Logo
image

ছিংগাপুৰৰ সমুদ্ৰবক্ষত ভাহি উঠিছে ‘কন্সপিৰেচি থিঅ’ৰী’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ ছেপ্টেম্বৰঃ  বাৰিষা ন-পানী পালে কান্ধুলি মাছেই ইমান লুটি-বাগৰ নামাৰে, যোৱা তিনিদিনত অসমৰ ‘বিখ্যাত’ উদ্যমী শ্যামকানু মহন্তই জুবিন গাৰ্গৰ মৃত্যুক লৈ যিমান লুটিবাগৰ মাৰিছে৷ ছিংগাপুৰত নিজে আয়োজন কৰা ‘নৰ্থ ইষ্ট ফেষ্টিভেল’লৈ গান গাবলৈ লৈ যোৱা শ্যামকানু মহন্তই বিগত তিনিদিনত জুবিন গাৰ্গৰ দুৰ্ঘটনা আৰু মৃত্যুক লৈ ভিন্ন ভিন্ন তিনিটা বক্তব্য আগবঢ়াইছে৷ অথচ জীৱন্ত অৱস্থাত লৈ যোৱা জুবিন গাৰ্গক মৃত অৱস্থাত ঘূৰাই আনিও সকলো দায়-দায়িত্ব কান্ধৰ পৰা জোকাৰি পেলাইছে৷ আশ্চৰ্যজনকভাৱে এই তিনিটা বক্তব্যৰ ইটোৰ সৈতে সিটোৰ মাজত যথেষ্ট প্ৰভেদ আছে৷ কিন্তু সামগ্ৰিকভাৱে প্ৰতিটো বক্তব্যতে শ্যামকানুৱে জুবিনৰ দুৰ্ঘটনাৰ পৰা নিজকে যিমান পাৰি সিমান দূৰলৈ আঁতৰাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ পিছে জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়ো সঠিকভাৱে ৰক্ষণাবেক্ষণ দিয়াত যে শ্যামকানু ব্যৰ্থ হৈছে, সেই দায়ৱদ্ধতা স্বীকাৰ কৰাৰ সাহস দেখুৱাব পৰা নাই তেওঁ৷ চৰ্চা হৈছে, স্কুল বাছৰ ড্ৰাইভাৰেও বাছৰ পৰা নমাৰ পাছত ছাত্ৰ-ছাত্ৰীক সুৰক্ষিত স্থানত নোথোৱালৈকে আঁতৰি নাযায়৷ কিন্তু উচ্চ শিক্ষিত আৰু উদ্যমী হিচাপে পৰিচিত শ্যামকানু মহন্তই অসমৰ সম্পদ জুবিন গাৰ্গক বিদেশলৈ লৈ গৈ যে সঠিক ৰক্ষণাবেক্ষণ দিব নোৱাৰিলে, সেয়া ক্ৰমাৎ প্ৰতীয়মান হৈছে৷

এই মুহূৰ্তত জুবিনৰ মৃত্যুক লৈ দুজন ব্যক্তি ‘জাতীয় খলনায়ক’ হৈ পৰিছে৷ তাৰে প্ৰথমজন নিঃসন্দেহে শ্যামকানু মহন্ত আৰু দ্বিতীয়জন জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা৷ আজি ছ’চিয়েল মিডিয়াত জুবিনৰ আন এজন সহযোগী শেখৰজ্যোতি গোস্বামীয়ে জুবিন ফেন ক্লাব চলাই থকা পিকু নামৰ যুৱকজনলৈ প্ৰেৰণ কৰা কেতবোৰ হোৱাটছএপ মেছেজ ভাইৰেল হৈ পৰাৰ লগে লগে এই ঘটনাৰ সন্দেহজনকৰ তালিকাত সোমাই পৰিছে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা৷ শেখৰজ্যোতিয়ে পিকুলৈ দিয়া মেছেজত কেতবোৰ বিস্ফোৰক কথা কৈছে৷ য’ত মেনেজাৰ সিদ্ধাৰ্থই জুবিন গাৰ্গৰ জৰিয়তে বিশাল পৰিমাণত ধন ঘটাৰ কথা আৰু জুবিনৰ পৰা চান কাঢ়ি ধন লৈ এখন ১৫ কোটি টকীয়া হোটেল ক্ৰয় কৰাৰ কথাও উল্লেখ কৰিছে৷ সেই বাৰ্তালাপৰ অসংখ্য পৃষ্ঠাই পৃষ্ঠাই ভৰি আছে শেখৰে সিদ্ধাৰ্থৰ বিৰুদ্ধে উত্থাপন কৰা বহু গুৰুতৰ অভিযোগ৷ সেই অভিযোগ পঢ়িবলৈ পাই ৰাজ্যৰ ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হৈছে৷ জুবিন গাৰ্গৰ মৃত্যু সন্দেহজনক বুলিও প্ৰতিপন্ন হৈছে৷ শেখৰে প্ৰকৃত কথা ক’লে অথবা আৰক্ষীৰ ওচৰত সাক্ষ্যদান কৰিলে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰকৃত ৰহস্য ওলাই পৰিব বুলি ছ’চিয়েল মিডিয়াত দাবী উঠিছে৷ 

ইপিনে ছিংগাপুৰৰ সমূদ্ৰৰ পৰা কন্সপিৰেছি থিয়ৰী ওলোৱাৰ কথা জানিব পাৰিছে মুখ্যমন্ত্ৰীয়ে৷ দেওবাৰে এখন সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে কয়, জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত ছিংগাপুৰ আৰক্ষীয়ে কৰি আছে আৰু তেওঁলোকেই কৰিব৷ অসমৰ সকলো গোচৰৰ তদন্ত চি আই ডিয়ে কৰিব৷ কিন্তু চি আই ডিয়ে জুবিনৰ মৃত্যু সন্দৰ্ভত কোনো তদন্ত নকৰে৷ বৰং জুবিনক কোনো উদ্দেশ্য লৈ ছিংগাপুৰলৈ লৈ যোৱা হৈছিল নেকি সেই সন্দৰ্ভতহে চি আই ডিয়ে তদন্ত কৰিব৷ মুখ্যমন্ত্ৰীৰ দাবী, সিদ্ধাৰ্থক নতুন দিল্লীত তেওঁ লগ পাইছিল৷ তাৰ পৰাই সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন৷ পিছে গৰিমা গাৰ্গে সিদ্ধাৰ্থক একো নকৰিবলৈ আহ৩ান জনোৱাৰ বাবেহে এতিয়ালৈকে আৰক্ষীয়ে সিদ্ধাৰ্থক ধৰা নাই৷ 

খানাপাৰাত যোৱা ব’হাগত আয়োজিত ‘ৰঙালী’ নামৰ উৎসৱত নিচাসক্ত হৈ দোৰোল খাই যোৱা জিভাৰে শ্যামকানু মহন্তই জুবিন গাৰ্গক তেওঁলোকৰ অনুষ্ঠানৰ ‘বেকব’ন’ বুলি উল্লেখ কৰিছিল৷ সেই একেই শ্যামকানুৱে মৃত্যুৰ ২৪ ঘণ্টা নৌহঁওতেই ‘বেকব’ন’ জুবিনক ‘বডী’, ‘বডী’ বুলি কৰা মন্তব্য অসমৰ জনতাই সহজে গ্ৰহণ কৰিব পৰা নাই৷ উচ্চ শিক্ষিত উদ্যমীজনৰ মুখৰ পৰা নশ্বৰ দেহ অথবা তেনে শব্দ বাহিৰ নোহোৱাত শ্যামকানুৱে জুবিনক সম্পূৰ্ণ ব্যৱসায়ৰ স্বাৰ্থতহে ব্যৱহাৰ কৰাৰ প্ৰকৃত ৰূপটো উন্মোচিত হৈ পৰিছে৷

