সাৱধান! আহি আছে নতুন বাৰ্ড ফ্লু, সংক্ৰমণ হয় মানুহৰ যোগেদিও
আমাৰ অসম, ৩০ এপ্ৰিলঃ দেশজুৰি কৰ’নাৰ দ্বিতীয় লহৰে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে এক নতুন ভাইৰাছ সংক্ৰমিত হোৱাৰ বাতৰি পোৱা গৈছে৷ এই নতুন ভাইৰাছটো হ’ল এক প্ৰকাৰে নতুন বাৰ্ড ফ্লু৷ এইবাৰ এই ভাইৰাছ মুৰ্গী বা পাখিৰ যোগে দি নহয়, মানুহৰ মাধ্যমেৰেও এই ভাইৰাছ সংক্ৰমণ হয়৷ ৰাছিয়াত পৰীক্ষাগাৰত পৰীক্ষা কৰি এই ভাইৰাছটিৰ বিষয়ে জনাইছে যে এইটো Avian Fluৰ H5N8৷ যি অত্যন্ত ভয়াৱহ৷ ২০১৩ বৰ্ষত H7N9ত সংক্ৰমিত হৈছিল ১,৫০০ জন মানুহ, ইয়াৰ ভিতৰত মৃত্যু হৈছিল ৬০০জনৰ৷ ইতিমধ্যে ইউৰোপত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে লাখ লাখ মুৰ্গী৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাছিয়াৰ এখন বিশাল মুৰ্গীৰ ফাৰ্মত ৮ লাখ মুৰ্গী তৎক্ষনাত মাৰি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আমেৰিকাৰ মুৰ্গীৰ ফাৰ্মত কৰ্মৰত কেইবাজনো লোকৰ শৰীৰত দেখা দিছে এই ভাইৰাছ৷