নকওঁ নকওঁ ওহোঁ নকওঁ... অতুল-কেশৱ এইবাৰ ‘বৰ ছিৰিয়াছ’
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ অক্টোবৰঃ পৰিৱৰ্তিত ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত অগপৰ ভৱিষ্যৎ আৰু ’২৬ৰ দিশ নিৰ্ণয় কৰিবৰ বাবে গুৱাহাটীৰ ন মাইলৰ আছুতীয়া, নিৰিবিলি প্ৰান্তত অগপৰ হাইকমাণ্ড অতুল বৰা, কেশৱ মহন্তই অনুষ্ঠিত কৰিলে ছিৰিয়াছ দিকদৰ্শন বৈঠক৷ দুদিন ধৰি ন মাইলৰ বিলাসী ‘এনিয়া’ হোটেলত অনুষ্ঠিত এই ৰুদ্ধদ্বাৰ দিকদৰ্শন বৈঠক অগপৰ ইতিহাসতে সৰ্বাধিক দীঘলীয়া বৈঠক বুলি গণ্য হ’ল৷আজি সন্ধিয়া বৈঠকৰ সামৰণি পৰে৷ পিছে, এই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিলে, কেনেধৰণৰ ভৱিষ্যত পৰিকল্পনা কৰিলে, এই সন্দৰ্ভত কোনো কথাই সংবাদমাধ্যম বা অসমৰ ৰাইজক জনাবলৈ ইচ্ছুক নহয় অগপৰ নেতৃত্ব৷ বৈঠকৰ অন্তত দলটোৰ সভাপতি অতুল বৰাই ক’লে– ‘বহু গুৰুত্বপূৰ্ণ বিষয়ত পুঙ্খানুপুঙ্খ আলোচনা হ’ল, অনেক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল, কিন্তু এই সিদ্ধান্ত সমূহ আমি ৰাজহুৱা কৰিব নোৱাৰিব৷ মুকলি মনেৰে আছুতীয়া, নিৰিবিলি ঠাইত আমি সকলোৱে কথা পাতিলো৷ কালি ৰাজ্যিক বিষয়ববীয়া, এমপি এমএলএ তথা জ্যেষ্ঠ দল নেতাসকলৰ সৈতে বৈঠক অনুষ্ঠিত হ’ল৷ আজি ৩৫খন জিলাৰ সভাপতি সম্পাদকৰ লগতে বিভিন্ন ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াৰে বৈঠক অনুষ্ঠিত হয়৷ স্বাভাৱিকতে বৈঠকত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলো আছিল৷ আমি বহুত বেয়া দিনো দেখিছো, বহুত ভাল দিনো দেখিছো৷ আমি নিৰিবিলিভাৱে ছিৰিয়াছলি দলটোৰ ভৱিষ্যত সম্পৰ্কে পৰ্যালোচনা কৰি কেনেদৰে আগবাঢ়ি যাম, এই সন্দৰ্ভত সিদ্ধান্ত লবলৈকে এই স্থানটোকে নিৰ্বাচিত কৰি কালিৰে পৰা আমি বহিছিলো৷ পলিচী সম্পৰ্কীয় কেতবোৰ কথা আমি ৰাজহুৱা কৰিব নোৱাৰো বা নকৰিম৷’ লক্ষনীয় যে অগপৰ সভাপতি অতুল বৰাই নিজেই ভেৰি ছিৰিয়াছ’ বৈঠক বুলি সংজ্ঞায়িত কৰা এই হোটেল এনিয়াৰ বৈঠকৰ সন্দৰ্ভত কোনো কথা সদৰি নকৰিলে৷
তেনেদৰে বৈঠকত অংশ গ্ৰহণ কৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত অথবা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকা, ভৱেন ভৰালীৰ দৰে নেতাসকলো আছিল ৰহস্যজনকভাৱে চুপ৷ কোনেও মুখ নুখুলে বৈঠকৰ সন্দৰ্ভত৷ কাৰ্যত নকওঁ নকওঁ ওহোঁ নকওঁ’ শীৰ্ষক বিখ্যাত গীতটোৰে যেন জীৱন্ত ৰূপ হৈ পৰিল অগপৰ নেতৃত্ব৷ জানিব পৰা মতে ন মাইলৰ হোটেল এনিয়াত অনুষ্ঠিত এই ৰুদ্ধদ্বাৰ বৈঠকৰ কোনো সিদ্ধান্তৰ কথা বাহিৰত সদৰি নকৰিবলৈ অগপৰ হাইকমাণ্ড অতুল বৰা, কেশৱ মহন্তই আগতীয়াকৈ দলৰ আন নেতাসকলৰ ওপৰত থকা বাধ নিষেধ আৰোপ কৰিছিল৷ এই বৈঠকত অংশগ্ৰহণ কৰা দলটোৰ বহুনেতাই বিজেপিৰ পাশা খেলত অগপৰ অৱস্থা ইউপিপিএলৰ দৰে হ’ব বুলি দলৰ নেতৃত্বক সকিয়নী দি উদ্বিগনতা প্ৰকাশ কৰে৷ লক্ষণীয় যে