ছ’চিয়েল মিডিয়াত ব্যাপক গণৰোষৰ বলি হৈছে শ্যামকানু মহন্ত৷ ঘটনাৰ দিনাই মৰিগাঁৱৰ এজন অধিবক্তাই শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰ তৰিছে৷ সেই গোচৰলৈ তথা মুঠ ৫৪টা গোচৰলৈ সঁহাৰি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো গোচৰ চি আই ডিৰ হাতত তুলি দিছে৷ বহুতৰে দাবী, চৰকাৰৰ হাতৰ মুঠিত থকা চিআইডিক এই গোচৰ চমজাই দি চৰকাৰৰ ইচ্ছানুসৰি আগবঢ়াবলৈ নিৰ্দেশ দিব৷ মুখ্যমন্ত্ৰীয়ে অৱশ্যে শ্যামকানু মহন্ত আৰু জুবিনক ছিংগাপুৰলৈ নিয়া আৰু প্ৰাইভেট পাৰ্টীলৈ লৈ যোৱা তথা মৃত্যুৰ সময়ত কাষত থকা ব্যক্তি গ্ৰেপ্তাৰ হ’ব পাৰে বুলি কৈছে৷ পিছে শ্যামকানুক গ্ৰেপ্তাৰ কৰাটোও তেওঁক নিৰাপত্তা প্ৰদানৰ কৌশল বুলি অভিযোগ উঠিছে৷ আনকি প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া ভায়োলেট বৰুৱাই এটা ছ’চিয়েল মিডিয়া পোষ্টত কৈছে– ‘আজিৰ এই পৰিস্থিতিত আটাইতকৈ সুৰক্ষিতভাৱে বাচি থকাৰ একমাত্ৰ উপায় হৈছে পুলিচ এৰেষ্ট৷ ইতিমধ্যে কেচ ৰেজিষ্টাৰ হৈছে, কিন্তু আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ এছ-২৩৮ ধাৰা ব্যৱহাৰ কৰা নাই, য’ত প্ৰমাণ লোপ আৰু ভুল তথ্য প্ৰদানৰ ধাৰা অন্তৰ্ভুক্ত হৈ আছে৷ অৱশ্যে সেই ধাৰা অন্তৰ্ভুক্ত কৰাৰ সময়ত এতিয়াও আছে৷’ এনেদৰে উপৰ্যুপৰি অভিযোগেৰে ছ’চিয়েল মিডিয়াত স্বয়ং মুখ্যমন্ত্ৰীয়েই শ্যামকানু মহন্ত বা অন্যান্য ব্যক্তিক ৰক্ষণাবেক্ষণ প্ৰদানৰ অভিযোগ ব্যাপক হাৰত বাঢ়ি আহিছে৷

বিগত তিনি দিনত আগবঢ়োৱা শ্যামকানুৰ বক্তব্যৰ ভিতৰত শনিবাৰে সংবাদ সংস্থা পিটিআইৰ আগত দিয়া বক্তব্যই আছিল সবাটোকৈ বিতৰ্কিত৷ পিটিআইক শ্যামকানুৱে কৈছে– ‘জুবিনে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকক ছিংগাপুৰলৈ আহিব বুলি নিজেই কৈছিল৷ জুবিনে ছিংগাপুৰত ৰিলেক্স কৰিব বিচাৰিছিল৷ আমি তেওঁক এখন হোটেল বুক কৰি দিছিলো৷ তেওঁ লাইফ জেকেট নিপিন্ধাকৈ সাগৰত সাঁতুৰিবলৈ গৈ ডুবি মৃত্যু হ’ল৷’ অথচ শ্যামকানু মহন্তই তেওঁৰ নিমন্ত্ৰণী পত্ৰত জুবিনে ‘নৰ্থ ইষ্ট ফেষ্টিভেল’ত সংগীত পৰিৱেশন কৰিব বুলি উল্লেখ কৰিছিল৷ আনহাতে, প্ৰথম দিনাৰ স্পষ্টীকৰণত শ্যামকানুৱে ‘বিজিনেছ মিটিঙ’ত ব্যস্ত থকাৰ বাবে জুবিনৰ ঘটনা নাজানে বুলি কৈছিল৷ পাছত জুবিনৰ মেনেজাৰে ফোন কৰাতহে তেওঁ এই বিষয়ে জানিব পাৰে বুলি কৈছিল৷ সেইদিনাও তেওঁ সকলো দোষ ছিংগাপুৰৰ অসম এছ’চিয়েশ্বনলৈ ঠেলিছিল৷ আজি দেওবাৰে তেওঁ তৃতীয়টো স্পষ্টীকৰণতো সকলো দায় ছিংগাপুৰত য়াটত পাৰ্টী আয়োজন কৰা অসমীয়া সমাজৰ ওপৰত জাপি দিছে৷ অতি লজ্জাজনক কথা এয়াই যে, শ্যামকানুৱে জুবিন গাৰ্গক জীৱন্ত অৱস্থাত লৈ গৈ মৃতদেহ হিচাপে ঘূৰাই অনাৰ যি দায়বদ্ধতা, সেই দায়ৰ শূণ্য শতাংশও নিজৰ কান্ধত ল’বলৈ অস্বীকাৰ কৰিছে৷

