Logo
image

পানী অবিহনে জীয়াই থাকে এই প্ৰাণী

আমাৰ অসম, ৩০ এপ্ৰিলঃ আতাকামা মৰুভূমি পৃথিৱীৰ  ভিতৰতে আটাইতকৈ শুকান মৰুভূমিৰূপে খ্যাত৷ ৫০ বছৰেও এই মৰুভূমিত এবাৰো বৰষুণ হোৱা নাই৷ যাৰ বাবে এই মৰুভূমিত প্ৰাণৰ অস্তিত্ব থকাটো প্ৰায় অসম্ভৱ৷ কিন্তু আছৰিত যে এই মৰুভূমিত ‘গুয়ানাকো’ নামৰ দক্ষিণ আমেৰিকাৰ এবিধ উট প্ৰজাতিৰ প্ৰাণী আছে৷ এইবিধ প্ৰাণীয়ে পানী অবিহনেই বছৰ বছৰ ধৰি জীয়াই থাকে৷ দেহত পানীৰ অভাৱ পুৰণ কৰিবলৈ ‘গুৱায়নাকো’ নামৰ প্ৰাণীবিধে ‘কেকটাছ’ক খাদ্য হিচাপে গ্ৰহণ কৰে৷ উল্লেখ্য যে বৰষুণৰ অভাৱৰ বাবে ‘আতাকামা’ মৰুভূমিৰ বায়ু ইমানেই গৰম হৈ থাকে যে মাটিৰ সমস্ত পানী মুহূৰ্তৰ ভিতৰতে মৰুভূমিখনৰ বালিয়ে শুহি নিয়ে৷