
ৰাজনীতি নকৰিব
কথা-বতৰাবোৰ যেনেকুৱা হ’ব নালাগে বুলি প্ৰায় তিনি কোটি বিছ লাখ মানুহৰ অধিকাংশই বিচাৰিছিল, এতিয়া যেন তেনেকুৱাই হৈছে৷ ক’ৰবাত কোনোবাখিনিত যেন বেছিভাগ মানুহে নিবিচৰা, আশা নকৰা কথা-কাণ্ডবিলাকেই হ’বলৈ আৰম্ভ কৰিছে! এনেকুৱাতে সজভাৱে কথা-বতৰাবোৰ চিন্তা কৰা মানুহখিনি দোমোজাত পৰিছে, আশংকা বাঢ়িছে– সঁচাকৈয়ে ন্যায় নহ’ব নেকি! মূল বিষয়টোৰ পৰা খুব কৌশলেৰে মানুহক আঁতৰাই নিব খোজা হৈছে নেকি! হ’বও পাৰে৷ আচৰিত হ’বলগীয়া একো নাই৷ খুব সন্তৰ্পণে যেন কিবা এটা চলি আছে!
বিষয়টো– জুবিন গাৰ্গৰ আকস্মিক মৃত্যু৷ সমগ্ৰ জাতিক শোকাহত কৰি ৰখা এটা ঘটনা৷ যাৰ প্ৰভাৱৰ পৰা এতিয়াও মুক্ত হ’ব পৰাই নাই অসমৰ জনতা৷ এটা পষেক পাৰ হৈ গ’ল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ৷ কিন্তু সময় যিমানেই আগুৱাইছে, শোকাহত জনতাৰ আশংকাও বাঢ়ি বাঢ়ি গৈ আছে৷ মন কৰক, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো লাহে লাহে কেনেকৈ এটা ৰাজনৈতিক বিষয় হোৱাৰ দিশে আগবাঢ়ি গৈছে৷ আচলতে আগবাঢ়ি নিজে নিজে গৈ থকা নাই, তাক খুব কৌশলেৰে আগবঢ়াই নি থকা হৈছে৷ অথচ জীৱিত কালত জুবিন গাৰ্গে কেতিয়াও ৰাজনীতিৰ কাষ চপা নাছিল আন বহু গায়ক-গায়িকা বা গ্লেমাৰাছ অভিনেতা-অভিনেত্ৰীৰ দৰে৷
মানুহৰ আৱেগ-অনুভূতিক লৈ ৰাজনীতি অসমত বহুত চলিল৷ বিদেশী বহিষ্কাৰ আন্দোলনৰ পৰা আৰম্ভ কৰি আলফাৰ সংগ্ৰাম-‘কা’ আন্দোলনলৈকে৷ প্ৰতিবাৰেই কিন্তু জনতাক বৰ বেয়াকৈ অসন্মান কৰা হ’ল৷ সাধাৰণ মানুহৰ সঁচা আৱেগক লৈ খেলা হ’ল৷ নিজে ক’ব নোৱৰাকৈয়ে অসমীয়া মানুহ ৰাজনীতিৰ চিকাৰ হৈ পৰিল৷ কোন কেতিয়া কাৰ স্বাৰ্থত ব্যৱহাৰ হ’ল গমকেই নাপালে৷ যেতিয়ালৈ কথাবোৰ ৰাইজে বুজিলে, তেতিয়ালৈকে বহুত দেৰি হৈ গ’ল৷
এই যে অসমীয়া মানুহৰ আৱেগ, সেই আৱেগক লৈ ক’ত কোন সময়ত আৰু কেনেকৈ খেলিব লাগে, সেই কথাটো ৰাজনীতি কৰা এচাম মানুহে যোৱা তিনি-চাৰিটা দশকত খুব ভালকৈ বুজি পাইছে৷ এইবাৰ যাতে তেনেকুৱা নহয়৷ হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ, লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ বা ৰাজনীতি কৰা আন কোনেও যাতে অন্ততঃ জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি নকৰে৷ এইসকল ৰাজনৈতিক নেতাকে ধৰি আন কেইটামান দল-সংগঠনৰো কথা-কাণ্ডবিলাক খুব দৃষ্টিকটূভাৱে ধৰা পৰিছে৷ প্ৰতিটো কথাতে ৰাজনীতি কৰিব