 
                        আইনী সাহায্যৰ বাবে দুৱাৰে দুৱাৰে ঘূৰিছে শ্যামকানু-সিদ্ধাৰ্থৰ নিকটাত্মীয়
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ অক্টোবৰঃ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকান্ত-সিদ্ধাৰ্থ-শেখৰহঁতে এতিয়া যেন সাংবিধানিক অধিকাৰো হেৰুৱাই পেলাইছে! জুবিনৰ মৃত্যুৰ গোচৰটোত গ্ৰেপ্তাৰ হৈ সম্প্ৰতি ন্যায়িক জিম্মাত থকাত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তৰ বাবে আত্মীয়ই আইনী সাহাৰ্য বিচাৰি অধিবক্তা আৰু আদালত তথা কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে তাঁত-বাটি কাভিঢ়ব লগীয়া হৈছে৷ প্ৰাণৰ শিল্পীজনৰ ৰহস্যজনক মৃত্যুৰ গোচৰটোৰ বৰ্তমানলৈ এছআইটিয়ে তদন্তই সম্পূৰ্ণ কৰিব পৰা নাই যদিও ইতিমধ্যে জনতাৰ আদালতত জুবিনৰ মৃত্যুৰ বাবে দোষী সাব্যস্ত হৈছে শ্যামকানু-সিদ্ধাৰ্থ, শেখৰ-অমৃত প্ৰভাসহ প্ৰত্যেকজন ধৃত অভিযুক্ত৷ যাৰ বাবে অসমীয়াৰ আৱেগ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙোৰ খাই পৰা এইসকল অভিযুক্তৰ কোনো এজনৰ হৈ আইনী সাহাৰ্য প্ৰদানৰ বাবে ইচ্ছুক নহয় ৰাজ্যৰ অধিবক্তাসমাজ৷ গুৱাহাটী উকীল সন্থাই অধিবক্তাসকলক আহ৩ান জনোৱাৰ পাছতেই জুবিনৰ মৃত্যুৰ ঘটনাৰ অভিযুক্তৰ হৈ আইনী সাহাৰ্য প্ৰদানৰ বাবে ইচ্ছা থাকিলেও ৰাইজৰ ৰোষত পৰাৰ ভয়ত অসমৰ কোনো এজন অধিবক্তাই ওলাই অহা নাই৷ যাৰ বাবে কেইবাজনো অভিযুক্তই আইন সাহাৰ্যৰ বাবে চৰকাৰী অধিবক্তা নিয়োগ সহায় বিচাৰি কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত মৌখিকভাৱেই আৰ্জি দিছে৷ এই আবেদনৰ ভিত্তিত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ইতিমধ্যে কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকাৰীক অভিযুক্তৰ হৈ অধিবক্তা নিয়োগৰ বাবে নিৰ্দেশ দিছে৷
আদালতৰ নিৰ্দেশ মৰ্মে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে আবেদনকাৰী অভিযুক্তৰ হৈ নিৰ্দিষ্ট চৰকাৰী অধিবক্তাক নিযোগ কৰিছে যদিও অজ্ঞাত কাৰণত আইন সেৱা প্ৰাধিকাৰীৰ কোনো পেনেল অধিবক্তায়ো সাহাৰ্যৰ বাবে আগবাঢ়ি নহাৰ অভিযোগ উঠিছে৷ যাৰ বাবে শ্যামকানু, সিদ্ধাৰ্থৰ নিকটাত্মীয়ই বুধবাৰে কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ ওচৰতপুনৰ আবেদন জনাবলৈ বাধ্য হয়৷ বুধবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ প্ৰেয়সী প্ৰতীক্ষা দাস আৰু জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ পত্নী লনিমা গোস্বামীয়ে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত উপস্থিত হৈ আবেদন জনায়৷ অৱশ্যে সিদ্ধাৰ্থ প্ৰেয়সী প্ৰতীক্ষা দাসে প্ৰেমিক সিদ্ধাৰ্থৰ বাবে নে, নিজৰ বাবে আইনী সাহাৰ্য বিচাৰি আবেদন জনাইছে সেয়া জানিব পৰা হোৱা নাই৷ কিয়নো সিদ্ধাৰ্থক ফেচবুকত অসমীয়াত চিঠিলিখি সহযোগ কৰি আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ কৰাৰ অভিযোগত ইতিমধ্যে এছআইটিয়ে প্ৰতীক্ষা দাসক জেৰা কৰিছে৷ এই জেৰাৰ সময়তে সিদ্ধাৰ্থ শৰ্মাই প্ৰতীক্ষাৰ নামত গুৱাহাটীত ৩ টাকৈ ফ্লেট ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছিল৷ স্বাভাৱিকতেই এতিয়া সিদ্ধাৰ্থক আত্মগোপনত সহায় কৰাৰ অভিযোগতে গ্ৰেপ্তাৰৰ আশংকাত প্ৰতীক্ষা দাসে নিজৰ আইনী সাহাৰ্য বিচাৰিছে নেকি তাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকাৰীয়ে কোনো কথা স্পষ্ট কৰা নাই৷ তদুপৰি জিলা আইন সেৱা প্ৰাধিকাৰীয়ে মকৰল কৰা অধিবক্তাই অভিযুক্ত কেইজনৰ হৈ আইনী সাহাৰ্য প্ৰদানত বিলম্ব কৰাত সংবিধান প্ৰদত্ত নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব হোৱা বুলিও আইন মহলৰ মাজত চৰ্চা চলিছে৷






