জে’লেই ঠিকনা হ’ব সিদ্ধাৰ্থ, শ্যামকানুসহ ৭ অভিযুক্তৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৯ নৱেম্বৰঃ অৱশেষত জে’লেই ঠিকনা হ’ল সিদ্ধাৰ্থ শ্যামকানুসহ জ্জ অভিযুক্তৰ৷ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামীসহ ৭জন অভিযুক্তক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ আজি ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাত অসম আৰক্ষীয়ে ভাৰ্চুৱেল কনফাৰেঞ্চৰ জৰিয়তে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামীসহ জ্জজন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে শুনানি গ্ৰহণ কৰি শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামীসহ জ্জজন অভিযুক্তক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ বাগসা জিলাৰ কেন্দ্ৰীয় কাৰাগৰৰ পৰা শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ আৰু দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক আজি অসম আৰক্ষীয়ে ভাৰ্চুৱেল কনফাৰেঞ্চৰ জৰিয়তে আদালতত হাজিৰ কৰায়৷ ঠিক একেদৰে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক হাফলঙৰ কাৰাগাৰৰ পৰা আজি অসম আৰক্ষীয়ে ভাৰ্চুৱেল কনফাৰেঞ্চৰ জৰিয়তে আদালতত হাজিৰ কৰায়৷ উল্লেখ্য যে, ১৪ দিন পূৰ্বে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ আৰু দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছিল৷ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্ত পাঁচোজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল৷ নিৰ্ধাৰিত ন্যায়িক জিম্মাৰ ম্যাদ অন্ত পৰাত মঙলবাৰে পাঁচ অভিযুক্তক ভাৰ্চুৱেলী কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল৷ পিছত আদালতে পাঁচ অভিযুক্তকে পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল৷ উল্লেখ্য যে পহিলা অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এছ আই টিয়ে নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰিছিল৷ দুয়োকে সেইদিনাই পুৱা কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহত হাজিৰ কৰোৱাই ১৪ দিনৰ বাবে এছ আই টিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল৷ ইয়াৰ সমান্তৰালভাবে জুবিনৰ সম্বন্ধীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গক যোৱা জ্জ্ব অক্টোবৰত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁক আদালতে সাতদিনৰ বাবে এছ আই টিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল৷ আনহাতে, জুবিনৰ দুই ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো যোৱা ১০ অক্টোবৰত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁলোকক আৰক্ষীয়ে পাঁচ দিনৰ বাবে এছ আই টিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল৷ তেওঁলোকৰ এছ আই টিৰ জিম্মাৰ ম্যাদ অন্ত পৰাত ১৫ অক্টোবোৰত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আটাইকেইজনক হাজিৰ কৰোৱা হৈছিল৷ তাৰ পিছত আদালতে ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে৷ ধৃত ৫ জনকে বাগসা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷ আনহাতে, তেওঁলোকক কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত বাগসাত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ তাৰ পৰিপ্ৰেক্ষিতত আটাইকেজনকে ভাৰ্চুৱেলী আদালতত হাজিৰ কৰোৱা হয়৷
