
চীন-ভাৰত বন্ধুত্বৰ আঁৰত ২৮০ কোটি মানুহৰ স্বাৰ্থ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ আগষ্টঃ পানীত পৰা মানুহে বাচিবলৈ খেৰ কূটাকে সাবতি ধৰাৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ পৰা অহা বিপদৰ সময়ত গালৱানৰ সংঘৰ্ষ, ‘অপাৰেচন সিন্দূৰ’ত পাকিস্তানক অস্ত্ৰই-যুদ্ধবিমানে কৰা সাহায্যৰ কথা পাহৰি চীনক আকোঁৱালি লৈছে৷ ছাংহাই সহযোগিতা পৰিষদৰ বৈঠকত ভাগ ল’বলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৰাষ্ট˜পতি শ্বি জিনপিঙৰ সৈতে পৃথক বৈঠকত মিলিত হৈছে আৰু চীন-ভাৰতৰ মৈত্ৰীত ২৮০ কোটি মানুহৰ স্বাৰ্থ জড়িত থকা বুলি মন্তব্য কৰিছে৷ দেওবাৰে চীনৰ টিয়ানজিন চহৰত নৰেন্দ্ৰ মোদী আৰু শ্বি জিনপিঙৰ মাজত এক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকত মোদীয়ে জিনপিঙক কি ক’লে, তাৰ দুই মিনিট পাঁচ চেকেণ্ডৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত নিজেই আপলোড কৰিছে৷ চীনৰ ৰাষ্ট্ৰপতিক মোদীয়ে হিন্দীতে নিজৰ বক্তব্য শুনাইছে৷ মোদীয়ে প্ৰকাশ কৰা ভিডিঅ’ত জিনপিঙক উদ্দেশ্য কৰি কোৱা শুনা গৈছে– ‘যোৱা বছৰ আমাৰ কাজানত ফলপ্ৰসূ আলোচনা হৈছিল, য’ত আমাৰ দ্বিপাক্ষিক সম্পৰ্কই এটা গতি লাভ কৰিছিল৷ সীমান্ত বিৰোধৰ পৰৱৰ্তী সময়ত ভাৰত আৰু চীনৰ মাজত শান্তি আৰু স্থিতিশীলতাৰ পৰিৱেশ তৈয়াৰ হৈছে৷ কৈলাশ মানসৰোবৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে৷ দুই দেশৰ মাজত পোনপটীয়া বিমান সেৱাও আৰম্ভ হৈছে৷ আমাৰ পাৰস্পৰিক সংহতিৰ ওপৰত ভাৰত আৰু চীনৰ ২৮০ কোটি মানুহৰ স্বাৰ্থ জড়িত আছে৷ ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ কল্যাণ হ’ব৷ পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত আমি এই সম্পৰ্ক আগবঢ়াই নিয়াত আগ্ৰহী৷’
আনহাতে, মোদীক স্বাগত জনাই চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে কয় যে, ড্ৰেগন আৰু হাতী একেলগ হোৱা প্ৰয়োজন৷ তেওঁ কয়– ‘প্ৰধানমন্ত্ৰী, আপোনাৰ সৈতে পুনৰ সাক্ষাৎ হোৱাত ভাল লাগিছে৷ এছচিঅ’ সন্মিলনৰ বাবে আপোনাক চীনলৈ স্বাগতম৷ সাম্প্ৰতিক বিশ্ব এটা পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে৷ চীন আৰু ভাৰত সবাটোকৈ সভ্য দেশসমূহৰ মাজত অন্যতম৷ আমি বিশ্বৰ দুখন সৰ্ববৃহৎ জনসংখ্যাৰ দেশ৷ আমাৰ বন্ধুত্ব, সু-প্ৰতিবেশী হিচাপে পৰস্পৰৰ কাষত থকা জৰুৰী৷ ড্ৰেগন আৰু হাতী একগোট হোৱা প্ৰয়োজন৷ কূটনৈতিক আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগী লৈ আমাৰ সম্পৰ্ক আগবঢ়াই লৈ যাব লাগিব৷ বUQবাদ, বহুকেন্দ্ৰিক বিশ্ব আৰু গণতন্ত্ৰক জাগ্ৰত কৰি আমাৰ শান্তি, সংহতিৰ বাবে একেলগে কাম কৰিব লাগিব৷’
