Logo
image

স্তম্ভিত বলীউড, সংগীত জগত ম্ৰিয়মাণ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ ছেপ্টেম্বৰঃ  জুবিন গাৰ্গ মানেই যেন অসমৰ সংস্কৃতিৰ পৰিচয়৷ জুবিন গাৰ্গ মানেই অসম আৰু অসমীয়াৰ আৱেগ৷ অসমৰ সম্পদ জুবিন গাৰ্গ৷ অভিশপ্ত ক’লা শুকুৰবাৰে অগণন অনুৰাগীক কন্দুৱাই হঠাতে এই ধৰাৰ পৰা গুচি গ’ল অসমীয়াৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ৷ শুকুৰবাৰে ভাৰতীয় সময়মতে দিনৰ ২.৪৫ বজাত অসমৰ আকাশৰ পৰা খহি পৰিল সাংস্কৃতিক উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ৷ জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে অসমকেই নহয়, বলীউডকো এতিয়া শোকস্তব্ধ কৰি তথা ম্ৰিয়মান তুলিছে৷ শিল্পীজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে কলকাতাৰ পৰা মুম্বাইলৈ বিভিন্নজন শিল্পী, কলা-কুশলীয়ে জুবিনৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰিছে৷ গেংষ্টাৰ ছবিত ‘য়া আলি...’ গীতেৰে বলীউডত খলকনি সৃষ্টি কৰা জুবিন গাৰ্গক দেশৰ প্ৰতিজন সৰু-বৰ শিল্পীয়েই সমীহ কৰি চলিছিল৷ জুবিনক কোনো দিনে সাক্ষাৎ নোপোৱা বলীউডৰ সংগীত ক্ষেত্ৰখনৰ প্ৰখ্যাত শিল্পীয়ে  হাৰ্টথ্ৰব জুবিন গাৰ্গক সদায়েই নমস্য হিচাপে শ্ৰদ্ধা কৰিছিল৷ হিন্দী-বাংলাকে ধৰি একাধিক ভাষাত গীত পৰিৱেশন কৰা জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বলীউডৰ একাধিক শিল্পীয়ে৷ দেশৰ জনপ্ৰিয় সংগীত শিল্পী জুবিন নটিয়ালে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি এটা পোষ্টত লিখিছে– ‘জুবিন গাৰ্গ, আপোনাৰ সংগীত আমাৰ হূদয়ত চিৰদিনৰ বাবে প্ৰতিধবনিত হৈ থাকিব৷ এটা সঁচা প্ৰতিভা বহুত সোনকালে আঁতৰি গ’ল৷ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক৷’ ইফালে, বলীউডৰ প্ৰখ্যাত সংগীত পৰিচালক প্ৰীতমে সামাজিক মাধ্যমত জুবিনৰ মৃত্যুৰ খবৰৰ পাছতেই লিখিছে– ‘দুৰ্ঘটনাত জুবিনে প্ৰাণ হেৰুওৱাৰ খবৰটো আমাৰ বাবে আটাইতকৈ ভয়ংকৰ আৰু দুখজনক৷ মই এতিয়াও বিশ্বাস কৰিব পৰা নাই৷ গৰিমা আৰু তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’ বলীউদৰ সংগীত শিল্পী বিশাল দাদলানিয়েও সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো বিশ্বাস হোৱা নাই বুলি এটা পোষ্ট শ্বেয়াৰ কৰিছে৷ বলীউডৰ আন এজন জনপ্ৰিয় ৰেপাৰ বাদশ্বাহে সামাজিক মাধ্যমত লিখিছে– ‘তেওঁক কেতিয়াও লগ পোৱা নাছিলোঁ৷ তেওঁৰ গীত শুনিছিলোঁ৷ তেওঁৰ কাহিনী শুনিছিলোঁ৷ কেতিয়াও ভবা নাছিলোঁ৷ ইমান কষ্ট দিব৷ শান্তিৰে জিৰণি লওঁক৷ জুবিন দা৷’ গায়ক-সুৰকাৰ আৰ্মান মালিকে সামাজিক মাধ্যমযোগে কয়– ‘মই বাকৰুদ্ধ, বিশ্বাস কৰিব পৰা নাই৷ তেওঁৰ আত্মাই শান্তি লাভ কৰক৷’ জুবিন গাৰ্গৰ সৈতে একেলগে গীতৰ ৰেকৰ্ডিং কৰি থকা এখন পুৰণি ফটো শ্বেয়াৰ কৰি বলীউডৰ প্ৰখ্যাত কণ্ঠশিল্পী ছানে এটা পোষ্টত লিখিছে– ‘জুবিন সঁচাকৈয়ে এজন ৰজা৷ নিজৰ মতে জীয়াই আছিল৷ নিজৰ মতেই গুচি গ’ল৷ আকৌ এবাৰ উপলব্ধি কৰিছোঁ– মই প্ৰিয় বন্ধু তথা নিৰ্মল হূদয়ৰ সৈতে কেতিয়াও যোগাযোগ কৰিব নোৱাৰিম৷’ চিয়েৰ্ছ ব্ৰাডাৰ৷’ অসম সন্তান তথা বলীউডৰ অভিনেতা আদিল হুছেইনেও জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰি এটা পোষ্টত লিখিছে– ‘ছিংগাপুৰত সংঘটিত দুৰ্ঘটনাত জুবিন গাৰ্গৰ মৃত্যুৰ খবৰত স্তম্ভিত হৈ পৰিছোঁ৷ অসমীয়া সংগীত আৰু সংস্কৃতিলৈ তেওঁৰ অৱদান অসাধাৰণ৷ তেওঁ আমাৰ মাজত তেওঁৰ গীতৰ জৰিয়তে সদায় জীয়াই থাকিব৷’ বলীউডৰ আন এজন শিল্পী জিৎ গাংগুলীয়েও জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি একেলগে গোৱা ‘বোঝে না সে বোজে না...’ বাংলা গীতটোৰ কথা ৰোমন্থন কৰে৷