দেওবাৰে শ্যামকানু মহন্তই কৈছে– শ্ৰদ্ধেয় ৰাইজ, এই মহাশোকৰ সময়ত আজি ভীষণ পীড়া, শোক আৰু কষ্টৰে এই কথাখিনি ক’বলৈ লৈছো৷ জাতিটোৰ সম্পদ জুবিন গাৰ্গৰ অভাৱনীয় মৃত্যু সমগ্ৰ ৰাজ্যখনৰ বাবে এক ভয়ানক খবৰ৷ এই মৃত্যু অপূৰণীয়৷ ৰাজ্যখনৰ হিয়াৰ আমঠু নোহোৱা হোৱাৰ খবৰটোত গোটেই ৰাজ্যখনেই বিধবস্ত হৈ আছে৷ 

জুবিনৰ খবৰটোৱে বাকৰুদ্ধ কৰি তোলাৰ লগতে হাস্পতাল ইত্যাদিৰ নিয়মবোৰৰ পাছত দৌৰি আছিলো৷ এই অভাৱনীয় মুহূৰ্তত জুবিনৰ দলটোৰ লগত থাকি, ছিংগাপুৰৰ নিয়ম নীতি মতে গুৱাহাটীলৈ পঠোৱাৰ কামত ব্যস্ত আছিলো৷ আমাৰ ফালৰ ক’বলগীয়াখিনি লিখিতভাৰে ৰাইজক জনাবলৈ লৈছো৷ 

১] প্ৰথম অভিযোগ জুবিন গাৰ্গক আমি জোৰ কৰি ছিংগাপুৰলৈ লৈ আহিছো৷ 

আমাৰ উত্তৰঃ আমি ২০১৩ চনত নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰোঁতে তেওঁৰেই উপদেশ লৈ আৰম্ভ কৰিছিলো৷ তেওঁ ৰাজহুৱাভাৱে বহুবাৰ কৈছে যে কানুৰ লগত মিলি মই অনুষ্ঠানটো আৰম্ভ কৰিছো৷ দিল্লীত এতিয়ালৈকে ১৩ বাৰৰ প্ৰত্যেক বছৰেই জুবিন গৈছে, মুম্বাইত কৰোঁতেও গৈছে, বিদেশত হওঁতেও দুবাৰকৈ গৈছে৷ এনে বহু ভিডিঅ আছে য’ত জুবিনে সংবাদ মাধ্যমৰ আগত কৈছে যে ভৱিষ্যতে এই অনুষ্ঠানটো আমি বিশ্বৰ বহু ঠাইত কৰিম৷ এইবাৰ আমি ছিংগাপুৰত কৰিম বুলি জুবিনক কওঁতে অতি প্ৰসন্ন হৈ কৈছিল যে মই গৈ দুটামান গান গাম আৰু লগতে ভাই সন্দীপন আৰু শব্দযন্ত্ৰী শেখৰকো লৈ যাম৷ আপোনালোকে জুবিনৰ পেজটো চালে দেখিব যে তেওঁ কৈছে আমি ছিংগাপুৰৰ চানটেকত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতি আছো আৰু স্থানীয় ৰাইজক আহিবলৈ নিমন্ত্ৰণ কৰিছো৷ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ উত্তৰ-পূবৰ সকলো ৰাজ্য আহে আৰু সাংস্কৃতিক-ব্যৱসায়-বাণিজ্যৰ আদান প্ৰদান হয়৷ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সকলো আহে, সহযোগিতা কৰে৷ জুবিনে উত্তৰ-পূব একেলগ হৈ সহযোগিতা কৰাৰ প্ৰক্ৰিয়াটো ভাল পায় আৰু উদগণি দিব বিচাৰে৷ এইবাৰ তেওঁ আমাক ক’লে যে, মোক আগতীয়াকৈ ডাইৰেক্ট ফ্লাইটত টিকেট কৰি দিবি৷ তালৈ গৈ মই দুদিনমান থাকিম, জিৰণি ল’ম৷ আমি মেনেজাৰ সিদ্ধাৰ্থৰ লগত কথা পাতি যাৰতীয় আয়োজন কৰিছিলো, ওচৰতে আছিলো৷ মই তেওঁক অনুৰোধ কৰিছিলো হোটেলতে জিৰণি ল’বলৈ৷ জুবিনৰ অতি ঘনিষ্ঠ ছিংগাপুৰৰ অসমীয়া সমাজৰ তন্ময়ে ১৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে মোক ফোন কৰি কৈছিল যে জুবিনক তেওঁলোকে ১৯ তাৰিখে এবাৰ ফুৰাবলৈ লৈ যাব৷ মই কৈছিলো যে নিব নালাগে৷ ভাৰতীয় দূতাবাসে এই অনুষ্ঠানটোৰ নেতৃত্ব লৈছিল, জুবিন অনুষ্ঠানলৈ কালচাৰেল এম্বাচাদৰ হিচাপে আহিছে আৰু ১৯ তাৰিখে সন্ধিয়া ভাৰতীয় দূতাবাসে আয়োজন কৰা আৰম্ভণিৰ অনুষ্ঠানত জুবিন উপস্থিত থাকিব লাগিব৷ পাছ দিনা অৰ্থাৎ ২০ তাৰিখে জুবিনে অনুষ্ঠান কৰাৰ কথা আছিল৷ ১৮ তাৰিখৰ সন্ধিয়া ছিংগাপুৰৰ অসম এছচিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰক লগ পাওঁতে মই কৈছিলো যে জুবিনক ক’লৈকো নিব নালাগে৷ এই কথাখিনি তালুকদাৰে কোৱা বুলি ইণ্ডিয়া টুডে নৰ্থ ইষ্টতো কালি প্ৰকাশ পাইছে৷ 

