এএছপি গীতাৰ্থৰ বাবেই জ্বলি উঠিল বাক্সা
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ অক্টোবৰঃ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অনুৰাগীসকলে ন্যায় বিচৰাৰ সময়তে বুধবাৰে কাৰ্যতঃ যুদ্ধ ক্ষেত্ৰত পৰিণত হ’ল বাক্সা৷ জুবিনৰ মৃত্যুৰ গোচৰ অভিযুক্তকেইটাক বাক্সাৰ নিকাছিস্থিত কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণৰ সময়তে সংঘটিত অনাকাংক্ষিত পৰিস্থিতিৰ বাবে জগৰীয়া কোন তাক লৈ এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হৈছে৷ অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক চৰকাৰে ৰাজ আতিথ্য দিয়াৰ বাবেই গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰিৱৰ্তে বাক্সাৰ নিকাছিত নৱনিৰ্মিত কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে নেকি, এই লৈ হাজাৰ হাজাৰ লোকে নৱনিৰ্মিত কাৰাগাৰৰ সন্মুখত বুধবাৰে সাব্যস্ত কৰা শান্তিপূৰ্ণ প্ৰতিবাদে এটা সময়ত হিংসাত্মক ৰূপ ধাৰণ কৰে৷ ফলত দুজন অনুৰাগী গুলীবিদ্ধ হোৱাৰ লগতে অৰ্ধশতাধিক আৰক্ষী, জুবিন অনুৰাগী আৰু সাংবাদিক আহত হ’বলগীয়া হয়৷ কিন্তু, মুহূৰ্তৰ ভিতৰতে শান্ত বাক্সা জ্বলি উঠাৰ বাবে এতিয়া সকলোৰে দোষাৰূপ কৰিছে এজন আৰক্ষী বিষয়াক৷ খাকী পোছাকৰ বলত ক্ষমতাৰ অপব্যৱহাৰ কৰি বুধবাৰে বাক্সা গুলীচালনা কৰিবলগীয়া পৰিস্থিতি সৃষ্টি কৰাৰ মূল ব্যক্তিজন বাগ্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে৷ কুখ্যাত ৰাকেশ পালৰ আমোলত ২০১৪ বৰ্ষত এপিএছচি পৰীক্ষাত বাছনি লাভ কৰা অন্যতম সন্দেহজনক প্ৰাৰ্থী হিচাপে পৰিচিত অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাই কাৰাগাৰৰ প্ৰৱেশদ্বাৰৰ বাহিৰত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা জুবিনৰ অনুৰাগীসকলৰ ওপৰত এফালৰ পৰা লাঠীচালনা কৰাৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে৷ গীতাৰ্থ দেৱশৰ্মাই লাঠীচালনা কৰাৰ পাছতেই প্ৰতিবাদী ৰাইজে আৰক্ষীলৈ শিল গুটি নিক্ষেপ কৰাত এটা সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়৷
ফলত দুজনকৈ জুবিন অনুৰাগী গুলীবিদ্ধ হৈ এতিয়া হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰে যুঁজ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এএছপি গীতাৰ্থ দেৱ শৰ্মাই কাৰাগাৰৰ চৌহদৰ ভিতৰৰ পৰা ওলাই আহি কৰ্তব্যৰত সাংবাদিকক গতিয়াই প্ৰতিবাদী ৰাইজৰ ওপৰত নিৰ্বিচাৰ লাঠি চালনা কৰিছিল, সেই ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি দিনৰ প্ৰায় ডেৰ বজাত যেতিয়া শ্যামকানু, সিদ্ধাৰ্থসহ ৫ অভিযুক্তক লৈ নিকাছি কাৰাগাৰৰ সন্মুখত আৰক্ষীৰ কনভয়টো উপস্থিত হৈছিল, সেই সময়তে একাংশ অনুৰাগীয়ে আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি শিলগুটি-চেণ্ডেল আদি নিক্ষেপ কৰে৷ অৱশ্যে, কৰ্তব্যৰত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে যদিও ইয়াৰ পাছতেই ৰাইজে কাৰাগাৰৰ প্ৰৱেশদ্বাৰৰ বাহিৰত বহি লৈ বিভিন্ন শ্লো’গান দিবলৈ আৰম্ভ কৰে৷ সেই সময়ত ৰাইজে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছিল যদিও ইয়াৰ মাজতে আকস্মিকভাৱে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাই কাৰাগাৰৰ প্ৰৱেশদ্বাৰৰ ভিতৰৰ পৰা ওলাই আহি এফালৰ পৰা লাঠি চালনা কৰিবলৈ আৰম্ভ কৰে৷ গীতাৰ্থ দেৱশৰ্মাৰ এই লাঠি চালনাৰ পাছতেই ৰাইজ অধিক উত্তেজিত হৈ পৰে আৰু আৰক্ষীৰ ওপৰতো শিলগুটি নিক্ষেপ কৰাত পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়৷ লক্ষণীয়ভাৱে, এপিএছ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাই জুবিন অনুৰাগীৰ ওপৰত লাঠি চালনা কৰি অনাকাংক্ষিত ঘটনাৰ সূত্ৰপাত কৰাৰ সময়তে গুৱাহাটীত বহি গীতাৰ্থৰ পিতৃ তথা এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই ফেচবুকত ‘জুবিনৰ আদৰ্শৰ প্ৰথম প্ৰতিফলন বাক্সা’ বুলি এটা পোষ্ট দিয়ে৷ মৃত্যুৰ পাছতো হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গক সামাজিক মাধ্যমত এনেদৰে সমালোচনা কৰাত বিভিন্নজনে হিতেশ দেৱশৰ্মাক ফেচবুকতে উভতি ধৰে৷ জুবিন অনুৰাগীৰ ক্ষোভ দেখি ‘ফাট মেলা বসুমতী পাতালে লুকাও’ দৰে নীতি গ্ৰহণ কৰি হিতেশ দেৱশৰ্মাই ফেচবুকৰ পৰা নিজৰ পোষ্টটো ডিলিট কৰিবলৈ বাধ্য হয়৷ উল্লেখ্য এপিএছ গীতাৰ্থ দেৱশৰ্মাই কুখ্যাত ৰাকেশ পালৰ আমোলত দুই নম্বৰীৰে চাকৰি লাভ কৰাৰ অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়তো গোচৰ ৰুজু কৰিছিল ভুক্তভোগী প্ৰাৰ্থীয়ে৷






