Logo
image

‘উমাক বেছিকৈ গামোচা পিন্ধালে খেলা তল পৰিব’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ নৱেম্বৰ ঃ  ‘যত দোষ, নন্দ ঘোষ’ বুলি প্ৰচলিত কথিত প্ৰবচনটো সদ্য বিশ্বকাপ বিজয়ী অসমীয়া ক্ৰিকেটাৰ উমা চেত্ৰীৰ প্ৰতি হোৱা অৱজ্ঞাৰ ক্ষেত্ৰত নাখাটিব৷ শনিবাৰে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ সংবাদমেলৰ বক্তব্যৰ পৰা যিকোনো ব্যক্তি এই বিষয়ত আশ্বস্ত হ’ব পাৰে৷ কিয় নাখাটিব! দেৱজিৎ শইকীয়াৰ মতে উমা চেত্ৰীক অসমত পদাৰ্পণ  কৰাৰ সময়ত আলহ-উদহকৈ আদৰণি নজনোৱাৰ ক্ষেত্ৰত কাৰো দোষ নাই৷ দোষ থাকিলেহে নন্দ ঘোষৰ গাত জাপিব পাৰি৷ কিয়নো বালক কৃষ্ণই গোকুল ধামত কৰা সকলো দুষ্টামিৰ দোষ গোকুলৰ বাসিন্দাই শ্ৰীকৃষ্ণক নিদি তেওঁৰ পালিত পিতৃ নন্দ ঘোষৰ ওপৰতে জাপিছিল৷ তাৰ পৰাই ‘যত দোষ, নন্দ ঘোষ’ৰ উৎপত্তি৷ অৰ্থাৎ উমা চেত্ৰীৰ ক্ষেত্ৰত দোষ জাপি দিবলৈ যেতিয়া কোনো নায়েই, তেতিয়া ‘যত দোষ, নন্দ ঘোষ’ কেনেকৈ হ’ব?

‘ন’ ৱান কিল্ড জেছিকা’– নামৰ এখন বলীউডী ছবি আছিল, যিখন ছবি জেছিকা লাল নামৰ এগৰাকী মডেলৰ হত্যাৰ ঘটনাৰ সত্য কাহিনীক লৈ নিৰ্মিত হৈছিল৷ বাস্তৱত জেছিকা লালক এখন লাউ! বাৰত এক ৰাজনৈতিক নেতাৰ পুত্ৰই জনসমক্ষে গুলীয়াই হত্যা কৰিলেও আদালতৰ বিচাৰৰ ৰায়ত জেছিকা লালৰ কোনো হত্যাকাৰী ওলোৱা নাছিল আৰু তাৰে ফলশ্ৰুতিত জন্ম হৈছিল– ‘ন’ ৱান কিল্ড জেছিকা’ ছবিৰ৷ কালিৰ পৰা আজিলৈ অসমৰ বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীক অসম ক্ৰিকেট সন্থা, অসম চৰকাৰ, ক্ৰীড়া বিভাগ আৰু ৰাজ্যৰ দল-সংগঠনে তেওঁৰ আগমনৰ সময়ত অৱজ্ঞা-অৱহেলা কৰা বুলি যি বিতৰ্ক চলি আছে, বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ সংবাদমেলৰ বক্তব্য শুনিলে এইক্ষেত্ৰত ‘ন’ ৱান কিল্ড জেছিকা’লৈ মনত পৰিব৷ কিয়নো দেৱজিৎ শইকীয়াৰ বক্তব্যৰ সাৰমৰ্মও এটাই –উমা চেত্ৰীৰ প্ৰতি হোৱা অৱহেলা, অৱজ্ঞাৰ ক্ষেত্ৰত কাৰো দোষ নাই৷ এইক্ষেত্ৰত এচিএৰ দোষ নাই, বি চি চি আইৰ দোষ নাই, আন কাৰো দোষ নাই৷ দোষ সময়ৰ৷


