বক্স অফিচত ‘ৰৈ ৰৈ বিনালে’ৰ ছুনামি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু মহানগৰ সংবাদ, ২৫ অক্টোবৰঃ অসমবাসীৰ বাবে প্ৰাণাধিক মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জুবিন অনুৰাগীৰ সন্মুখত প্ৰথম লক্ষ্য আছিল এক মিলিয়ন৷ জুবিন অনুৰাগীয়ে ৰাজহুৱাভাৱে এই আহ৩ান জনোৱাৰ পাছতে ধুমুহাৰ সৃষ্টি হয় ‘হেজ টেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ’ [#JusticeForzubeenGarg]৷ ইতিমধ্যে ‘হেজ টেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ’ শীৰ্ষক ডিজিটেল কেম্পেইনে ৩ মিলিয়ন অতিক্ৰম কৰিছে৷ জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ ছবিকলৈও অনুৰাগীৰ বাবে প্ৰাথমিক লক্ষ্য এশ কোটি টকা সংগ্ৰহৰ৷ জুবিন গাৰ্গৰ ছবিৰ বাবে যিটো তেনেই স্বাভাৱিক৷ কিয়নো গঢ়ে প্ৰতিটো টিকটৰ মূল্য যদি ২০০ টকা বুলি ধৰি লোৱা হয় ৫০ লাখ লোকে টিকট ক্ৰয় কৰিলেই সংগ্ৰহ হ’ব ১০০ কোটি টকা৷ অসমীয়া ছবিৰ বাবে এই সংগ্ৰহে অভিলেখ গঢ়াটো নিশ্চিত৷ এতিয়ালৈ অসমীয়া ছবিৰ ক্ষেত্ৰত সৰ্বাধিক ধন সংগ্ৰহ কৰিছে ‘বিদূৰভাই’ নামৰ ছবিখনে৷ ‘বিদূৰভাই’ নামৰ ছবিখনে মুঠ ১৫.৭৫ কোটি টকা সংগ্ৰহ কৰিছে৷ দ্বিতীয় স্থানত আছে ‘ভাইমন দা’৷ ভাইমন দাই সংগ্ৰহ কৰিছে ১৪.৩১ কোটি টকা৷ তৃতীয় স্থানত আছে ‘ৰঘূপতি’৷ ‘ৰঘূপতি’ৰ মুঠ অৰ্থ সংগ্ৰহ ১৩.৪১ কোটি টকা৷ জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ নামৰ ছবিখনে যে এই সীমা অতিক্ৰম কৰিব তাত কোনো সন্দেহ নাই৷ উল্লেখ্য, সংগীতৰ ভগৱান জুবিন গাৰ্গৰ বহু চৰ্চিত ছবি ‘ৰৈ ৰৈ বিনালে’ নামৰ ছবিখনে ইতিমধ্যে গঢ়িলে অভিলেখ৷ প্ৰতি ঘণ্টাত ১৫ হাজাৰ বুকিঙেৰে প্ৰি বুকিং এপত ট্ৰেণ্ডিঙত থাকি অভিলেখ গঢ়িলে ‘ৰৈ ৰৈ বিনালে’ নামৰ ছবিখনে৷ মুক্তিৰ পূৰ্বেই ছবিখনে লাভ কৰিছে ৪৯ হাজাৰৰো অধিক ৰেটিং৷ বক্স অফিচত কাৰ্যতঃ ‘ৰৈ ৰৈ বিনালে’ৰ ছুনামি হৈছে৷ ছবিখনৰ অগ্ৰীম টিকট মুকলি কৰাৰ লগে লগে নিমিষতে শেষ হৈছে প্ৰায় সকলো টিকট৷ গভীৰ প্ৰতীক্ষাৰে ৰৈ থকা জুবিন অনুৰাগীয়ে ছবিখনৰ টিকট লাভৰ বাবে ‘বুক মাই শ্ব’ত ৰিমাইণ্ডাৰ দি থৈছে৷ দৰ্শকৰ হেঁচাৰ কথা অনুভৱ কৰি গুৱাহাটীৰ কেইবাটাও ছবিগৃহৰ স্বত্তাধিকাৰীয়ে পুৱা ৬ বজাৰ পৰাই দৰ্শনী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে৷ ‘মেটিক্স চিনেমা’কে আদি কৰি কেইবাটাও ছবিগৃহৰ স্বত্তাধিকাৰীয়ে হিন্দী ছবিৰ প্ৰদৰ্শন বাতিল কৰিছে৷ গুৱাহাটীত ‘ৰৈ ৰৈ বিনালে’ৰ দৈনিক দৰ্শনী হ’ব ১৩৬ টা৷ উল্লেখ্য, জুবিন গাৰ্গে সদায় অসমীয়া ছবিয়ে ডাঙৰ ডাঙৰ ছবিগৃহত সফলতা লাভ কৰি বিস্তৃত পৰিসৰৰ দৰ্শকৰ মাজলৈ যোৱাৰ সপোন দেখিছিল৷ তেওঁ বিচাৰিছিল প্ৰতিখন অসমীয়া চিনেমাই বক্স অফিচত ভাল প্ৰদৰ্শন কৰক৷ ছবি নিৰ্মাণৰ বাবে আগবাঢ়ি অহাসকলে মানুহৰ কল্পনাশক্তিক সঁচা অৰ্থত আকৰ্ষণ কৰিব পৰা চিনেমা সৃষ্টি কৰক৷ তাৰ বাবে সকলোকে উৎসাহ যোগাইছিল তেওঁ৷ জুবিন গাৰ্গৰ সেই সপোন এতিয়া সঁচা হোৱাৰ দিশে৷ ছবিখনৰ আগতীয়া বুকিঙে অসমীয়া ছবিজগতত অভূতপূৰ্ব ধাৰা গঢ়ি তুলিছে৷ জুবিন গাৰ্গৰ হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমৰ ছবিগৃহসমূহত বাতিল কৰা হৈছে বলিউডৰ কেইবাখনো ছবিৰ দৰ্শনী৷ গুৱাহাটীৰ চিনে পলিচত ৰখা হৈছে মুঠ ১৯টা দৰ্শনী৷ সমান্তৰালভাৱে, পিভিআৰত ১৬টা দৰ্শনী, পল্টন বজাৰ গ্ৰেণ্ড চিনে ১০টা দৰ্শনী, আইনক্সত ১৬টা দৰ্শনী, বেলতলা মেট্ৰিক্সত ১২টা দৰ্শনী ৰখা হৈছে৷ উল্লেখ্য যে ছবিখনৰ অগ্ৰিম টিকট মুকলিৰ পূৰ্বেই প্ৰায় ১৮ হাজাৰ জুবিন অনুৰাগীয়ে দি থৈছিল ৰিমাইণ্ডাৰ৷ প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে চোৱাৰ বাবে আশাৰে বাট চাইছে এতিয়া প্ৰতিজন জুবিনপ্ৰেমীয়ে৷ আনহাতে, ছবিখন দেশৰ লগতে বিদেশৰ ২০খন দেশত মুক্তি দিয়াৰ যো-জা চলাইছে প্ৰযোজকে৷ কায়িকভাৱে প্ৰাণৰ শিল্পীজন আমাৰ মাজত নাথাকিলেও তেওঁ অসমীয়া চিনেমা জগতলৈ এনে এখন ছবি উপহাৰ দি গ’ল যিখন ছবি সম্ভাৱনাময়ভাৱে ব্লকবাষ্টাৰ হোৱাৰ দিশে৷ টিকট বিক্ৰীৰ ক্ষেত্ৰত ইতিমধ্যে ছবিখনে ব্লকবাষ্টাৰ হৈ গৈছে৷ ৰূপালী পৰ্দাত অন্তিমবাৰৰ বাবে মহানায়ক এই কথাই সকলোকে আৱেগিক কৰি তুলিছে৷ ট্ৰেইলাৰ মুক্তিৰ পাছৰ অনুৰাগীৰ উৎসাহ আৰু শুকুৰবাৰৰ পৰা হোৱা এডভান্স বুকিঙে জুবিন গাৰ্গৰ প্ৰতি অসমীয়া মৰম ফুটাই তুলিছে৷ অসমতে অসমীয়া চিনেমাৰ শ্ব’ৰ বাবে যুদ্ধ কৰিবলগীয়া হোৱা পৰিস্থিতিৰ পাছত বলীউড, হলীউডৰ ছবিৰ আগত হাৰি যোৱা জলীউডৰ এখন ছবি ‘ৰৈ ৰৈ বিনালে’ আজি মূৰ তুলি থিয় দিছে৷
