Logo
image

অখিলক লৈ অস্বস্তিত বিৰোধী প্ৰতিশ্ৰুতি ভংগৰ অভিযোগ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ নৱেম্বৰঃ  ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈৰ ভূমিকাক তীক্ষ্ণ সমালোচনা কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই৷ তেওঁ শনিবাৰে সংবাদ মাধ্যমৰ আগত কয়–অখিল গগৈৰ দুমুখীয়া স্থিতিত আমি উদ্বিগ্ন৷ ১২ নৱেম্বৰৰ বিৰোধী দলসমূহৰ সভাত সকলোৱে শপত লৈছিল ভিতৰৰ কথা বাহিৰত নকও বুলি৷ কিন্তু বৈঠকৰ পিছদিনাই অখিল গগৈয়ে সকলো বুমেৰাং কৰিলে৷ উল্লেখ্য, ১২ নৱেম্বৰত অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত অনুষ্ঠিত হৈছিল বিৰোধী দলসমূহৰ বৈঠক৷ প্ৰদেশ কংগ্ৰেছৰ আহ৩ান মৰ্মে বৈঠকত ভাগ লৈছিল ৰাইজৰ দল, অসম জাতীয় পৰিষদ, বাওপন্থী দল সমূহৰ প্ৰতিনিধি৷


২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ অপশাসনৰ ওৰ পেলাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰাৰ সংকল্প লৈ মিলিত হৈছিল ৭ৰাজনৈতিক দলৰ প্ৰতিনিধি৷ বৈঠকৰ পিছদিনাই দিল্লীলৈ ৰাওনা হৈছিল অখিল গগৈ৷ ১৪নৱেম্বৰত ঘোষণা হৈছিল বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল৷ বিহাৰত বিজেপি নেতৃত্বাধীন এন ডি এৰ চমকপ্ৰদ জয় লাভৰ পাছত আচম্বিতে স্থিতি সলনি হয় বিধায়ক অখিল গগৈৰ৷ দিল্লীৰ পৰাই অখিল গগৈয়ে আক্ৰমণাত্মক হৈ পৰে দুদিন পূৰ্বে একেলগে বৈঠকত মিলিত হোৱা কংগ্ৰেছৰ বিৰুদ্ধে৷ বিধায়ক অখিল গগৈৰ এনে স্থিতিত বিমোৰত পৰে বিৰোধী শিবিৰৰ নেতা-কৰ্মী৷ আনকি অখিল গগৈৰ অতি ঘনিষ্ঠ লোকো তেওঁৰ এনে ভূমিকাক অসন্তুষ্ট হৈ পৰে৷ প্ৰতিটো বিৰোধী দলে অখিল গগৈয়ে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ কৰে৷