Logo
image

সুধাকণ্ঠৰ স্মৃতিত এশ টকা মূল্যৰ বিশেষ মুদ্ৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ আগষ্টঃ  ভাৰতৰত্ন, সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হৈছে এটা কালজয়ী সন্মান৷ ভাৰত চৰকাৰৰ বিত্ত  মন্ত্ৰণালয়ে সুধাকণ্ঠ ড॰ হাজৰিকাৰ নামত বিশেষ ১০০ টকা মূল্যৰ স্মাৰক মুদ্ৰা প্ৰস্তুত কৰিব৷  এই সন্দৰ্ভত বিত্ত মন্ত্ৰণালয়ে  বুধবাৰে জাৰি কৰিছে গেজেট অধিসূচনা৷ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগতে সংগতি ৰাখি এই মুদ্ৰাটো প্ৰস্তুত কৰা বুলি গেজেটত উল্লেখ কৰা হৈছে৷ মুদ্ৰাটোৰ ওজন হ’ব ৪০ গ্ৰাম৷ ৪৪ মিলিমিটাৰ পৰিধিৰ মুদ্ৰাটো ৯৯.৯ শতাংশ বিশুদ্ধ ৰূপেৰে প্ৰস্তুত কৰা হ’ব৷


কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ স্মৃতিত বিশেষ মুদ্ৰা প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ এক্স হেণ্ডলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে সুধাকণ্ঠ বিশেষ ১০০ টকা মূল্যৰ এটি স্মৃতি মুদ্ৰা প্ৰস্তুতৰ বাবে চৰকাৰী গেজেট অধিসূচনা জাৰি কৰিছে৷ লুইতৰ পাৰৰ বৰেণ্য শিল্পীগৰাকীক সদায়ে প্ৰাপ্য স্বীকৃতি দি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক শতবাৰ্ষিকী উদযাপনৰ এই বিৰল মুহূৰ্তক অধিক বিশেষ কৰি তোলাৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷’