
বৰ্ণাঢ্য কাৰ্যসূচীৰে USTMতো ৭৯সংখ্যক স্বাধীনতা দিৱস উদযাপন
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ ভাৰতৰ ৭৯সংখ্যক স্বাধীনতা দিৱস উপলক্ষে USTM-এ বিশ্ববিদ্যালয়ৰ পৰিৱেশত দেশপ্ৰেমিক ভাৱনাৰে ডি.ডি. লাপাং ব্লক (এমেনিটি চেণ্টাৰ)ৰ প্ৰাংগণত পুৱা ৮.৩০ বজাত উত্তোলন কৰে ভাৰতৰ স্বাভিমান জাতীয় পতাকা। পতাকা উত্তোলন কৰে উপাচাৰ্য পদ্মশ্ৰী ডঃ সৰ্বেশ্বৰ চহৰিয়াই। পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে উপদেষ্টা ডঃ আৰ.কে. শৰ্মা, PIMC প্ৰিন্সিপাল ডঃ অভিনন্দন দাস আৰু IAMC প্ৰিন্সিপাল ডঃ আৰ. কে. শৰ্মাৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি। ৭৯সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে প্ৰায় ৭ হাজাৰ ছাত্র-ছাত্রী, শিক্ষক-কর্মচাৰী আৰু অতিথিয়ে একেলগে এক বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰে। পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীতৰ পিছত এনচিচিৰ পেৰেড, সাংস্কৃতিক অনুষ্ঠান আৰু নিৰাপত্তা কৰ্মচাৰীৰ বিশেষ প্রদৰ্শনৰে অনুষ্ঠানটি ৰঙীন কৰি তোলে।
উল্লেখযোগ্য যে পদ্মশ্ৰী সৰ্বেশ্বৰ চহৰিয়াই ভাষণ প্ৰসংগত কয় যে, “ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰী হিচাপে আমিয়েই ভাৰতৰ ভৱিষ্যৎ। শিক্ষাৰ উদ্ভাৱন আৰু মিলনৰ দ্বাৰা এখন শক্তিশালী আৰু স্থিৰ ভাৰত গঢ়িবলৈ আমি ভাল শিক্ষার্থী, সমালোচনামূলক চিন্তক, উদ্ভাৱক আৰু উচ্চ সততা থকা মানুহ হ'ব লাগিব।” ইয়াৰ লগতে আজাদি ৰেলী, সাংস্কৃতিক নৃত্য, দেশাত্মবোধক সংগীত আৰু বন্ধে মাতৰমৰ মাধুৰ্যময় প্ৰতিধ্বনিয়ে অনুষ্ঠানৰ গৌৰৱ অধিক বঢ়ায় তোলে।আনহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বটলৰ ঢাকনিৰে নিৰ্মিত ত্ৰিৰংগা প্ৰস্তুত কৰে। উদ্ভাৱনশীলতা আৰু সৃষ্টিশীলতাৰ অনন্য ৰূপও উৎসৱত প্ৰতিফলিত হয়। যি ৭৯সংখ্যক স্বাধীনতা দিৱসৰ থিম 'নয়া ভাৰত'ৰ উদ্ভাৱন, সমৃদ্ধি, সুৰক্ষা আৰু স্বনির্ভৰশীলতাৰ দৃষ্টিভংগী প্ৰতিফলিত হয়।