
পুনৰ ‘হিন্দী-চীনী ভাই ভাই’ নীতিৰ অন্যতম ৰূপকাৰ বৰপেটাৰ সন্তান গৌৰাংগলাল
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ আগষ্টঃ জৱাহৰলাল নেহৰুৰ হিন্দী-চীনী ভাই-ভাই নীতি পুনৰ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোদী চৰকাৰ আৰু এইক্ষেত্ৰত অন্যতম ৰূপকাৰৰ ভূমিকা লৈছে অসমৰ সু-সন্তান, দক্ষ বৈদেশিক সেৱাৰ বিষয়া গৌৰাংগলাল দাসে৷ মান্দাৰিন ভাষা, অৰ্থাৎ চীনা ভাষাত পাৰ্গত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ যুটীয়া সচিব তথা ‘ইষ্ট এছিয়া ডিভিজন’ৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্বত থকা গৌৰাংগলাল দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চলিত চীন ভ্ৰমণত সংগ দিছে৷ বৈদেশিক সেৱাৰ দক্ষ বিষয়া হিচাপে বিভিন্ন দেশৰ লগতে চীনৰ শত্ৰু টাইৱানত ভাৰতীয় প্ৰতিনিধি আৰু আমেৰিকাতো আগশাৰীৰ বৈদেশিক বিষয়া হিচাপে পূৰ্বে কৰ্মৰত গৌৰাংগলাল দাসে চীনৰ নাড়ী-নক্ষত্ৰ ভালদৰেই বুজে৷ স্বাভাৱিকতে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ ‘ইষ্ট এছিয়া ডিভিজন’ তদাৰক কৰি থকা গৌৰাংগলাল দাসে জ্জ বছৰৰ পাছত নৰেন্দ্ৰ মোদীয়ে কৰা চীন ভ্ৰমণত সংগ দিছে৷ আনহাতে, মান্দাৰিন ভাষাত থকা তেওঁৰ বুৎপত্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীনৰ সৈতে মৈত্ৰী স্থাপন আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাত সহায়ক হৈ পৰিছে৷
মাথোঁ দুসপ্তাহ পূৰ্বে ভাৰত ভ্ৰমণলৈ অহা চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ৱাং ইক বিমানবন্দৰৰ পৰা আদৰণি জনাই আনিছিল গৌৰাংগলাল দাসে৷ প্ৰধানমন্ত্ৰী মোদীক ছাংহাই সহযোগিতা পৰিষদৰ সন্মিলনলৈ নিমন্ত্ৰণ জনাবলৈ অহা ৱাং ইৰ সৈতে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ বৈঠক হৈছিল আৰু মোদীৰ সৈতেও সাক্ষাৎ হৈছিল৷ তদুপৰি তেওঁ সীমান্ত সমস্যা সমাধানৰ বিষয়তো তেওঁ বৈঠকত ভাগ লৈছিল৷ এই সকলোবোৰ ক্ষেত্ৰতে কূটনীতিবিদ হিচাপে দায়িত্ব চম্ভালিছিল গৌৰাংগলাল দাসে৷
দেওবাৰে চীনৰ প্ৰতিনিধিৰ সৈতে টিয়ানজিনত অনুষ্ঠিত নৰেন্দ্ৰ মোদীৰ দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰীৰ সৈতে একেশাৰীতে বহি চীনৰ মন্ত্ৰী তথা কূটনীতিবিদৰ সৈতে আলোচনাত ভাগ লোৱা গৌৰাংগলাল দাসৰ এখন ফটো ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হৈছে৷ উল্লেখ্য, বিগত মাৰ্চত চীনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা ভাৰতৰ বৈঠকতো মুখ্য ভূমিকা পালন কৰিছিল তেওঁ৷ চৰ্চা হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা জৱাহৰলাল নেহৰুৰ হিন্দী-চীনী ভাই-ভাই নীতিৰ ক্ষেত্ৰত মান্দাৰিন ভাষাত পাৰ্গত, বৈদেশিক সেৱাৰ দক্ষ বিষয়া তথা ‘ইষ্ট এছিয়া ডিভিজন’ৰ সঞ্চালকপ্ৰধান অসম সন্তান গৌৰাংগলাল দাসে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