Logo
image

প্ৰথম দিনা ন্যায়িক আয়োগত সাক্ষ্য দিবলৈ এজনো নাহিল

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৩ নৱেম্বৰঃ  বহিঃৰাষ্ট্ৰ ছিংগাপুৰত ৰহস্যজনক ভাবে মৃত্যু হোৱা জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ ৰাজ্যবাসীৰ লগতে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি থকাৰ সময়তে আজি গুৱাহাটী মহানগৰীৰ চানমাৰিৰ খাদী গ্ৰামোদ্যোগ বিভাগৰ চৌহদত আজিৰে পৰা সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ ন্যায়িক আয়োগে সাক্ষ্য গ্ৰহণ কৰিবলৈ আজি আয়োগৰ কাৰ্যালয়ত উপস্থিত হয়৷ সাক্ষ্য গ্ৰহণৰ প্ৰথম দিনা ন্যায়িক আয়োগত সাক্ষ্য দিবলৈ এজৰ্নো লোক উপস্থিত নোহোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যি সময়ত শাসকীয় বিজেপি দলে,  কংগ্ৰেছ, অগপ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আছুকে ধৰি বিভিন্ন দল সংগঠনে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথ আৰু ডিজিটেল মাধ্যমত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে৷ তদুপৰি বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথ আৰু ডিজিটেল মাধ্যমত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে৷ এই সকল নেতাক আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ ন্যায়িক আয়োগত সাক্ষ্যদান কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হোৱা নাই৷ উল্লেখ্য যে,  পূৰ্বতে ৰাজ্য চৰকাৰে বাতৰি কাকতত বিজ্ঞাপন দি চানমাৰিৰ খাদী গ্ৰামোদ্যোগ বিভাগৰ চৌহদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ ন্যায়িক আয়োগত জুবিন গাৰ্গৰ ৰাহস্যজনক মৃত্যুৰ সন্দৰ্ভত ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈকে ৰাজহুৱা সাক্ষ্য গ্ৰহণ কৰা হব বুলি প্ৰচাৰ কৰিছিল৷ ৰাজ্য চৰকাৰে বহল ভিত্তিত প্ৰচাৰ কৰাৰ পাছতো এজনীয়া সৌমিত্ৰ শইকীয়াৰ ন্যায়িক আয়োগত এজনো লোক সাক্ষ্য দিবলৈ নহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, এজনীয়া সৌমিত্ৰ শইকীয়াৰ ন্যায়িক আয়োগে প্ৰতিদিনে পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ সাক্ষ্য গ্ৰহণ কৰিব বুলি আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে৷ ৰাইজৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ খাদী গ্ৰামোদ্যোগ বিভাগৰ চৌহদত আৰক্ষীয়ে বেৰীকেট সাজি এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ স্মৰ্তব্য যে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এজনীয়া ন্যায়িক আয়োগ গঠন কৰিছে, যিটো আয়োগে ইতিমধ্যে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ এই আয়োগে তদন্তৰ অংশ হিচাপে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ আৰু পৰৱৰ্তী পৰিস্থিতি সম্পৰ্কীয় বিষয়সমূহ সামৰি ল’ব৷ আয়োগৰ গঠনঃ অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এটা ন্যায়িক আয়োগ গঠন কৰিছে৷ তদন্তৰ পৰিসৰঃ এই আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰিটাকৈ মূল বিষয় তদন্ত কৰিব, য’ত ছিংগাপুৰত তেওঁৰ মৃত্যুৰ আগ আৰু পিছৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়া হ’ব৷ সাক্ষ্য গ্ৰহণঃ আয়োগে ইতিমধ্যেই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছে৷ আৰু এক তদন্তঃ ইয়াৰ উপৰিও, এছ আই টিয়েও এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে আৰু ১০০ৰো অধিক সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে৷ ইপিনে, ছিংগাপুৰ আৰক্ষীৰ ভূমিকাঃ ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক নহয় বুলি জনাইছে যদিও তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া এতিয়াও চলি আছে বুলি জানিবলৈ দিছে৷ 