২] দ্বিতীয় অভিযোগ, এই ঘটনা হওঁতে মই কিয় বচাব নোৱাৰিলো৷ 

আমাৰ উত্তৰঃ  ১৯ ছেপ্টেম্বৰ তাৰিখে দিনত আমাৰ অনুষ্ঠান আৰম্ভ হৈছিল, ৰাতিপুৱাই আমি থকা ঠাইৰ পৰা দূৰৈত চাংগ্ৰিলা হোটেলত আয়োজন কৰা অনুষ্ঠানত ছিংগাপুৰৰ জ্যেষ্ঠ প্ৰতিনিধিসকলৰ লগত উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ নেতৃত্ব আৰু উদ্যমী সকলৰ বৈঠক আছিল৷ ছিংগাপুৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতো আমাৰ লগত অনুষ্ঠানত উপস্থিত আছিল৷ মোৰ লগতে সমগ্ৰ দলটো অনুষ্ঠানৰ আয়োজনত ব্যস্ত আছিল৷ জুবিন গাৰ্গ যে ছিংগাপুৰৰ অসমীয়া সমাজৰ সৈতে ফুৰিবলৈ গ’ল সেই কথাখিনি আমি কোনেও জনা নাছিলো, গম পোৱা হ’লে নিশ্চয় বাধা দিলোহেঁতেন৷ কাৰণ আমি বৈঠকলৈ বুলি ওলাই যাওঁতে জুবিন শুই আছিল৷ বৈঠক চলি থাকোঁতে কিছু সময়ৰ পাছত সিদ্ধাৰ্থৰ মেচেজ পাওঁ যে জুবিনৰ ডাঙৰ এক্সিডেণ্ট হৈছে৷ লগে লগে ভাৰতীয় দূতাবাসৰ উচ্চ পদস্থ বিষযাক অৱগত কৰো আৰু আমি হাস্পটাললৈ ঢাপলি মেলো৷ সেই সময়ত সংবাদ মাধ্যমৰ মোলৈ ফোন আহিছিল, ক’ত হৈছে বা কেনেকৈ হৈছে একো ভালদৰে গম পোৱা নাছিলো কাৰণ মেডিকেল ইমাৰজেন্সিত সকলো ব্যস্ত আছিল আৰু জাহাজত যোৱা লোকসকলক পুলিচে আটক কৰিছিল৷ ভাৰতীয় সময়মতে আবেলি ২.৪৪ বজাত ছিংগাপুৰৰ সময় অনুসৰি সন্ধিয়া ৫ বাজি ১৪ মিনিটত দুৰ্ভাগ্যজনক খবৰটো ডাক্তৰে ঘোষণা কৰে৷ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দূতাবাসৰ সৈতে নিয়মিত যোগাযোগত আছিল৷ 