দুবাৰকৈ ৰাজ্য শাসনৰ কাম কৰি হাতত পেৱা দলটো আজি বিজেপিৰে আগ্ৰাসী মনোভাৱৰ কাৰণেই ক্ৰমাৎ অস্তিত্বৰ সংকটৰ দিশে গতি কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে৷ কোনো কোনো ৰাজনৈতিক বিশে¡ষকে সামাজিক মাধ্যমত মন্তব্য কৰিছে যে ২০২৬ য়েই হ’ব অগপৰ শেষটো নিৰ্বাচন৷ ইতিমধ্যে অনুষ্ঠিত হোৱা পৰিষদীয় বা পঞ্চায়ত নিৰ্বাচনত অগপই শোচনীয় ফলাফল প্ৰদৰ্শন কৰিছে৷ সেয়েহে ৰাজনৈতিক মহলে কব খোজে যে অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই তাহানিতেই সকিয়নি দিয়া ডাঙৰ’ মাছে সৰু মাছ খায়’ কথাষাৰ যেন সঁচা হবলৈ গৈ আছে৷ বিজেপিৰ পেটত সোমাই ক্ৰমাৎ নিচিহ্ন হবলৈ গৈ আছে অগপ৷ বহুতৰ মতে এয়া অপ্ৰিয় হ’লেও সত্য৷ বিজেপিয়ে কৌশলেৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি ইতিমধ্যে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকা, ভৱেন ভৰালীৰ দৰে জ্যেষ্ঠ নেতাৰে ইতিমধ্যে ৰাজনৈতিক জীৱনৰ ইতি পেলালে৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ইউপিপিএলৰ দৰে অগপৰ ক্ষেত্ৰতো ২০২৬ৰ নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত নতুনকৈ সিদ্ধান্ত লোৱা হ’ব৷ ২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে অসমৰ ক্ষেত্ৰত যাতে অগপই বেছিকৈ মুখ মেলিব নোৱাৰে, ইয়াৰ বাবেই বিজেপিয়ে কৌশলী চোঁচ আৰম্ভ কৰিছে৷ ইফালে বিজেপিৰে মিত্ৰতা ছিন্ন কৰি নিজাকৈ নিৰ্বাচন খেলিম বুলি কবলৈও সাহস নাই বৰ্তমানৰ অগপ নেতৃত্বৰ৷ বোকাখাট আৰু কলিয়াবৰ সমষ্টিৰ বাহিৰে বাকী কোনো এটা সমষ্টিতেই আজিৰ তাৰিখত অগপই নিশ্চিতভাৱে বিজেপিৰ পৰা পাব বুলি ক’ব নোৱাৰি৷ হয়তো বহুত কাকুতি-মিনতি কৰিলে অগপই ২৬ৰ নিৰ্বাচনত কলিয়াবৰ, বোকাখাটকে মাত্ৰ ৮-১০খন আসন পাব পাৰে৷ কিন্তু ইয়াতো থাকিব বিজেপিৰ ফন্দি৷ কিয়নো কংগ্ৰেছ এৰি বিজেপিত যোগদানৰ বাবে দীঘলীয়া ৱেটিঙত থকা ৰহাৰ বিধায়ক শশীকান্ত দাস বা ছিদ্দিক আহমেদৰ দৰে নেতাক মুখ্যমন্ত্ৰীয়ে বিজেপিত এণ্ট্ৰি দিয়াৰ পৰিৱৰ্তে অগপত যোগদান কৰাই অগপক টিকট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে৷ এনে পৰিস্থিতিত ৮-১০খন আসনত এজেপিৰ বিধায়ক জিকিলেও অকলশৰীয়া হৈ পৰিব পাৰে অতুল বৰা, কেশৱ মহন্ত৷ বিজেপিৰে সামান্য মনোমালিন্য হ’লে ভৱিষ্যতৰ সমুদায় বিধায়কে হেলাৰঙে এণ্টিডিফেচন আইনৰ বাধা নেওচি বিজেপিত যোগদান কৰিব পৰা সুযোগ থাকিব৷ কিয়নো অগপৰ টিকটৰ ৬০ শতাংশ বিধায়কেই যে বিজেপিৰ চইচ মতেহে হ’ব, সেয়া নিশ্চিত৷ অতুল বৰা, কেশৱ মহন্তৰ কোনো কথা ইয়াত নৰজে৷ এনে পৰিস্থিতি নিজৰ অনিশ্চিত ৰাজনৈতিক ভৱিষ্যৎ দেখি ইতিমধ্যে সত্যব্ৰত কলিতাকে ধৰি শীৰ্ষ নেতাই অগপ ত্যাগ কৰি আন দলত যোগদান কৰিছে৷ ২৬ৰ পূৰ্বে অগপৰ আন বহুতো নেতায়ো পাভলুটি মৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷






