Logo
image

কেইবাকোটি টকা লাভ কৰিব উমা চেত্ৰীয়ে

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৩ নৱেম্বৰঃ  অসমৰ উদীয়মান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ আনকি উমা চেত্ৰীয়ে মহিলাৰ বিশ্বকাপ  জয়ী দলটো স্থান লাভ কৰিছে৷ স্বাভাৱিকতে উমা চেত্ৰীৰ সাফল্যই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী সকলক উৎফুল্ল কৰি তুলিছে৷ আনকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উমা চেত্ৰীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে মহিলা ক্ৰিকেট বিশ্বকাপৰ ১৫ জনীয়া দলত স্থান লাভ কৰাৰ সময়তো অসম চৰকাৰে আগতীয়াকৈ উমাক শুভেচ্ছা জ্ঞাপন কৰিছো৷ আকৌ ঘূৰি অহাৰ পাছত পুনৰ শুভেচ্ছা জনোৱাৰ লগতে সম্বৰ্ধনাও জনাম৷ উল্লেখ্য যে মহিলাৰ বিশ্বকাপ জয়েৰে হৰমনপ্ৰীত কৌৰৰ দলে ভাৰতীয় ক্ৰিকেটত ৰচনা কৰিছে এক নতুন ইতিহাসৰ৷ এই সফলতাৰ সুবাদত ভাৰতীয় মহিলা ক্ৰিকেটাৰৰ ওপৰত যেন টকাৰ বৰষুণ পৰিছে৷ বিশ্বকাপৰ চেম্পিয়ন দল হিচাপে ভাৰতীয় দলে আই চি চিৰ পৰা লাভ কৰিছে প্ৰায় ৪০ কোটি টকা৷ লগতে বি চি চি আইয়ে বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা দললৈ আগবঢ়াইছে ৫১ কোটি টকা৷ ভাৰতীয় মহিলা ক্ৰিকেটাৰে লাভ কৰা ধন অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কেইবাগৰাকী ক্ৰিকেটাৰে তেওঁলোকৰ ৰাজ্য চৰকাৰৰ পৰাও লাভ কৰিছে ঈৰ্ষণীয় আৰ্থিক পুৰস্কাৰ৷ এই বিশ্বকাপ জয়ী ভাৰতীয় দলটোৰ সদস্য আছিল অসমৰ উমা চেত্ৰী৷ উইকেটৰক্ষক-বেটাৰ গৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে লীগৰ মেচত ভাৰতীয় দলৰ হৈ খেলপথাৰত নামি অসমীয়া হিচাপে ইতিহাস সৃষ্টি কৰিছিল৷ ভাৰতীয় দলে লাভ কৰা বিশাল পৰিমাণৰ ধন ভাগ কৰা হ’ব খেলুৱৈ আৰু ছাপৰ্ট ষ্টাফৰ মাজত৷ নিশ্চিতভাৱে এই ধনৰ অংশ পাব উমা চেত্ৰীয়েও৷ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সৈতে কোটিপতি হ’ল অসমৰ উমা৷ খেলুৱৈগৰাকীয়ে মহিলা দলে লাভ কৰা পুৰস্কাৰৰ মূল্যৰ পৰা তিনি কোটিৰো অধিক টকা লাভ কৰাৰ সম্ভাৱনা আছে৷ 