এছ আই টিত শতাব্দী, চক্ৰপানিৰ ভাষ্য গ্ৰহণ 

'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদকঃ  অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে এছ আই টিয়ে৷ প্ৰতিদিনে নতুন নতুন সাক্ষীৰ ভাষ্য সংগ্ৰহ কৰিছে এছ আই টিয়ে৷ এতিয়ালৈকে শতাধিক লোকৰ ভাষ্য সংগ্ৰহ কৰিছে এছ আই টিয়ে৷  দ্বিতীয়বাৰৰ বাবে এছ আই টিত ভাষ্য দিব লগা হল জুবিন গাৰ্গৰ সহযোগী শিল্পী শতাব্দী বৰাই৷ ভাষ্য গ্ৰহণৰ অন্তত এছ আই টিয়ে শতাব্দী বৰাৰ ভাষ্য আদালতত লিপিবদ্ধ কৰায়৷ আনহাতে, ইউটিউবাৰ চক্ৰপাণি পৰাশৰেও আজি এছ আই টিত হাজিৰ হব লগা হয়৷ ইউটিউবাৰ চক্ৰপাণি পৰাশৰে লিখিত ষ্টেটমেণ্ট জমা দিয়ে এছ আই টিৰ ওচৰত৷ তিনি ঘণ্টা ভাষ্য গ্ৰহণ কৰাৰ পাছত এছ আই টিয়ে ইউটিউবাৰ চক্ৰপাণি পৰাশৰক ঘৰলৈ যাবলৈ দিয়ে৷ উল্লেখ্য যে, চক্ৰপাণিয়ে ধৃত শেখৰজ্যোতি গোস্বামীৰ ইণ্টাৰভিউ লৈছিল৷ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমবাৰৰ বাবে শেখৰজ্যোতিয়ে চক্ৰপাণিৰ ওচৰত মুখ খুলিছিল৷ চক্ৰপাণিয়ে চ’চিয়েল মিডিয়াত শেখৰজ্যোতিৰ ভাষ্য আপলোড কৰিছিল৷ আনহাতে আংচা সংস্কৃতিক গোষ্ঠীৰ কৰ্মকৰ্তাৰ ভাষ্যও আজি আদালতত লিপিবদ্ধ কৰা হয়৷ উল্লেখ্য যে, যোৱা কালি বিজয় নগৰৰ ‘‘আংছা সাংস্কৃতিক গোষ্ঠীৰ দুই সম্পাদকৰ ভাষ্য গ্ৰহণ কৰা হৈছিল৷ বিজয় নগৰৰ ‘‘আংছা সাংস্কৃতিক গোষ্ঠীত যোৱা ২০২৪ বৰ্ষৰ বিহুৰ অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে৷ সেই সূত্ৰেই এছ আই টিয়ে তলব কৰে বিজয় নগৰৰ ‘‘আংছা সাংস্কৃতিক গোষ্ঠীৰ দুই সম্পাদকক৷ জুবিনৰ লগত হোৱা চুক্তি, আৰ্থিক লেনদেন সন্দৰ্ভত ভাষ্য গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে ১০ লাখ টকাত চুক্তি হৈছিল সেই অনুষ্ঠানৰ৷ সমগ্ৰ ধন নগদ লৈছিল জুবিন গাৰ্গৰমেনেজাৰ সিদ্ধাৰ্থৰ মেনেজাৰ কৃষাণু দাসে৷ ৫০ হাজাৰ টকা আগধন হিচাপে লৈছিল সিদ্ধাৰ্থৰ মেনেজাৰ কৃষাণু দাসে বাকী ৯.৫০ লাখ টকা নগদ লৈছিল বুলি সংবাদ মাধ্যমৰ আগত জনাই দুই সম্পাদকে৷ উল্লেখ্য যে, প্ৰথমতে ১০.৫০ লাখ টকাত চুক্তি হব বুলি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কৈছিল যদিও পৰৱৰ্তী সময়ত কমিটিয়ে ৫০ হাজাৰ টকা কমাই দিয়াৰ চুক্তি কৰিছিল৷ আংছা সাংস্কৃতিক গোষ্ঠীয়ে ধনখিনি চেক অথবা বেংক একাউণ্ট যোগে দিব বিচাৰিছিল কিন্তু সিদ্ধাৰ্থ শৰ্মাই বেংকৰ একাউণ্ট বা চেক যোগে লোৱাৰ বিপৰিতে নগদ ধন লৈছিল৷