অসমৰ এই অমূল্য সম্পদভাগি আমাৰ মাজত আৰু নাই এই ঘটনাৰ পাছত চৌদিশে অন্ধকাৰ দেখিছিলো৷ অলপ সম্বিৎ ঘূৰাই পোৱাৰ পাছত অনুষ্ঠান বাতিল কৰা সমন্বিতে যাৱতীয় কামবোৰ কৰিবলগীয়া হৈছিল৷ 

পাছতহে গম পালো যে জাহাজখন ছিংগাপুৰৰ অসমীয়া সমাজৰ তৰফৰ পৰা জুবিনৰ অতি ঘনিষ্ঠ বন্ধু তন্ময়ে বুক কৰিছিল৷ জুবিন ছিংগাপুৰত উপস্থিত হোৱাৰ পাছতো তন্ময়ে দলটোক ছিংগাপুৰ ফুৰাইছিল৷ সেইদিনা জাহাজখনত ছিংগাপুৰৰ অসমীয়া সমাজৰ প্ৰায় ১২জন লোক আছিল৷ জুবিনৰ সংগী আছিল তেওঁৰ অতি মৰমৰ, খুড়াকৰ পুত্ৰ সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ আৰু শেখৰ৷ জাহাজখনত কিছুদুৰ গৈ তেওঁলোক সকলোৱে সাঁতুৰি আছিল৷ দলটোৱে জনোৱা মতে জুবিনে ভালদৰে সাঁতুৰিব জানে আৰু আৰু সাঁতুৰি থাকোঁতেই ঘটনাটো ঘটে৷ সন্দীপন অসম পুলিচৰ এজন ডিএচপি আৰু তেওঁ জনোৱামতে বন্দৰৰ গাৰ্ডে তৎক্ষণাত জাহাজখনৰ পৰা হাস্পতাললৈ লৈ যায় আৰু গোটেই ৰাষ্টাত সন্দীপন আৰু গাৰ্ডে চিপিআৰ দি জুবিনৰ উশাহ ঘূৰাই অনাৰ আপ্ৰাণ চেষ্টা কৰে৷ ছিংগাপুৰৰ হাস্পতালৈ লৈ যোৱাৰ পাছত ডাক্তৰে আপ্ৰাণ চেষ্টা কৰিও তেওঁক বচাব নোৱাৰিলে৷ ভয়ানক ঘটনাটো ঘটিল৷ 

ঘটনাটোৰ পাছত জুবিনৰ দলটোৰ লগতে আমাৰ সকলোৰে মানসিক অৱস্থা আছিল অবৰ্ণনীয়৷ সেই সময়ত তেওঁলোকৰ লগত একেৰাহে থাকি সহযোগ কৰি বা যাৱতীয় হাস্পতাল বা পাছত মৰ্গলৈ গৈ আমি ভাৰতীয় দূতাবাসৰ লগত সহযোগ কৰাৰ প্ৰয়াস কৰো৷ গোটেই ঘটনাটোত স্বাভাৱিকভাৱে ৰাইজ ক্ৰোধিত হৈছে, মোৰ ওপৰত খং উজাৰিছে৷ 

জুবিন আমাৰ বাবে ফ্ৰেণ্ড, ফিলছফাৰ, গাইড৷ আমাৰ অনুষ্ঠান কি কেনেদৰে কৰিম তেওঁৰ লগত আলোচনা কৰিহে তাৰিখ নিৰ্ধাৰণ কৰা হয়৷ আমি জুবিনৰ উপদেশমতে আগুৱাই যাওঁ৷ অসংখ্য ভিডিঅ’ত জুবিনে কৈছে যে অনুষ্ঠানবোৰ শ্যামকানু আৰু মই একেলগে পাতিছো৷ এনেকুৱা এজন মানুহৰ মৃত্যু মোৰ বাবে আপোন সত্ত্বাৰ মৃত্যু৷ মই মানসিকভাৱো বিধবস্ত, বহুতে ফোন কৰিছে ফোন ধৰাৰ অৱস্থাত নাছিলো৷ 