বোকাখাটৰ ঘৰত আনন্দৰ জোৱাৰ

‘আমাৰ অসম’ৰ নুমলীগড়ৰ প্ৰতিবেদকঃ  বোকাখাটৰ দুহিতা উমা ছেত্ৰীয়ে মুম্বাই অনুষ্ঠিত আই চি চি এদিনীয়া মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰি ভাৰতীয় ক্ৰিকেট উত্তৰ পুবৰ প্ৰথম মহিলা ক্ৰিকেটাৰ হিচাবে পৰিগণিত হ’ল৷ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰি বিশ্বকাপত উত্তৰ পুৱৰ প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ হিচাবে স্থান লাভ কৰা এই উমা ছেত্ৰী হ’ল বোকাখাটৰ জীয়ৰী আৰু লোকবাহাদুৰ ছেত্ৰী আৰু দীপা ছেত্ৰীৰ একমাত্ৰ দুহিতা৷ পেচাত এজন গাড়ীৰ চালক লোকবাহাদুৰ ছেত্ৰী আৰু তেওঁৰ পৰিবাৰ দীপা ছেত্ৰীৰ নুমলীয়া জীয়ৰী উমা ছেত্ৰী৷ অৰুণাচলৰ চাংলাং জিলা প্ৰশাসনৰ গাড়ীৰ চালক হিচাবে কাম কৰি থাকোঁতেই চাংলাংতেই জন্ম লাভ কৰিছিল উমা ছেত্ৰীয়ে৷ পৰবৰ্তী সময়ত বোকাখাটৰ কুমাৰণী আটি আৰু তাৰ পিচত কান্ধূলিমাৰীত নিগাজিকৈ বাস কৰিবলৈ লয় লোকবাহাদুৰ ছেত্ৰীয়ে৷ এতিয়া বোকাখাটৰ কান্ধুলিমাৰী স্থায়ী বাসিন্দা উমা ছেত্ৰী৷ চাংলাংত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত বোকাখাতৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয় আৰু জে ডি এছ জি মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি বোকাখাটৰ ৰাজহুৱা খেলপথাৰত ক্ৰিকেটৰ কেৰিয়াৰ আৰম্ভ কৰে উমা ছেত্ৰীয়ে৷ বানপানী আৰু বন্যপ্ৰাণী অধ্যুষিত কান্ধূলিমাৰীৰ গাঁৱৰ পৰা ভাতৃ বিজয় ছেত্ৰী চাইকেল উঠি বোকাখাট নগৰৰ ৰাজহুৱা খেলপথাৰলৈ আহি নিয়মিত ভাৱে ক্ৰিকেটৰ অনুশীলন কৰি আজি উমা ছেত্ৰীয়ে আজি বিশ্ব কাপত ভাৰতীয় মহিলা দলত অংশ গ্ৰহণ কৰি অসমৰ নাম উজ্জ্বলাবলৈ সক্ষম হয় উমা ছেত্ৰীয়ে৷ উমা ছেত্ৰীৰ পিতৃ লোকবাহাদুৰ ছেত্ৰীয়ে জনোৱা মতে উমাৰ মাতৃ দীপা ছেত্ৰী আৰু ভাতৃ গোবিনৰ লগত উমা ছেত্ৰীয়ে অংশ গ্ৰহণ কৰা বিশ্ব কাপৰ খেল চাবলৈ মুম্বাইলৈ গৈছে৷ সম্প্ৰতি মাতৃ আৰু ভাতৃ দুয়ো মুম্বাইত উমাৰ লগতে আছে৷ উমাৰ সাফল্যত আমি সুখী৷ সৰুতে দুৰ্গা পূজা বা মেলাৰ পৰা ক্ৰিকেট বেট আৰু বল কিনি উমাক দিছিল মাতৃ দীপা ছেত্ৰীয়ে৷ আশা কৰিছিল উমাই এদিন ক্ৰিকেটতে নিশ্চয় সফলতা লাভ কৰিব৷ একালত গাড়ী চলাইছিল যদিও আজি মুলতঃ খেতি বাতি কৰিয়েই পৰিয়ালৰ পোহপাল দিয়ে উমা ছেত্ৰীৰ পিতৃ লোকবাহাদুৰ ছেত্ৰীয়ে৷ এজন পুত্ৰ দোকান আৰু এজনে বেটেৰী ৰিস্কা চলায়৷ ক্ৰিকেট খেলত কণ্যা উমা ছেত্ৰীৰ সাফল্যই যেন লাহে লাহে আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিছে৷ বিশ্ব কাপৰ ফাইনেল খেলত বিজয়ী হোৱা ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা উমা ছেত্ৰীৰ সাফল্যত আজি উল্লাহিত হৈ পৰে বোকাখাত৷ ইফালে বোকাখাত ৰাজহুৱা খেলপথাৰত বোকাখাত জিলা ক্ৰীড়া সন্থাই ২ নৱেম্বৰত উন্মোচন কৰা ক্ৰিকেট অনুশীলনৰ ইনড’ৰ হলটো উমা ছেত্ৰীৰ নামত নামকৰণ কৰিছে৷ বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ফিতা কাটি উন্মোচন কৰে এই ইনড’ৰ হলটো৷ উল্লেখ্য যে উমা চেত্ৰীৰ সাফল্য আৰু দলৰ জয়ৰ লগে লগে বোকাখাটৰ ঘৰত আনন্দৰ জোৱাৰ উঠিছে৷