিনেত্ৰীগৰাকীক সুৰক্ষা দিছে সেয়া স্পষ্ট হৈ পৰিছে৷ অৱশ্যে, ছামিউল হকৰ মৃত্যুৰ পাছতেই বিভিন্নজনে এটা নাও বুৰিলেও টিঙৰ পৰা নামিব নিবিচৰা অভিনেত্ৰী নন্দিনী কাশ্যপক নতুন ধাৰা আৰোপ কৰি হ’লেও গ্ৰেপ্তাৰৰ দাবী জনোৱা দেখা গৈছে৷