Logo
image

অলপ ভাল কথাও ভবা উচিত

লিও টলষ্টয়ে কৈছিল– ‘জীৱনৰ নিভৃততম অৰ্থ হৈছে  মানুহক সেৱা কৰা’৷ কিন্তু আজিৰ পৃথিৱীত মানুহে মানুহক সেৱা কৰা দূৰৈৰে কথা ইতৰ জীৱ-  জন্তুতকৈ নিকৃষ্ট ব্যৱহাৰ কৰাটো আৰম্ভ হৈছে৷ পৰস্পৰৰ মাজত যিবোৰ দেখিছো হয়তো জীৱ-জন্তুয়েও স্বস্তিৰ নিশ্বাস পেলাইছে যে সিহঁত মানু্‌হ হৈ জন্ম নাপালে৷ 

কিছুমান অহেতুক অভিপ্ৰায়ৰ বশৱৰ্তী হৈ মানু্‌হ ইমানেই উন্মাদ হৈ পৰিছে যে মানুহে নিজৰ ধৰ্ম কেতিয়াবাই পাহৰিছে৷ নিজৰ পৰিচয় পাহৰি পেলাইছে৷ পুত্ৰই পিতৃ-মাতৃক পাহৰিছে, পিতৃ- মাতৃয়ে পুত্ৰক পাহৰিছে৷ শিষ্যই গুৰুক, শাসকে প্ৰজাক, ভ্ৰাতৃয়ে ভগ্নীক৷ এটা ঘৃণাৰ পৰিৱেশ বিয়পি পৰিছে৷ আদৰ, মৰম, সহিষ্ণুতা কটোৱেই দেখিবলৈ পোৱা নাযায়৷ বিদ্বেষৰ ডাৱৰে আবৰি পেলাইছে সমাজ, পৰিয়াল, ৰাজ্য, দেশ  সকলো৷  অজানিতে নেতাৰ লালসাৰ বলি হ’ব লগা হৈছে প্ৰজা৷ মন্ত্ৰমুগ্ধ জনতাই নেতাৰ অভিলাষ পূৰণ কৰিবৰ বাবে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু হৈছে৷  প্ৰলোভন আৰু মিথ্যাচাৰেৰে জনতাৰ বিবেকক নেতাই যেনেকৈ পাৰে তেনেকৈ পৰিচালিত কৰিছে৷ ক্ষমতাৰ ৰাগীত বিদ্বেষ আৰু ভেদাভেদৰ বিষ জনতাৰ মগজুত এনেকৈ সুমুৱাই দিয়া হৈছে যে যাৰ মায়াজাল ফালি জনতাই নিজকে মুক্ত কৰিবলৈ, নিজৰ বিবেক বুদ্ধিক ব্যৱহাৰ কৰিবলৈ অপৰাগ হৈ পৰিছে৷ এক প্ৰকাৰে পংগু হৈ পৰিছে জনতা আৰু জনতাৰ চিন্তাধাৰা, যাৰ সুবিধা চতুৰ নেতাই কেনেকৈ গ্ৰহণ কৰিব লাগে ভালদৰেই জানে৷

ঘৃণা হৈছে এনে এটা সামাজিক ব্যাধি যি যুদ্ধৰ পৰিণতিতকৈ ভয়ানক৷ যুদ্ধ শেষ হৈ যোৱাৰ পিছত সকলো ছাঁই হৈ মিলি যায় কিন্তু ঘৃণা যুগে যুগে বৰ্তি থাকে৷ ঘৃণাই মানুহক অমানু্‌হ কৰি তোলে৷ যেতিয়া ঘৃণাই হিংস্যা, যুদ্ধ আৰু অত্যাচাৰৰ ৰূপ লয় তেতিয়াই মানৱীয়তাৰ অন্ত পৰে৷   আৰম্ভ হয় এখন পশুৰ সমাজ য’ত প্ৰকৃতিৰ কোনো নিয়ম নাথাকে৷

যদিও আজিৰ যুগত ধন সম্পদ ক্ষমতা মানৱ জীৱনৰ ঘাই উপাদান হৈ পৰিছে, ধন আৰু ক্ষমতা কিন্তু সদায় নাথাকে৷ এটা সময়ত ক্ষমতা আৰু ধনৰ প্ৰয়োজন শেষ হয়৷ আচল কথাটো হৈছে মানুহে আপোনাক কেনেকৈ মনত ৰাখিব সেইটো৷ কাৰণ মৃত্যু অনিবাৰ্য৷ কিন্তু মৃত্যুকো জয় কৰিব পাৰি৷ বিশ্বত বহু লোকে মৃত্যু জিনি অমৰ হৈছে৷  ধৰ্ম, জাতপাত তেনেই অদৰকাৰী কথা৷ দৰকাৰী কথা হৈছে মানু্‌হ হিচাপে কিদৰে নিজকে প্ৰতিষ্ঠা কৰিছে সেইটোহে৷ নিজকে প্ৰতিষ্ঠা কৰিবলৈ বহুত শিক্ষা, ধন আৰু ক্ষমতা নালাগে৷ বিশ্বৰ বৰেণ্য বহু লোকৰ  আনুষ্ঠানিক শিক্ষা আছিল তেনেই কম৷ কিন্তু জ্ঞান আছিল সাগৰৰ দৰে গভীৰ৷

এই যে ৰাজনীতি, ই আচলতে বহু মানুহক অমানু্‌হ কৰি তুলিছে৷ ৰাজনীতিৰ পৰা উদ্ভৱ হৈছে হিংসা, বিদ্বেষ, অসহিষ্ণুতা, অহংকাৰ, লালসা আদি৷ বহু কম ৰাজনৈতিক নেতা ওলাব যিয়ে ৰাজনীতিৰ ঊৰ্ধত থাকি মানু্‌হ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে৷ ৰাজনীতিৰ মেৰপেচত পৰি লোভ আৰু লালসাই বৰ্তমান সময়ত মানুহৰ বিবেক আৰু জ্ঞান  ক্ৰমান্বয়ে হ্ৰাস কৰিব ধৰিছে৷ যাৰ পৰিণতিত বৃদ্ধি পাইছে ক্ষোভ আৰু ভেদাভেদ৷ ই জীৱনৰ সুন্দৰ চিন্তাক দৈনিক আঘাত হানিব ধৰিছে৷

মানুহৰ চিন্তাৰ স্তৰ বহু নিম্নগামী হ’ব লাগিছে৷  মানৱীয়তাৰ  গুণ হেৰুওৱা লোকেৰে সমাজ ভৰি পৰিছে৷ নাইকিয়া হৈছে পৰোপকাৰ৷ লোভ আৰু মোহত হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা মানুহেৰে সমাজ ভৰি পৰিছে৷ সেয়ে সংঘটিত হৈছে অধিক অপৰাধ৷ লোভ, ক্ষমতা আৰু কামনাই মানুহক এনেকৈ লালায়িত কৰিছে যে অপৰাধ কৰিবলৈ মানুহে ভয় নকৰা হৈছে৷ ই সমাজৰ বাবে বিনাশ মাতিব৷

ভাল জীৱনৰ চিন্তা কৰা মানু্‌হ কমিছে৷ ধনী, প্ৰভাৱশালী, ক্ষমতাশালী লোক হোৱাৰ চিন্তাত মানুহে ইটোৰ পিছত সিটো অপৰাধ অজানিতে কৰি যাব লাগিছে৷ আমাৰ সামাজিক পৰিৱেশো সেইদৰেই গঢ় লৈ উঠিছে৷ আহিব লগা দিনত এখন ভাল পৃথিৱী কল্পনা কৰাতকৈ এটা ধন-সম্পত্তিৰে ভৰা ঐচৰ্যশালী জীৱনৰ চিন্তাই মানুহক দৈনিক অসুখী কৰি তুলিছে৷ নিষ্ঠা, সততাৰে কাম কৰি জীৱন গঢ়া বা আনৰ বাবে, মানুহৰ বাবে, এই পৃথিৱীখনৰ বাবে কাম কৰাৰ প্ৰয়াস লাহে লাহে কমি আহিছে৷

ক্ষমতাশালী, অৰ্থবান, প্ৰভাৱশালী হৈও পৃথিৱীৰ বাবে, মানুহৰ বাবে কৰিব পৰা কাম বহুত আছে৷ এনে অৱস্থাত আৰু অধিক ভাল কাম কৰিবলৈ সুবিধা পোৱা যায়৷ কিন্তু এনে লোক আছে যি আচৰিত ধৰণে কেৱল নিজৰ বাবেহে কৰে৷ সমাজৰ বাবে একো নকৰে, যদিহে নিজৰ লাভ নহয়৷ ই এক প্ৰকাৰৰ ব্যাধি হৈ পৰিছে, যাৰ ফলত সমাজ-অৰ্থনীতি- ন্যায় সকলো পংগুু হৈ পৰিছে৷

তথাপি মানুহ লালায়িত৷ কেতিয়াবা হতাশ, কেতিয়াবা অপৰাধী হৈ পৰে৷ জীৱনটো কিদৰে জীয়াই থাকিব বিচাৰে সেই লৈ সন্ধিহান হৈ পৰে৷ আগলৈ চাব, নে পিছলৈ৷ বিচিত্ৰ এই জীৱন, বিচিত্ৰ এই জীৱনৰ মায়া৷