প্ৰসংগতঃ, দীৰ্ঘ সাত বছৰৰ পাছত নৰেন্দ্ৰ মোদী এইবাৰ চীন ভ্ৰমণলৈ গৈছে৷ গালৱানৰ ভয়ংকৰ সংঘৰ্ষৰ পাছত ভাৰত-চীনৰ দ্বিপাক্ষিক সম্পৰ্কৰ চৰম অৱনতি ঘটিছিল৷ ২০২০ চনৰ ১৫ জুনত গালৱানত হোৱা সংঘৰ্ষত চীনৰ সেনাই গঁজাল লগোৱা লাঠী, শিলেৰে মৰিয়াই এজন বিষয়াসহ ২০ জন ভাৰতীয় সেনাক হত্যা কৰিছিল৷ চীনৰো বহুকেইজন সেনা নিহত হৈছিল৷ অৱশ্যে সেই সংখ্যা এতিয়াও গোপনে ৰাখিছে দেশখনে৷ ইয়াৰ পাছতে গালৱানত ভাৰত-চীনৰ সেনাৰ মুখামুখি অৱস্থান লয় আৰু সীমান্তত উত্তেজনা বৃদ্ধি পায়৷ মোদী চৰকাৰে জনপ্ৰিয় টিক-টক, কেম স্কেনাৰকে ধৰি প্ৰায় শতাধিক চীনা এপ ভাৰতত নিষিদ্ধ কৰি দিয়ে৷ চৰকাৰী পৃষ্ঠপোষকতাত দেশজুৰি বিজেপি আৰু হিন্দুত্ববাদী সংগঠনে চীনা সামগ্ৰী বৰ্জনৰ আহ৩ান জনায়৷ আনকি দীপাৱলীত চীনৰ জিকমিকোৱা লাইটৰ পৰিৱৰ্তে দেশৰ মাটিৰ চাকি বিগত কেইবছৰত উজ্জল হৈ জ্বলি উঠে৷ ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্ক ১৯৬২ চনৰ সংঘাতৰ দৰে চৰম অৱনতি ঘটে৷ তাৰ মাজতে ১০ মাহ পূৰ্বে ৰাছিয়াৰ কাজানত জিনপিং-মোদীৰ সাক্ষাৎ হ’লেও সাত বছৰ ধৰি মোদী চীনলৈ যোৱা নাছিল৷
হঠাতে প্ৰধানমন্ত্ৰী মোদীৰ জৰিয়তে ভাৰতে কমিউনিষ্ট চীনৰ সৈতে সহূদয়তা আৰম্ভ কৰাত দেশৰ অনেক লোক বিস্মিত হৈ পৰিছে৷ মোদী চৰকাৰৰ কোনো নীতিৰ বিৰুদ্ধাচৰণ কৰিলেও সকলোকে বাঁওপন্থী বুলি মুকলিকৈ অভিহিত কৰা বিজেপিৰ সমৰ্থকে এতিয়া মোদী চৰকাৰে হঠাতে বাঁওপন্থী চীনৰ সৈতে হাত মিলোৱাৰ কি ব্যাখ্যা দিয়ে সেয়া লক্ষণীয় হ’ব৷ বিৰোধী দল কংগ্ৰেছে মোদী চৰকাৰৰ এই স্থিতিক চোকা সমালোচনা কৰিছে৷ গালৱানৰ সংঘৰ্ষৰ, ডোকলামৰ সংঘাত আৰু শেহতীয়া ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত পাকিস্তানক যুদ্ধবিমান, এয়াৰ ডিফেন্স, ক্ষেপণাস্ত্ৰ ইত্যাদি যোগানেৰে সহায় কৰা চীনৰ প্ৰতি হঠাতে মোদী চৰকাৰৰ দৰদৰ কাৰণ কি বুলি কংগ্ৰেছে প্ৰশ্ন কৰিছে৷ মোদী চৰকাৰে ৰাষ্ট˜ীয় নিৰাপত্তাৰ অৱহেলা কৰি শত্ৰুদেশ চীনৰ কাষ চপা বুলিও মন্তব্য কৰিছে কংগ্ৰেছে৷