শনিবাৰে সংবাদমেলত দেৱজিৎ শইকীয়াই এচিএৰ সচিব তৰংগ গগৈক ক্লীনশ্বীট দি দিলে৷ সম্পাদক সনাতন দাসৰ ভাতৃপুত্ৰৰ শিলিগুড়িত দুৰ্ঘটনাত মৃত্যু হৈছিল৷ তেওঁক ইয়াৰ মাজলৈ টনাৰ কোনো অৰ্থ নাই৷ দুৰ্ভাগ্যজনক এটা ঘটনাত তেওঁ পৰিয়ালৰ কাষত থকাটো অৱশ্যেই কৰ্তব্য৷ যিহেতু অসম ক্ৰিকেট সন্থাই উমা চেত্ৰীৰ আগমনৰ কথা নাজানেই, আনকি উমা চেত্ৰীয়ে নিজেও নাজানে তেওঁ আহিব বুলি, তেন্তে এইক্ষেত্ৰত এচিএৰ দোষ কেনেকৈ থাকিব– এই প্ৰশ্ন বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ৷ তৰংগ গগৈ শাসকীয় দলৰ বিধায়ক হোৱাৰ বাবে চাপত পৰি বি চি চি আইৰ সচিবে এচিএৰ ষ্টেডিয়ামত বহি শনিবাৰে সভাপতিক ক্লীনশ্বীট দিলে নে এয়া তেওঁৰ যথাৰ্থ বক্তব্য সেই প্ৰশ্ন থাকি যাব পাৰে, কিন্তু দেৱজিৎ শইকীয়াৰ মতে এচিএৰ এইক্ষেত্ৰত কোনো দোষ নাই৷

এই ঘটনাত বি চি চি আইৰো দোষ নাই৷ কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট˜পতি দ্ৰৌপদী মুৰ্মুৰ দলটোক সাক্ষাৎ কৰাৰ ইচ্ছাৰ বাবে বিশ্বজয়ী ক্ৰিকেটাৰ কেইগৰাকীৰ ভ্ৰমণসূচী বাৰম্বাৰ সলনি কৰিবলৈ বাধ্য হৈছিল বি চি চি আই৷ প্ৰথমে ৩ বা ৪ নৱেম্বৰত প্ৰত্যেক সদস্যই মুম্বাইৰ পৰা নিজ নিজ ঘৰলৈ যোৱাৰ কথা আছিল৷ প্ৰধানমন্ত্ৰীৰ ইচ্ছাত সকলোকে বি চি চি আয়ে চাৰ্টাৰ্ড বিমানত দিল্লীলৈ পঠিয়াবলগীয়া হ’ল৷ পিছদিনা ৰাষ্ট্ৰপতিয়েও একে ইচ্ছা ব্যক্ত কৰিলে৷ তালৈকো বিশ্ব চেম্পিয়ন দলটোক পঠিয়াবলগীয়া হ’ল৷ ৰাষ্ট্ৰপতিৰ সাক্ষাতৰ পাছত যাকে যেনেকৈ পাৰে তেনেকৈ ঘৰলৈ পঠিয়াই দিয়া হ’ল৷ ডুবাইত থাকিলেও কিন্তু ডাঁৰৰ বাতৰি ডাঁৰে লৈ আছিল দেৱজিৎ শইকীয়াই৷ তেওঁ এটা কথা স্পষ্ট কৰি দিলে– কোন খেলুৱৈক কেতিয়া ঘৰলৈ পঠিয়াব, সেয়া বি চি চি আয়ে ৰাজ্যিক ক্ৰিকেট সন্থাক [এইক্ষেত্ৰত এচিএ] জনোৱাৰ প্ৰয়োজন নাই৷ সম্ভৱতঃ সেই নিয়ম মানিয়েই, সকলো জানি-শুনিয়ে প্ৰট’কল মানি বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই গৃহৰাজ্যৰ সন্থাটোক এই খবৰ জনোৱা নাছিল৷ এয়া অনুমানহে, কিয়নো এচিএৰ কাৰ্যালয়ত বহি কৰা সংবাদমেলত দেৱজিৎ শইকীয়াই এনে দাবী কৰা নাই৷