আমাৰ অনুষ্ঠান সমূহত অসমৰ ভাল কথাখিনি নিবলৈ প্ৰয়াস কৰো৷ চাহ, অগৰ, পৰ্যটন, মুগা, বিহু, সত্ৰীয়া, জনগোষ্ঠীয় সংস্কৃতি, কৃষিজাত সামগ্ৰী আমি অনাৰ চেষ্টা কৰো৷ অসমৰ সম্পদ, সংস্কৃতিজগতৰ মহীৰূহ জুবিন আমাৰ ব্ৰেণ্ড এম্বাচাদৰ৷ ভাৰতৰেই এক বৃহৎ অনুষ্ঠানটোত জুবিন থকাটো স্বাভাৱিক৷ ভৱিষ্যতেও বিশ্বৰ যিকোনো প্ৰান্তত আমাৰ অনুষ্ঠান হ’লেও জুবিন গলহেঁতেন৷ তেওঁক নিনিও বা নাহিৰি বা আহিবই লাগিব বুলি ক’বলৈ মোৰ সাহস নাই৷ ছিংগাপুৰত লগ পাই জুবিনক দলটোৰ সন্মুখত কৈছিলো হোটেলতে থাকি জিৰণি লবি৷ তেওঁৰ লগত কিয় লাগি থকা নাছিলো বুলি মোক সকলোৰে জবাবদিহি কৰিছে৷ আমাৰ অনুষ্ঠানৰ বাবে আমাৰ লগত উত্তৰ-পূবৰ পৰা বৃহৎ দল আহিছে৷ আমি দলবোৰ অনা-নিয়া বা ৰখা, প্ৰদৰ্শনী নিৰ্মাণ ইত্যাদি অনুষ্ঠান আয়োজনত ব্যস্ত আছিলো৷ আগতেও জুবিন আহে, আমি একেৰাহে লাগি নাথাকো৷ বিশেষকৈ বিদেশত অচিনাকি ঠাইত বাকী আয়োজন কৰাটো বৃহৎ প্ৰত্যাহ৩ান৷ আগতেও স্থানীয় অসমীয়া সমাজে জুবিনক সহযোগিতা কৰে৷ এইবাৰো অসম এচছিয়েছনে জুবিনক বিমান বন্দৰত আদৰণি জনাই লৈ আনিছিল৷ ১৭ তাৰিখে সন্ধিয়া ছিংগাপুৰলৈ আহি অতি উৎসাহী হৈ আছিল জুবিন৷ ২০ তাৰিখে আমাৰ অনুষ্ঠানত ভূপেনদাৰ প্ৰতি কেনেকৈ শ্ৰদ্ধাঞ্জলি দিব পাৰি আমি দুয়ো মিলি বহু আলোচনা কৰিছিল৷ ভূপেন দাৰ এশ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এটা ভিডিঅ’ কৰিছিলো৷ পাছফালে ভিডিঅ’টো চলিব আৰু ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’ গীতটোৰে আমি লৈ যোৱা অসমীয়া দলটোৱে এটা নৃত্য প্ৰদৰ্শন কৰিব৷ ছিংগাপুৰত থকা বিভিন্ন ৰাষ্ট্ৰদূত, মন্ত্ৰী, উদ্যোগপতি থকা অনুষ্ঠানত সঞ্জীৱ নাৰায়নে প্ৰকাশ কৰা ভূপেনদাৰ কিতাপখন উন্মোচন কৰাৰ কথা আছিল৷ ‘নিয়ৰৰ ফুল’ গীতটো গীটাৰ লৈ গাব বুলি জুবিনে নিজেই পৰিকল্পনা কৰিছিল৷ নিয়তিয়ে এইখিনি হ’বলৈ নিদিলে৷ সত্যখিনি এয়াই৷ আমাৰ ওপৰত সম্পূৰ্ণ তদন্ত হওক, আমাৰ লুকুৱাবলৈ একো নাই৷ উপৰো¸উক্ত সকলো কথা তথ্য তথ্য, সত্যৰ ওপৰত প্ৰতিস্থিত৷ আৰক্ষীয়ে কৰা সকলো তদন্তত আমি সম্পূৰ্ণ সহযোগিতা কৰিম৷ 

মোৰ অতি মৰমৰ ভগ্নীসদৃশ গৰিমাই জুবিনক আৱৰি ৰাখিছিল৷ এইটো গৰিমাৰেই নহয় সমগ্ৰ দেশখনৰ বাবে বৃহৎ ক্ষতি৷ গোটেই দলটো শোকত বিধবস্ত হৈছে, অসমীয়া ৰাইজ বিধবস্ত, এই সময়ত সমবেদনাৰ ভাষা নাই৷ সমগ্ৰ ৰাইজৰ লগত আমি এই বেজাৰৰ সমভাগী, সকলো ৰাইজলৈ সেৱা আৰু ক্ষমা প্ৰাৰ্থনা কৰিলো৷