Logo
image

অসুস্থ অৱস্থাতে জুবিনক লৈ গীত লিখিছিল ছৈয়দ ছাদুল্লাই

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৩১ অক্টোবৰঃ অসুস্থ অৱস্থাত জুবিনক লৈ গীত লিখিছিল প্ৰসিদ্ধ সংগীতশিল্পী ছৈয়দ ছাদুল্লাই৷ সুস্থ হৈ উঠিলেই গীতৰ কাম সম্পূৰ্ণ কৰাৰ কথা আছিল বিশিষ্ট সংগীতজ্ঞ তথা গীতিকাৰ, সুৰকাৰ, গীটাৰিষ্ট, ঘোষক, পৰিচালক ছৈয়দ ছাদুল্লা ওৰফে ৰাজবী দাই৷ জুবিনৰ মৃত্যুক লৈ শোকত ভাগি পৰিছিল ছৈয়দ ছাদুল্লা৷ শাৰীৰিক অসুস্থতাৰ মাজতো ছৈয়দ ছাদুল্লাই জুবিনৰ  ন্যায় বিচাৰি মাত মাতিছিল৷ শেহতীয়াকৈ জুবিন গাৰ্গৰ স্মৃতিত এটা গান লিখাৰ পৰিকল্পনা কৰিছিল ছৈয়দ ছাদুল্লাই৷ কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে লিখা সম্ভৱ হ’ব নহ’ল বিশিষ্ট সংগীতশিল্পীগৰাকীৰ৷ গুৱাহাটীত থকা কন্যাৰ বাসগৃহত ছৈয়দ ছাদুল্লাৰ আগ্ৰহক পূৰাবলৈ কলম-বহি যোগাৰ কৰি দিছিল কন্যাই৷ কিন্তু শৰীৰে নটনাৰ বাবে লিখা সম্ভৱ হোৱা নাছিল৷ অৱশ্যে গীতৰ দুটি কলি আওৰাইছিল ছাদুল্লাই৷ ‘গোটেই পৃথিৱী সলালা তুমি, আমাৰ মৰমৰ জুবিন’ এই কলিৰে গান লিখিব বিচাৰিছিল প্ৰসিদ্ধ সংগীতশিল্পীগৰাকীয়ে৷ ছাদুল্লাৰ কন্যাই জানিবলৈ দি কয়,  সুস্থ হৈ অহাৰ পাছত গানটো সম্পূৰ্ণ কৰাৰ কথা আছিল৷ ডিব্ৰুগড়খনক তেওঁ খুব ভাল পাইছিল৷ বেংগালুৰুলৈ বহুবাৰ মাতি পঠিয়াইছিলোঁ৷ গুৱাহাটীত থকাৰ সময়তো ডিব্ৰুগড়খনৰ কথাই কৈ আহিছিল৷ দেউতাৰ ইচ্ছামতেই আমি নশ্বৰদেহ ডিব্ৰুগড়লৈ নিশাই আনিলোঁ৷ 

প্ৰথমবাৰলৈ ফুলি উঠিছিল কৃষ্ণচূড়াজোপা

নিজৰ সন্তানৰ দৰে ভালপোৱা কৃষ্ণচূড়াজোপা প্ৰথমবাৰলৈ ফুলি উঠিছিল৷ ডিব্ৰুগড়ৰ বাসগৃহৰ প্ৰৱেশ-দ্বাৰৰ সন্মুখতে ৰোপণ কৰা কৃষ্ণচূড়াজোপা ফুলি উঠা দেখি আনন্দত আত্মহাৰা হৈ পৰিছিল প্ৰাণৰ শিল্পীগৰাকী৷ আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে ছৈয়দ ছাদুল্লাৰ দুহিতা ফাৰজানা ছাদুল্লা আৰু সুভানা ছাদুল্লাই [সৰু]৷ পিতৃ ছৈয়দ ছাদুল্লাক স্মৰণ কৰি দুই কন্যাই কয়, ঘৰৰ প্ৰৱেশ-দ্বাৰৰ সন্মুখৰ কৃষ্ণচূড়াজোপাক গীটাৰৰ সৈতে তুলনা কৰিছিল৷ ঘৰৰ ওপৰৰ ছাদত ওলমাই ৰাখিছিল গীটাৰ, হাৰমনিয়ামৰ দৰে বাদ্যযন্ত্ৰ৷ অনবৰত সংগীতৰ পৰিৱেশ ৰখাৰ চেষ্টা কৰিছিল৷ কৃষ্ণচূড়া গছজোপাৰ প্ৰতি খুব মৰম আছিল৷ আমালৈ গছবোৰৰ ভিডিঅ’ কৰি পঠাইছিল৷ প্ৰথমবাৰলৈ কৃষ্ণচূড়া গছজোপা ফুলা দেখি খুব স্ফূৰ্তি পাইছিল৷ বেলকনিত বহি গছ-গছনিবোৰৰ পৰিৱেশ উপভোগ কৰি ভাল পাইছিল৷ অনবৰত ঘৰখনক সেউজীয়া কৰি ৰাখিবৰ চেষ্টা কৰিছিল৷ আনকি ঘৰখনৰ ৰঙো সেউজীয়া৷ গড়, কাজিৰঙাক লৈ দুখ কৰিছিল৷ আৰু সেই দুখবোৰ গানৰ জৰিয়তে প্ৰকাশ কৰিছিল৷ ইফালে প্ৰতি পুৱাই চুবুৰীৰ চৌপাশটো পৰিষ্কাৰ কৰাটো আছিল ছৈয়দ ছাদুল্লাৰ নিতৌ কৰ্মসূচী৷ এই সম্পৰ্কত ছাদুল্লাৰ দুহিতাই জানিবলৈ দি কয়, পুৱা উঠিয়েই চুবুৰীৰ চৌপাশটো পৰিষ্কাৰ কৰে৷ প্ৰতিৱেশী সকলো লোককে বিভিন্ন নাম দি মাতিছিল৷ পৰিৱেশটো পৰিষ্কাৰকৈ ৰাখিবলৈ কৈ আহিছিল৷ এতিয়া দেউতা নোহোৱা হোৱাৰ পাছত প্ৰতিৱেশীসকলেও শূন্যতা অনুভৱ কৰিছে৷ 


ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন ছৈয়দ ছাদুল্লাৰ জানাজা

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ল ছৈয়দ ছাদুল্লাৰ জানাজা৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট সংগীতজ্ঞ তথা গীতিকাৰ, সুৰকাৰ, গীটাৰিষ্ট, ঘোষক, পৰিচালক ছৈয়দ ছাদুল্লা ওৰফে ৰাজবী দাৰ নশ্বৰদেহ আজি পুৱতি নিশা ডিব্ৰুগড়ৰ বাসগৃহলৈ অনা হয়৷ আজি বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ছৈয়দ ছাদুল্লাৰ অনুৰাগীসকলে ডিব্ৰুগড় মহানগৰৰ নালিয়াপুলস্থিত বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়þ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি আজি বিয়লি জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত নালিয়াপুলস্থিত বাসগৃহত ৰাজ্যিক মৰ্যাদাৰে কৰ্মসূচী সম্পাদন কৰাৰ পাছত ধৰ্মীয় ৰীতি-নীতিৰে নালিয়াপুলস্থিত কৱৰস্থানত ছাদুল্লাৰ জানাজা সম্পন্ন কৰে৷ আজি নালিয়াপুলস্থিত ছাদুল্লাৰ বাসগৃহত এক শোকাকুল পৰিৱেশ বিৰাজ কৰে৷ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং আজি বিশিষ্ট সংগীতশিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জনায়৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি ছৈয়দ ছাদুল্লাই আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰি বিপিন চাউদাঙে কয়, ছৈয়দ ছাদুল্লাৰ বৰ্ণিল সাংস্কৃতিক যাত্ৰাটোক অনুসৰণ কৰিয়েই আমি গান গাবলৈ শিকিছিলোঁ৷ খবৰটো পোৱাৰ পাছতে ৰৈ থাকিব নোৱাৰিলোঁ৷ ২০২৫ বৰ্ষটো আমাৰ বাবে কালিকালগা বৰ্ষৰ দৰে অনুভৱ হৈছে৷ আনহাতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়াৰ দলো আহি ছাদুল্লাৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জনায়৷ আনহাতে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱায়ো ছাদুল্লাৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জনায়৷ সেইদৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াসকলে জনগোষ্ঠীয় ‘কৱচ’ কাপোৰ অৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অনুষ্ঠানত পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰুবুল আলি, জিলাৰ সমিতিৰ সভাপতি ৰহিমূল হুছেইন, কাৰ্যকৰী সভাপতি নৌছাদ আলি আহমেদ, সাধাৰণ সম্পাদক ইয়াকুব আলি [ৰিকি], সহকাৰী সম্পাদক আব্দুল হাদী, সাংস্কৃতিক সম্পাদক নাজিম উদ্দিন আহমেদ, নগৰ সমিতিৰ সভাপতি ইক্ৰাম আলি, নগৰ সমিতিৰ সাধাৰণ সম্পাদক আমিৰুল হুছেইন উপস্থিত থাকে৷ আনহাতে আজি পুৱাৰ ভাগত মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত হয় ছাদুল্লাৰ বাসগৃহত৷ মন্ত্ৰী ফুকনে বিশিষ্ট সংগীতশিল্পীগৰাকীৰ নশ্বৰদেহত জনালে শেষ শ্ৰদ্ধাঞ্জলি৷