Logo
image

মাজুলীৰ ৰাসক ৫০ হাজাৰ, আন ৰাসক ২৫ হাজাৰ টকাকৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ অক্টোবৰঃ  মাজুলীৰ ৰাসলৈ আগবঢ়োৱা হ’ব ৫০ হাজাৰকৈ টকা৷ মাজুলীৰ ৬৭ খন ৰাসলৈ আগবঢ়োৱা হ’ব ৫০ হাজাৰকৈ টকা৷ বুধবাৰে হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷ আনহাতে, ৰাজ্যৰ আন ৰাসসমূহলৈ ২৫ হাজাৰকৈ টকাৰ আৰ্থিক অনুদান দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত৷  বুধবাৰে অনুষ্ঠিত কেবিনেটে লাচিত মৈদাম স্বাৰক আৰু সাংস্কৃতিক চৌহদ নিৰ্মাণৰ বাবে ২৪৯ কোটি টকাৰ অনুমোদন জনায়৷ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অসমৰ বান-খহনীয়া সমস্যাৰ প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে ২২০৫.৭৫ কোটি টকাৰ  ব্যয়সাপেক্ষ  বিভিন্ন প্ৰকল্পৰ প্ৰস্তাৱত আজিৰ কেবিনেটে অনুমোদন জনায়৷ এই প্ৰকল্পৰ অধীনত ৰাজ্যৰ প্ৰায় ১৩খন জিলা সামৰি ৭৬ কিঃমিঃ দৈৰ্ঘ্যৰ এলেকাত খহনীয়া প্ৰতিৰোধী কাম-কাজ, ৩৩ কিঃমিঃ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ, ১৭.৭২ কিঃমিঃ দৈৰ্ঘ্যৰ এলেকাত প্ৰ’ছিলটেশ্যন কাম-কাজ হাতত লোৱা হ’ব৷ এই প্ৰকল্পৰ অধীনত বান-খহনীয়াত নদীৰ বুকুত জাঁহ যোৱা ভূমি পুনৰুদ্ধাৰ কৰাৰো পদক্ষেপ হাতত লোৱা হ’ব৷ অসমৰ গাঁও অঞ্চলত বংশানুক্ৰমিকভাৱে তিনিটা প্ৰজন্ম ধৰি বসবাস কৰি অহা জনজাতীয় লোকসকলক মিছন বসুন্ধৰা ২.০ৰ অধীনত ৫০ বিঘালৈকে মাটিৰ ম্যাদী পট্টা প্ৰদানৰ সুবিধা মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকললৈকো সম্প্ৰসাৰণত আজিৰ কেবিনেটে অনুমোদন জনায়৷ কেবিনেটে লগতে এই দুই জনগোষ্ঠীৰ বাবে মিছন বসুন্ধৰাৰ অধীনত আবেদনৰ বাবে অতিৰিক্ত দুমাহ সময় প্ৰদানতো অনুমোদন জনায়৷ কেবিনেটে অসম আৰক্ষী [সংশোধনী] বিধেয়ক, ২০২৫ত অনুমোদন জনায়৷ ইয়াৰ জৰিয়তে ৰাজ্যৰ জিলা আৰক্ষী দায়বদ্ধতা আয়োগসমূহ পুনৰ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেবিনেটে অসম গাঁওৰক্ষী বাহিনী নিয়মাৱলী, ১৯৮৬১ সংশোধনীত অনুমোদন জনায়৷ এই সংশোধনী অনুসৰি গাঁওৰক্ষী বাহিনীৰ সদস্যৰ বয়সৰ ঊদ্ধৰ্ সীমা পূৰ্বৰ ৫০ বছৰৰ পৰা ৪০ বছৰলৈ হ্ৰাস পাব৷ ইয়াৰ জৰিয়তে প্ৰয়োজনীয় অঞ্চলসমূহত নতুনকৈ গাঁওৰক্ষী বাহিনীৰ গোট গঠন কৰিব পৰা যাব৷ বড়োলেণ্ড আঞ্চলিক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু উপ-মুখ্য কাৰ্যবাহী সদস্যগৰাকীক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদানত আজিৰ ৰাজ্যিক কেবিনেটে অনুমোদন জনায়৷


আনহাতে, পৰিষদৰ কাৰ্যবাহী সদস্যসকলক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদানতো কেবিনেটে অনুমোদন জনায়৷ এই মৰ্যাদা বিটিএডি এলেকাৰ অধীনৰ জিলাসমূহত  প্ৰযোজ্য হ’ব৷ আজিৰ কেবিনেটে ৰাজ্যৰ ৰাস মহোৎসৱ উদ্‌যাপন সমিতিসমূহক এককালীন আৰ্থিক অনুদান প্ৰদানতো অনুমোদন জনায়৷ সেই অনুসৰি মাজুলীৰ ৬৭খন ৰাস সমিতিয়ে ৫০ হাজাৰ টকাকৈ আৰু ৰাজ্যৰ অন্যান্য ঠাইৰ সৰ্বমুঠ ২০৬৮খন ৰাস সমিতিয়ে ২৫ হাজাৰ টকাকৈ অনুদান লাভ কৰিব৷ ভাৰতৰত্ন সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদ্‌যাপনৰ মাজতে অহা ৫ নৱেম্বৰত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যুতিথি বিশেষভাৱে পালন কৰাৰ বাবেও আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সিদ্ধান্ত অনুসৰি জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমন্বয় তীৰ্থত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেওঁৰ মৃত্যু তিথি পালন কৰিব৷ আনহাতে, ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে প্ত হাজাৰতকৈও অধিক লোক সমবেত হৈ ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক গীতটি পৰিৱেশন কৰিব৷ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ অন্তিমখন চলচ্ছিত্ৰ ‘ৰৈ ৰৈ বিনালে’ প্ৰদৰ্শনৰ বাবদ ভাৰত চৰকাৰে সংগ্ৰহ কৰা জি এছ টিৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰিবলগীয়া অংশৰ সমুদায় ধন শিল্পীগৰাকীয়ে প্ৰতিষ্ঠা কৰা ‘কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন’ নামৰ সংস্থাক প্ৰদানৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ উল্লেখ্যযোগ্য যে ৰাজ্য চৰকাৰে অসমত চলচ্ছিত্ৰ প্ৰদৰ্শনৰ বাবদ কোনো ধৰণৰ আমোদ কৰ সংগ্ৰহ নকৰে৷ উল্লেখযোগ্য যে আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমক অৱগত কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে শেহতীয়া ১৭ বছৰৰ অনুদ্ধৰ্ৰ সুব্ৰত কাপ প্ৰতিযোগিতাত বিজয়ীৰ সন্মান অৰ্জন কৰা গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী ফুটবল দলটোৰ সদস্যসকলক আনুষ্ঠানিকভাৱে সম্বদ্ধৰ্না জ্ঞাপন কৰে৷ এই কাৰ্যসূচীতে মুখ্যমন্ত্ৰীয়ে দলটোৰ প্ৰতিগৰাকী সদস্যকে ৫০ হাজাৰ টকাকৈ আৰ্থিক পুৰস্কাৰৰ চেক বিতৰণ কৰে৷