খোজাসকলে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাটোক লৈও যে তলে তলে পৰিকল্পনা ৰচিছে, সেয়া তেওঁলোকৰ কাম-কাজতেই ফুটি উঠিছে৷ সকলো ক্ষেত্ৰতে মূৰটো সুমুৱাই পানী ঘোলা কৰিব বিচৰা ৰাজনৈতিক নেতা অসমত দুই-এজন আছে৷ তেওঁলোকৰ বাবে যেন আৰু এটা সুযোগ আনি দিলে জুবিন গাৰ্গৰ বিয়োগে৷ এইসকল ৰাজনীতি কৰা নেতাই অলপ লাজ কৰিবলৈ শিকক৷ মুখ্যমন্ত্ৰীয়েই হওক বা লুৰীণজ্যোতি গগৈ-অখিল গগৈয়েই হওক, জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে লেটিয়াই ৰাজনীতিৰ গোন্ধ বিয়পোৱা কথাবোৰ ক’বলৈ শীঘ্ৰে বন্ধ কৰা উচিত৷ আপোনালোকে মন দিয়ক এই মৃত্যুৰ ঘটনাৰ সঠিক তদন্তত৷ জুবিন গাৰ্গৰ মৃত্যুৱে কিন্তু বহুতৰে মুখা খুলিলে৷ সেই মুখা খোল খোৱা মানুহবিলাকৰ তালিকাত ৰাজনীতি কৰি থকা নেতাৰ নাম যদি সন্নিবিষ্ট হৈ গৈ থাকে, তেন্তে বাৰে বাৰে ঠগ খোৱা অসমৰ সাধাৰণ জনতাই এইবাৰ সঁচাকৈয়ে ভাবিব যে ৰাজনীতি কৰা এচাম মানুহ আৰু শগুনৰ মাজত বৰ বিশেষ এটা পাৰ্থক্য নাই৷
জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাটোৱে নতুন নতুন বহু দিশ উন্মোচিত কৰিলে ঠিকেই; সিবিলাকৰো সঠিক অনুসন্ধান হোৱাটো নিতান্তই দৰকাৰ৷ কিন্তু মূল বিষয়টো যাতে হেৰাই নাযায়৷ জুবিনক হেৰুৱাই বিগত প্ৰায় এটা পষেকত অসমৰ মানুহ আৱেগিকভাৱে বিধ্বস্ত হৈ আছে৷ তাৰ মাজত যদি এই বিষয়টোক লৈ আমাৰ একাংশ ৰাজনৈতিক নেতাই আপচু ৰাজনীতি আৰম্ভ কৰে, তেন্তে সমস্ত ঘটনাটোৰেই ৰহস্য হয়তো কেতিয়াও খোল নাখাব৷ প্ৰকৃত সত্য জুবিন গাৰ্গৰ পৰিয়ালেও নাজানিব বা অসমৰ জনতায়ো নাজানিব৷
এই তদন্ত প্ৰক্ৰিয়াটোৰ অভ্যন্তৰত খুব কৌশলীভাৱে কাৰোবাৰ স্বাৰ্থত কিবা এটা চলি আছে নেকি! বহুতৰে মনত এতিয়া দোলা দিছে এই প্ৰশ্নই৷ সেই কথাবোৰ স্পষ্ট হোৱাটো খুবেই দৰকাৰ৷ অন্ততঃ জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ ক্ষেত্ৰত৷ বহুতৰে মনলৈ এই প্ৰশ্নও আহিছে যে এনে এক স্পৰ্শকাতৰ সময়ত দুই-এক ৰাজনৈতিক নেতাই পানী ঘোলা কৰিবলৈ যিধৰণৰ মন্তব্য কৰি আহিছে, সেয়াও আন কোনোবাইহে আঁতৰৰ পৰা নিয়ন্ত্ৰণ কৰি আছে নেকি? এই কথাবোৰ কিন্তু এৰাই চলিব মুঠেও নোৱাৰি৷ এছ আই টিৰ অনুসন্ধান বা ন্যায়িক আয়োগৰ তদন্ত দুয়োটাই গঠন কৰি দিছে ৰাজ্য চৰকাৰে৷ গতিকে এই তদন্ত প্ৰক্ৰিয়াক যাতে চৰকাৰখনৰ ভিতৰৰ পৰাই হওক বা বাহিৰৰ পৰাই হওক কোনেও বিঘ্নিত কৰিব নোৱাৰে কিম্বা আন দিশলৈ লৈ যাব নোৱাৰে, তাৰ প্ৰতি সৰ্বাধিক গুৰুত্ব দিব লাগিব চৰকাৰখনেই৷