যোৰহাটত ‘ৰৈ ৰৈ বিনালে’ৰ তিনিদিনৰ টিকট শেষ
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ‘ৰৈ ৰৈ বিনালে’ কেৱল এখন চলচ্চিত্ৰ নহয়, ই অসমীয়া জাতিৰ এক আবেগ৷ ছবিখন মুক্তিৰ পূৰ্বেই এই কথা প্ৰতিপন্ন কৰিছে৷ উল্লেখ্য, ৩১ অক্টোবৰত মুক্তি পাব লগীয়া ছবিখনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো আজি টিকটৰ বুকিং মুকলি কৰা হয়৷ যোৰহাটৰ আইন’ক্স আৰু ইলি মাল্টিপ্লেক্সত আজি পুৱাৰে পৰা ছবিখনৰ টিকটৰ বুকিং আৰম্ভ কৰা হয়৷ ছবিখনৰ টিকট সংগ্ৰহৰ বাবে পুৱা জ্ঝ বজাৰ পৰাই দুয়োটা মাল্টিপ্লেক্সত চলচ্চিত্ৰ অনুৰাগীয়ে ভিৰ কৰে৷ অধিকাংশ গ্ৰাহকেই মুক্তিৰ দিনাই ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰে যদিও বহু সংখ্যকে ঘণ্টাৰ পাছত ঘণ্টা ধৰি অপেক্ষা কৰিও প্ৰথম দিনাৰ টিকট ক্ৰয় কৰাত ব্যৰ্থ হয়৷ ফলত দ্বিতীয় অথবা তৃতীয় দিনৰ বাবেহে টিকট ক্ৰয় কৰি তেওঁলোক ঘৰমূৱা হয়৷ আজি সন্ধিয়া ‘আমাৰ অসম’ৰ তৰফৰ পৰা আইন’ক্স মাল্টিপ্লেক্স কতৃৰ্পক্ষৰ সৈতে যোগাযোগ কৰাত তিনিদিনৰ সকলো টিকট বুক হোৱা বুলি জানিবলৈ দিয়ে৷ আনহাতে, ইলি মাল্টিপ্লেক্স কতৃৰ্পক্ষই প্ৰকাশ কৰা মতে, প্ৰথম দুদিনৰ সকলো টিকট বুক হৈছে আৰু তৃতীয় দিনৰ সামান্য সংখ্যক টিকটহে বাকী আছে৷ আজিৰ ভিতৰতে অৱশিষ্ট টিকটো বিক্ৰী হোৱাটো নিশ্চিত বুলি সূত্ৰটোৱে সদৰী কৰে৷ উল্লেখ্য, দুয়োটা মাল্টিপ্লেক্সতে প্ৰতিদিনে ১২টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে৷ ছবিখনৰ টিকট বুক কৰা একাংশ অনুৰাগীয়ে কয় যে, এই টিকট ক্ৰয় কৰি তেওঁলোক আবেগিক হৈ পৰিছে৷ ছবিখন চাই তেওঁলোক কিমান আবেগিক হ’ব সেয়া ভাবিব পৰা নাই৷ ইফালে ছবিখন কেৱল এবাৰ নহয় বহুবাৰ চাব বুলিও একাধিক অনুৰাগীয়ে প্ৰকাশ কৰে৷






