Logo
image

অসমক অশান্ত কৰাৰ চক্ৰান্ত চলিছেঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু নতুন দিল্লীৰ প্ৰতিনিধি, ১৫ অক্টোবৰঃ  জুবিন গাৰ্গৰ মৃত্যুৰ দিনৰ পৰাই অসমক অশান্ত কৰাৰ চক্ৰান্ত চলিছে৷ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি এচামে নিৰ্বাচন জিকাৰ সপোন দেখিছে৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰক  ছিংগাপুৰত চলি থকা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিষয়া ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰক যাতে জনায় তাৰ বাবে ছিংগাপুৰ চৰকাৰক অনুৰোধ কৰিবলৈ আহ্বান জনাইছো৷ ছিংগাপুৰৰ উচ্চায়ুক্তকো অসম ভৱনলৈ নিমন্ত্ৰণ কৰি কথা পাতিছো৷ তেওঁক কৈছো যিমান সোনকালে পাৰে আমাক যাতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সবিশেষ দিয়া হয় যাতে ই অসম আৰক্ষীৰ তদন্তত সহায়ক হ’ব পাৰে৷ জুবিন গাৰ্গৰ মৃত্যুৰ দিনাৰ পৰাই অসমক অশান্ত কৰিবলৈ এচাম লোকে অহৰহ চেষ্টা কৰি আছিল৷ প্ৰতিটো দিনেই তেওঁলোকে মানুহক কেনেকৈ উত্তেজিত কৰিব পাৰি তাৰ বাবে অহৰহ ষড়যন্ত্ৰ চলাই আছিল৷ আমি সকলোৱে জানো যে আমাৰ দেশত ন্যায় প্ৰদানৰ অধিকাৰ কেৱল আদালতৰ আছে৷ আদালতত এটা শক্তিশালী গোচৰ লৈ যোৱাৰ দায়িত্ব আৰক্ষী-প্ৰশাসনৰ৷ আৰক্ষী প্ৰশাসনে বা এছ আই টিয়ে বিভিন্ন প্ৰমাণ, মানুহৰ কথা বতৰা, বিভিন্নজনক জেৰা আৰু বিভিন্নজনক গ্ৰেপ্তাৰৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাটো আদালতৰ সমুখলৈ অহাৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে৷ আমি নিশ্চিত যে নিৰ্ধাৰিত সময়তকৈ বহু আগতে আমি আদালতত অভিযোগনামা দাখিল কৰিব পাৰিম৷ এনে সময়তে জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি এচাম লোকে অহৰহ প্ৰচেষ্টা চলাই আছে৷ এনে প্ৰচেষ্টাই অসমক মাত্ৰ পিছুৱাই লৈ যাব পাৰিব৷ এনে প্ৰচেষ্টাই অসমক কেতিয়াও আগুৱাই নিব নোৱাৰে৷ যোৱা পাঁচটা বছৰত ৰাজ্যখনত যি বিকাশ আহিছে, প্ৰগতি আহিছে সেই পৰিৱেশক মষীমূৰ কৰি মাত্ৰ ৰাজনৈতিকভাৱে কিছুলোকে নিজৰ অভিসন্ধি পুৰাবৰ বাবে  ৰাজ্যত যি ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিব খুজিছে সেয়া গৰিহণাযোগ্য৷ আজি বাগ্‌ছাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা হৈছে সেয়া অতি দুভাৰ্গ্যজনক৷ এই ঘটনাৰ বাবে আমি অত্যন্ত মনোকষ্ট পাইছো৷ অসমৰ দৰে এখন সভ্য দেশত বা ভাৰতৰ দৰে সভ্য দেশত ন্যায় প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আমি আদালতৰ ওপৰত বিশ্বাস ৰাখিবই লাগিব৷ মহাত্মা গান্ধীৰ মৃত্যুৰ পাছতো ন্যায়ৰ প্ৰক্ৰিয়া হৈছিল৷