বি চি টি আইৰ সচিব দেৱজিৎ শইকীয়াৰ স্পষ্ট কথা –খেলুৱৈক আদৰি আনিবলৈ ২০০ বা ৫০০ মানুহ লৈ বিমানবন্দৰলৈ যোৱাৰ দায়-দায়িত্ব এচিএৰ নাই৷ সভালৈ গোটোৱাৰ দৰে মানুহ গোটোৱাৰ কাম এচিএৰ নহয়৷ কাম হৈছে –খেলুৱৈক সুবিধা দিয়া, উৎসাহ দিয়া আৰু সম্বৰ্ধনা দিয়া৷ আজি আমি যদি উমা চেত্ৰীক বেছিকৈ গামোচা পিন্ধাবলৈ আৰম্ভ কৰোঁ, বেছি সম্বৰ্ধনা জনাবলৈ লওঁ, তেন্তে তেওঁৰ খেলা তল পৰি যাব৷ দেৱজিৎ শইকীয়া নিজেও এইবাৰ বি চি চি আইৰ সচিব হিচাপে পুনৰ নিৰ্বাচিত হোৱাত বিমানবন্দৰলৈ কাকো ঢোলে দগৰে আদৰি আনিবলৈ যাবলৈ দিয়া নাছিল৷ প্ৰথমবাৰ অৱশ্যে সচিব হঁওতে তেওঁক ঢোলে দগৰে বিমানবন্দৰৰ পৰা কেইবাশ সমৰ্থকে আদৰি আনিছিল বুলি জনালে দেৱজিৎ শইকীয়াই৷ ২০০ বা ৫০০ মানুহ গোটেই-পিটাই খেলুৱৈকহে এচিএই আদৰি অনাৰ নিয়ম নাই নেকি–সেয়া তেওঁৰ বক্তব্যত অস্পষ্ট হৈ ৰ’ল৷ তেওঁৰ আৰু  দুটা স্পষ্ট বক্তব্য হ’ল–এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰাজ্যত শোকৰ এটা আৱহ থকাৰ সময়ত তেনেদৰে ঢোলে-দগৰে আদৰণি জনাবলৈ যোৱাৰ পৰিৱেশো নাই, সেয়া ঠিক নহয়৷ দ্বিতীয়টো – বিমানবন্দৰলৈ এচিএৰ ৩জন কৰ্ম-কৰ্তা গৈছিল উমা চেত্ৰীক আদৰিবলৈ৷ তেওঁৰ বক্তব্যত আদৰণি জনোৱা-নজনোৱা, খেলুৱৈৰ বাবে বিমানবন্দৰলৈ সভাৰ দৰে ২০০-৫০০ লোক গোটাই নিয়া-নিনিয়াৰ ক্ষেত্ৰত পৰস্পৰবিৰোধী সামান্য সুৰ এটা থাকি গ’লেও সামগ্ৰিক বক্তব্যৰ অন্তত একেষাৰেই ক’ব পাৰি–‘ন’ ৱান কিল্ড জেছিকা’, – অ’ নহয়, উমা চেত্ৰীৰ ক্ষেত্ৰত কাৰো দোষ নাই৷ 

অসমৰ যিকোনো ঘটনাই ৰাজনৈতিক ‘ইচ্ছ্যু’ হৈ পৰাৰ দৰে এতিয়া উমা চেত্ৰীৰ অৱহেলা-অৱজ্ঞাও বিশুদ্ধ ৰাজনীতিত পৰিগণিত হৈছে৷ শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমায়ে উমা চেত্ৰীক যথাৰ্থ আদৰণি দিব নোৱাৰাৰ বাবে ক্ষমাভিক্ষা কৰিলে৷ লগতে তেওঁ চৰকাৰ, আন ৰাজনৈতিক দল, সংগঠনকো উমা চেত্ৰীৰ ওচৰত ক্ষমা বিচাৰিবলৈ প্ৰত্যাহ্বান এৰি দিলে৷ হয়তো সেই প্ৰত্যাহ৩ান স্বীকাৰ কৰি অথবা বিষয়টোত সকলো ৰাজনৈতিক প্ৰতিদ্বন্দ্বীকে সাঙুৰি লোৱাৰ কৌশল লৈ অসম চৰকাৰৰ শীৰ্ষস্থানীয় মন্ত্ৰী পীয়ূষ হাজৰিকাই শনিবাৰে নিজৰ দল-চৰকাৰৰ ভুল বুলি কৈ ক্ষমা প্ৰাৰ্থনা কৰিছে৷ একেটা বক্তব্যতে তেওঁ ক্ষমা বিচাৰিবলৈ প্ৰত্যাহ্বান এৰি দিছে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈলৈ৷ যেন এইখন ‘মিউজিকেল চেয়াৰ’ৰ খেলহে৷ ইপিনে শনিবাৰে পুৱাই উমা চেত্ৰীৰ বোকাখাতৰ কান্দুলীমাৰী গাঁৱৰ ঘৰত উপস্থিত হৈ ‘ব্লেকফাষ্ট’ কৰি-মেলি লুৰীণজ্যোতি গগৈ আগতেই আজৰি৷ ভিডিঅ’ কল কৰি  আগতীয়াকৈ উমাক ৰুটি-মাটন খাবলৈ ক’লে গৌৰৱ গগৈয়ে৷ অখিল গগৈৰ প্ৰতিনিধি হৈ শুকুৰবাৰেই কাজিৰঙাৰ অৰ্কিড পাৰ্কৰ পৰা এটা দল গৈ উমা চেত্ৰীক সম্বৰ্ধনা জনালেই৷ ইয়াৰ পাছত বা কি? অহা দুই এদিনতে চৰকাৰৰ উমা চেত্ৰীক লৈ কৰিব পৰা ‘আদেখলেপনা’ উপভোগ কৰিবলৈ এতিয়া ৰাজ্যৰ ছ’চিয়েল মিডিয়াৰ নেটিজেন সষ্টম, খবৰ দিবলৈ সাজু হৈ আছে সাংবাদিকো৷