কণ্ঠশিল্পী জুৱলি বৰুৱাৰ সাক্ষ্যগ্ৰহণ এছআইটিৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ বিশেষে তদন্তকাৰী দলে চমুকৈ এছ আই টিয়ে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ এছ আই টিয়ে প্ৰতিদিনে নতুন নতুন সাক্ষীৰ ভাষ্য সংগ্ৰহ কৰিছে৷ এতিয়ালৈকে এছ আই টিয়ে শতাধিক লোকৰ ভাষ্য সংগ্ৰহ কৰিছে৷ এছ আই টিত সাক্ষ্যদান দিবলৈ আজি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় জুবিন গাৰ্গৰ সহশিল্পী জুৱলি বৰুৱা৷ কণ্ঠ শিল্পী জুৱলি বৰুৱাই এছ আই টিৰ সন্মুখত ২.৫ঘণ্টা ভাষ্য প্ৰদান কৰে৷ চি আই ডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহি জুৱলি বৰুৱাই সংবাদ মাধ্যমৰ সন্মুখত ভাষ্য প্ৰদান কৰি উচুপি উঠে৷ জুৱলি বৰুৱাই সংবাদ মাধ্যমৰ সন্মুখত জুবিন গাৰ্গ সন্দৰ্ভত পুনৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ এছ আই টিয়ে দাখিল কৰিব লগীয়া অভিযোগনামালৈ আমি অপেক্ষা কৰিব লাগিব বুলি উল্লেখ কৰি জুৱলি বৰুৱাই কয় যে আমি সকলোৱে জুবিন দাৰ ন্যায় বিচাৰি আছোঁ৷ বিত্তীয় কেলেংকাৰি সন্দৰ্ভত মন্তব্য আগবঢ়াই জুৱলিয়ে কয় যে জুবিন দাৰ মেনেজমেণ্ট মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই চলাইছিল আৰু একেটা মেনেজমেণ্ট মোৰো আছিল৷ কিন্ত মোৰ ক্ষেত্ৰত এতিয়ালৈ কোনো বিত্তীয় অনিয়ম দেখা নাই বুলি প্ৰকাশ কৰি জনপ্ৰিয় শিল্পী গৰাকীয়ে কয় যে জুবিন দাৰ লগত যদি হৈছে সেয়া তেন্তে এছ আই টিয়ে তদন্ত কৰিব৷ জুবিন দাক সিসকলে সঁচাকৈ ভাল পাই তেওঁলোকে জুবিন গাৰ্গৰ ছবি ‘ৰৈ ৰৈ বিনালে’ পাইৰেচি নকৰিব শিল্পী গৰাকীয়ে আহ৩ান জনাইছে৷ অৱশ্যে পুনৰ এছ আই টি লৈ আহিব লাগিব নে নাই সেই কথা জুবলীয়ে উল্লেখ নকৰিলে৷ ইপিনে, যোৱা কালি এছ আই টিয়ে নেম কেয়াৰ হাস্পতালৰ এজন চিকিৎসকৰ সাক্ষ্য গ্ৰহণ কৰিছিল৷ উল্লেখ্য যে, যোৱা ৭ নৱেম্বৰত এছ আই টিত সাক্ষ্যদান দিবলৈ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতম৷ এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত শ্যামন্তক গৌতমৰ ভাষ্য গ্ৰহণ কৰিছিল৷ মন কৰিবলগীয়া যে শ্যামন্তক গৌতম জুবিন গাৰ্গৰ ঘনিষ্ঠ ব্যক্তি সকলৰ ভিতৰত অন্যতম৷ শ্যামন্তকে জুবিন গাৰ্গৰ কেইবাখনো ছবি প্ৰযোজনা কৰিছিল৷ একেদিনাই এছ আই টিয়ে জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ তাৰছেম মিট্টালৰ সাক্ষ্য গ্ৰহণ কৰিছিল৷ প্ৰায় ১২ বছৰ কাল জুবিনৰ মেনেজাৰ হিচাপে কাম কৰা প্ৰাক্তন মেনেজাৰ তাৰছেম মিটাল মুম্বাইৰ পৰা পোনে পোনে চি আই ডিৰ কাৰ্যালয়লৈ আহিছিল৷ ২০০৬ চনৰ পৰা ১৪ চনলৈ জুবিনৰ মেনেজাৰ হিচাপে কাম কৰা তাৰছেম মিট্টালে সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে নিযুক্তি দিছিল৷ যোৱা ৭ নৱেম্বৰত এছ আই টিয়ে অল আছাম জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঞিৰো ভাষ্য গ্ৰহণ কৰে৷ উল্লেখ্য যে, জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঞিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত শেখৰজ্যোতি গোস্বামীৰ লগত ৱাটছএপৰ জৰিয়তে কথা পাতিছিল৷ সেই ৱাটছএপ বাৰ্তালাপৰ কেইবাটাও ড্ৰোণ শ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল৷ দুয়োৰে মাজত হোৱা কথোপকথন বাবেই পিকু বৰগোহাঞিৰ সাক্ষ্য এছ আই টিয়ে গ্ৰহণ কৰিছিল৷ পিকুৱে এছ আই টিৰ ওচৰত ৱাটছএপৰ ড্ৰোণ শ্বট জমা দিয়ে৷ প্ত ঘণ্টা সাক্ষ্য গ্ৰহণ কৰাৰ পাছত এছ আই টিয়ে পিকুক ঘৰলৈ যাবলৈ দিয়ে যদিও পুনৰ মঙলবাৰে চি আই ডি কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল৷