নাথুৰাম গডচেক শাস্তি দিবলৈও ন্যায়ালয়ে এবছৰ-দুবছৰ লৈছিল৷ ৰাজীৱ গান্ধীৰ মৃত্যুৱেই হওক বা ইন্দিৰা গান্ধীৰ মৃত্যুৰ ঘটনাই হওক প্ৰতিটো হত্যাৰ ঘটনাৰ শাস্তি ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰেই হৈছিল৷ ৰাজনৈতিক দলসমূহে সাধাৰণ ৰাইজক যিসকলে জুবিন গাৰ্গক প্ৰাণভৰি ভাল পায় তেওঁলোকক উত্তেজিত কৰাৰ যি প্ৰচেষ্টা ই অসমৰ স্বাৰ্থত নহয়৷ ই বহুদিনলৈ অসমক ক্ষতি কৰিব৷ ‘কা’ আন্দোলনে যিদৰে অসমক বহু দিনলৈ ক্ষতি কৰিছিল৷ এই ব্যৱস্থাটোৱে অসমক বহুদিনলৈ ক্ষতি কৰিব৷ মই ৰাইজক আহ৩ান জনাম যে যাৰ ৰাজনৈতিক উদ্দেশ্য আছে তেওঁলোকক ৰাজনীতি কৰিবলৈ দিয়ক৷ সাধাৰণ জনতাই ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰখা উচিত৷ অসম আৰক্ষীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত তদন্ত কৰি সকলো দোষীক ন্যায়ালয়ৰ সমুখলৈ লৈ যাব৷ তেওঁ আৰু কয়– কালি ছিংগাপুৰে আমাক বিচাৰিছে এছ আই টিৰ কোন কোন আৰক্ষী বিষয়া ছিংগাপুৰলৈ যাব আৰু আলোচনাৰ বিষয়বস্তু কি হ’ব৷ ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে ছিংগাপুৰ কতৃৰ্পক্ষক জনাইছে যে দুজন আৰক্ষী বিষয়া যাব বুলি৷ ছিংগাপুৰ কতৃৰ্পক্ষই সেউজ সংকেত দিলেই আমি তেওঁলোকক পঠিয়াব পাৰিম৷ ছিংগাপুৰ আৰক্ষীয়েও তদন্ত চলাই আছে উক্ত ঘটনা সন্দৰ্ভত৷ তেওঁলোকৰ আদালততো ছিংগাপুৰে তিনি মাহৰ ভিতৰত অভিযোগনামাই হওক বা ক্লোজাৰ ৰিপ’ৰ্ট দাখিল কৰিব৷ উপ-উচ্ছায়ুক্তই জনাইছে যে ছিংগাপুৰ শুনানিৰ আদালতত ৰাজহুৱাভাৱে হয়৷ তাত তদন্ত চলি থকাৰ সময়ত কোনো তথ্য ৰাজহুৱা কৰা নহয়৷ প্ৰয়োজনত দুই দেশৰ আৰক্ষীৰ তদন্তৰ তথ্য আদান প্ৰদান হ’ব৷ কিন্তু জুবিন গাগৰ মৃত্যুৰ পাছত প্ৰতিটো পদক্ষেপত ৰাইজক উত্তেজিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এটা মহলে নিৰ্বাচনৰ পূৰ্বে অসমখন অশান্ত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে৷ বাগ্‌ছাৰ ঘটনা তাৰেই অংগ৷ জুবিন গাৰ্গৰ মৃত্যু কাৰো বাবে ৰাজনৈতিক আশীৰ্বাদ হ’ব নোৱাৰে৷ জুবিন গাৰ্গৰ ঘটনাক এপ্ৰিললৈ লৈ যাব বিচৰা হৈছে যাতে এইটো ঘটনাৰ সহায়ত নিৰ্বাচন খেলিব পাৰে৷ ৰাইজে ৰাজনীতি কৰা নাই৷ ৰাইজ আবেগিক৷ ৰাইজক যিসকলে ভুল তথ্য দি আছে তেওঁলোক ৰাজনৈতিক৷ বাগ্‌ছাৰ ঘটনা হ’ল জুবিন গাৰ্গৰ প্ৰতি অসমৰ মানুহৰ আবেগৰ প্ৰতিফলন৷ কিন্তু যিখিনি মানুহে মিছা কথা উলিয়াই আছে তেওঁলোকে জুবিন গাৰ্গক কেতিয়াও ভাল পোৱা নাাছিল৷ সৰহসংখ্যক লোকে ৰাজীৱ শদিয়াৰ ঘটনাৰ পাছত জুবিন গাৰ্গক সমালোচনা কৰিছিল৷ আজি তেওঁলোকে নিজৰ নিজৰ ফেচবুক পোষ্টবোৰ ডিলিট কৰি নিশাটোৰ ভিতৰত জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰিছে৷ মোক এটা উদাহৰণ দেখুৱাই দিয়ক প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে জুবিন গাৰ্গৰ অনুষ্ঠান চোৱাৰ৷ অখিল গগৈ আৰু তেওঁৰ অনুগামীসকলে আটাইতকৈ বেছিকৈ জুবিন গাৰ্গক সমালোচনা কৰিছিল৷ আজি সেই সকলেই হঠাৎ জুবিন গাৰ্গৰ ‘বন্ধু হৈ পৰিল৷