Logo
image

আঢ়ৈ বছৰৰ পাছত ডাঃ ৱালিউলক জামিন, পত্নী সংগীতা জে’লতেই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ অক্টোবৰঃ   তোলনীয়া সন্তানক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত পক্‌চ’ আইনৰ ধাৰাত গ্ৰেপ্তাৰ হোৱা চেলিব্ৰিটী চিকিৎসক দম্পতী সংগীতা দাস আৰু ৱালিউল ইছলামৰ কু-কাহিনী চাগৈ আপুনিও পাহৰা নাই৷ দুয়োজন স্বামী-স্ত্ৰীৰ বিৰুদ্ধে দত্তক লোৱা দুই  সন্তানক যৌন  উৎপীড়নৰ অভিযোগত বিগত আঢ়ৈ বছৰে পক্‌চ’ আদালতত বিচাৰাধীন হৈ থকাৰ গোচৰটোত অৱশেষত জামিন লাভ কৰে ডাঃ ৱালিউল ইছলামে৷ ৰাজ্য কঁপোৱা চাঞ্চল্যকৰ যৌন উৎপীড়নৰ গোচৰটোত বিগত আঢ়ৈ বছৰ ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কটোৱা ডাঃ ৱালিউল ইছলামৰ মঙলবাৰে জামিন মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয়ে৷ অৱশ্যে একেটা অভিযোগতে গ্ৰেপ্তাৰ হোৱা ডাঃ সংগীতা দত্ত বৰ্তমানেও কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ আছে৷ গুৱাহাটীৰ পল্টন বজাৰৰ নিবাসী মনোৰোগ বিশেষজ্ঞ সংগীতা দত্ত আৰু শল্য চিকিৎসক ৱালিউল ইছলামে অবৈধভাৱে দত্তক লৈছিল দুটিকৈ সন্তান৷ কিন্তু দত্তক লোৱা দেৱশিশু দুটিৰ ওপৰত চিকিৎসক দম্পত্তিয়ে চলাইচিল যৌন উৎপীড়ন৷ ঘৰৰ চাঁদৰ ওপৰত প্ৰখৰ ৰ’দত এটি শিশু বান্ধি ৰখা বুলি চুবুৰীয়াৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীয়ে তদন্ত চলাই এই দুষ্কাৰ্য পোহৰলৈ আনিছিল৷


ইয়াৰ পাছতেই ২০২৩ চনৰ ৫ মে’ আৰু ৬ মে’ত আৰক্ষীয়ে প্ৰথমে ডাঃ ৱালিউল আৰু পাছত পলাতক অৱস্থাত ডাঃ সংগীতাক গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীয়ে দুয়োজনৰ বিৰুদ্ধে পক্‌চ’ আইনৰ ধাৰাতইয়াৰ পাছতেই ২০২৩ চনৰ ৫ মে’ আৰু ৬ মে’ত আৰক্ষীয়ে প্ৰথমে ডাঃ ৱালিউল আৰু পাছত পলাতক অৱস্থাত ডাঃ সংগীতাক গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীয়ে দুয়োজনৰ বিৰুদ্ধে পক্‌চ’ আইনৰ ধাৰাত ইতিমধ্যে অভিযোগনামাও দাখিল কৰিছে৷ কাৰাগাৰত থকাৰ সময়তে স্বামী-স্ত্ৰীয়ে জামিন বিচাৰি কেইবাবাৰো আদালতত আবেদন জনাইছিল যদিও মুখ থেকেচা খাবলগীয়াহে হৈছিল৷ সুদীৰ্ঘ আঢ়ৈ বছৰৰ পাছত ডাঃ ৱালিউল ইছলামে জামিন বিচাৰি শেহতীয়াকৈ পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ এই আবেদনৰ শুনানিত গোচৰীয়া পক্ষৰ অধিবক্তাই পক্‌চ’ আইনৰ গোচৰটোত ৬৮জন সাক্ষীৰ ভিতৰত মাত্ৰ ১৩ জনেহে আদালতত সাক্ষ্য দিয়াৰ যুক্তি দিয়ে৷ তদুপৰি চিকিৎসকজনক গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে নিয়ম অনুসৰি ‘গ্ৰাউণ্ড অৱ এৰেষ্ট’ দিয়া নাছিল বুলিও আদালতৰ দৃষ্টিগোচৰ কৰে গোচৰীয়া পক্ষৰ অধিবক্তাই৷ এই যুক্তিৰ আধাৰতে সুদীৰ্ঘ ২ বছৰ ৫ মাহ ২২ দিনৰ অন্তত মঙলবাৰে ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ কৰে ন্যায়াধীশ ছামিমা জাহানৰ আদালতে৷ আদালতে ২ জন জামিনদাৰ আৰু ৫০ হাজাৰ টকা বণ্ডৰ বিনিময়ত জামিন প্ৰদান কৰে৷ তদুপৰি উচ্ছ ন্যায়ালয়ে কেইবাটাও চৰ্ত বান্ধি দিয়ে৷ সেই চৰ্ত অনুসৰি চিকিৎসকজনে নিজৰ পাৰপত্ৰ জমা দিয়াৰ লগতে ভুক্তভোগী শিশু দুটিৰ কাষ চাপিব নোৱাৰিব৷ ইফালে অভিযুক্তজনৰ জামিন আবেদনৰ অধিবক্তাই অৱগত নকৰাত ভুক্তভোগী শিশু দুটিৰ চৰকাৰী নিযুক্তিপ্ৰাপ্য ছাৰ্পট পাৰ্ছন জনে সামাজিক মাধ্যমত অসন্তুষ্টি ব্যক্ত কৰিছে৷ অৱশ্যে, স্বামী ডাঃ ৱালিউল ইছলামৰ জামিনৰ পাছতেই এতিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ডাঃ সংগীতা দত্তয়ো জামিন আবেদনৰ বাবে প্ৰস্ততি চলাইছে৷