Logo
image

লখিমপুৰত উচ্ছেদৰ পৰা সাৰিবলৈ গেৰুৱা হ’ল ৩০০ সংখ্যালঘু

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ আগষ্টঃ   ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত উচ্ছেদ অভিযান চলি থকাৰ সময়তে লখিমপুৰতো একাধিক স্থানত উচ্ছেদ চলাৰ পিছত শেহতীয়াকৈ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত মাগনি পথাৰত উচ্ছেদ অভিযান চলিব লাগে বুলি বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছিল৷ তেনে সময়তে সোমবাৰে মাগনি পথাৰৰ তিনি শতাধিক লোকে উচ্ছেদৰ ভয়ত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰা কাৰ্যই সমগ্ৰ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ কেৱল এয়ে নহয় কালিৰ এই ঘটনাৰ পিছত  জিলাখনৰ বিভিন্ন দল-সংগঠনে আচৰ্য প্ৰকাশ কৰাৰ লগতে একাংশ লোকে সামাজিক মাধ্যমত ব্যাপক ৰূপত সমালোচনা কৰিছে৷ এইক্ষেত্ৰত ধনৰ লেন-দেন হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ উল্লেখ্য, সোমবাৰে জিলাখনৰ ন-কদম পঞ্চায়তৰ অন্তৰ্গত কুচিয়ামাৰীৰ সংখ্যালঘু বসতিপ্ৰধান গাঁওখনত বিজেপিৰ একাংশ নেতাই সভা অনুষ্ঠিত কৰি কেইবাশ সংখ্যালঘু লোকক গেৰুৱা দলটোত যোগদান কৰোৱায়৷ সোমবাৰৰ এই কাৰ্যসূচীত ন-কদম গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল দত্ত, ঠেঙাল কছাৰি স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য শিশুৰাম শইকীয়া, কদম আঞ্চলিক পঞ্চায়ৰ সদস্য দীপাংকৰ গগৈ, ন-কদম গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভানেত্ৰী হেমাৱতী পেগু দলে, ন-কদম আঞ্চলিক পঞ্চায়তৰ সদস্যা মণিপ্ৰভা গগৈৰ নেতৃত্বত এই লোকসকলে বিজেপিত যোগদান কৰা কাৰ্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখনীয় কথা যে সোমবাৰে যিসকল লোকে গেৰুৱা দলত যোগদান কৰে তেওঁলোকে বাস কৰি থকা চৰকাৰী ভূমি উচ্ছেদ কৰিব লাগে বুলি বিভিন্ন দল-সংগঠন আৰু স্থানীয় খিলঞ্জীয়া লোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল৷


তেনে সময়তে এইসকল বিশেষকৈ কাকৈ নদীৰ এৰাসুঁতিত চৰকাৰী ভূমিত বাস কৰা এইসকল লোকক উচ্ছেদৰ দাবী উঠি অহাৰ পিছত তেওঁলোক উচ্ছেদৰ আশংকাত শংকিত হৈ এনেদৰে বিজেপি দলৰ শৰণাপন্ন হয়৷ উল্লেখ্য, কুচিয়ামাৰি,মাগনি পথাৰ, কাকৈ নদীৰ এৰাসুঁতি আদিৰ লগতে বৃহত্তৰ বধাকৰা অঞ্চলত অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি বাস কৰি থকা সংখ্যালঘু লোকসকলে এনেদৰে বিজেপিত যোগদান কৰাৰ অন্তৰালত ৰাজনৈতিক সুৰক্ষা জড়িত হৈ আছে বুলি চৰ্চিত হৈছে৷ এক সূত্ৰই সদৰি কৰা অনুসৰি উচ্ছেদৰ ভয়ত এইসকল লোকে  সঘনাই বিজেপিৰ নেতা-পালিনেতাৰ লগত যোগাযোগ অব্যাহত ৰাখিছিল আৰু তেওঁলোকে এইসকলক লোকক ৰক্ষণাৱেক্ষণ দিয়াৰ আশ্বাস দিছিল৷ যাৰ ফলস্বৰূপে তেওঁলোকে সোমবাৰে গেৰুৱা দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ ইফালে বধাকৰাৰ ন-কদমত কেইবাশ সংখ্যালঘু লোকে বিজেপিত যোগদান কৰা সন্দৰ্ভত ন-কদম পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ নেতা প্ৰফুল্ল দত্তই আজি কয় যে উচ্ছেদৰ লগত দলত যোগদান কৰা কাৰ্যৰ কোনো সম্পৰ্ক নাই৷ এইসকল পুৰণা মানুহ আৰু তেওঁলোকৰ ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ সদস্য নিৰ্বাচিত হৈছিল যদিও ইয়াৰ গৰিষ্ঠসংখ্যক লোকে বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ  এনেদৰে বিজেপিত যোগদান কৰিছে৷ যিসকল লোকে দলত যোগদান কৰিছে তেওঁলোক পুৰণা মানুহ আৰু তেওঁলোকে কোনো চৰকাৰী ভূমিত বাস কৰা নাই৷