Logo
image

উক্তি-বক্ৰোক্তি

অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেৱল সীমান্তত নিৰাপত্তা বৃদ্ধি কৰিলে নহ’ব; দেশৰ গণতান্ত্ৰিক আন্তঃগাঁথনিকো সুৰক্ষিত কৰিব লাগিব৷ ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনীক লৈ কিছুমান ৰাজনৈতিক দলে অনুপ্ৰৱেশকাৰীক চিহ্নিত কৰাৰ ক্ষেত্ৰত ভুল প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে৷ এয়া দুৰ্ভাগ্যজনক৷ 

– অমিত শ্বাহ, কেন্দ্ৰীয় গৃহমন্ত্ৰী

ইউক্ৰেইনৰ বাবে এতিয়া কঠিন সময় আহি পৰিছে৷ ৰাছিয়াৰ সৈতে বুজাবুজি কৰিবলৈ আমেৰিকাৰ পৰা নিৰন্তৰ হেঁচা প্ৰয়োগ আৰম্ভ হৈছে৷ আমাক ১১ বছৰ ধৰি দমন তথা ধবংস কৰাৰ চেষ্টা অব্যাহত আছে৷ সময়ৰ এই প্ৰত্যাহ৩ানৰ মুখামুখি হ’বলৈ আমি এতিয়া সাজু৷

–ভল্ডডিমিৰ জেলেনস্কি, ৰাষ্ট্ৰপতি, ইউক্ৰেইন 

কলকাতাতকৈ গুৱাহাটীৰ পিট্‌চখন ভাল৷ ইয়াত ঘাঁহ বেছি আছে৷ আমাৰ বাবে এইটো নতুন অভিজ্ঞতা হ’ব৷ ক্ৰিকেটাৰ হিচাপে আমি যিকোনো পৰিস্থিতিত খেলিব পাৰিব লাগিব৷ 

– টেম্বা বাভুমা, অধিনায়ক, দক্ষিণ আফ্ৰিকা


হিতেশ দেৱশৰ্মা আৰু সাংবাদিক ৰাণাৰ আগৰে পৰাই সম্পৰ্ক ভাল আছিল, বন্ধুত্ব আছিল৷ পি এছ অ’ লাগিব নেকি? যদি লাগে দি দিম৷

– হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী

দিন দুপৰতে সাংবাদিক আৰু তেওঁৰ কণমানি পুত্ৰক ক্ষতি কৰাৰ ভাবুকি দিয়া এই ঘটনাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে, সেয়া চাবলগীয়া হ’ব৷ আশা কৰোঁ অসম আৰক্ষীয়ে ইয়াৰ উচিত তদন্ত কৰিব৷ অসম আৰু অসমীয়াৰ মৰ্যাদা বজাই ৰাখিব৷ 

– গৌৰৱ গগৈ, সভাপতি, প্ৰদেশ কংগ্ৰেছ 

বিজেপিয়ে নিৰ্বাচনী ব্যৱস্থাটোক প্ৰহসনত পৰিণত কৰিব খুজিছে৷ ৰাজ্যৰ মূল বিৰোধী দলসমূহ মহামান্য উচ্ছতম ন্যায়ালয়ৰ কাষ চপাৰ বিকল্প নাই৷ অসমৰ সৰ্বস্বৰৰ জাতীয় দল-সংগঠনে ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ গঢ়ি তুলিব লাগিব৷ 

–  অখিল গগৈ, বিধায়ক, ৰাইজৰ দল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত বাৰম্বাৰ সাংবাদিক দমনৰ উদাহৰণ ঘটিছে৷ এইজন মুখ্যমন্ত্ৰীৰ দিনতে সাংবাদিকে স্বাধীনতা হেৰুৱাইছে৷ প্ৰশ্ন কৰিলে মালিকৰ নাম সোধা, ধৰ্মীয় পৰিচয় সোধা বা প্ৰকাৰান্তৰে ভাবুকি দিয়া কাৰ্য নিৰন্তৰ ঘটি আছে৷ এইধৰণৰ বিক্ষিপ্ত বিষয়বোৰে সংবাদ স্বাধীনতাত ভাৰতৰ স্থান অৱনমিত কৰিছে৷ 

– লুৰীণজ্যোতি গগৈ, সভাপতি, অজাপ