বিজেপিৰ ‘সফলতা’
খুব বেছি মাজত আছে মাত্ৰ দুটা বা তিনিটা মাহ৷ ২০২৬ৰ অসমৰ বিধানসভা নিৰ্বাচনৰ দিন ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই ঘোষণা হোৱাটো নিশ্চিত৷ এই সময়খিনিলৈকে স্বাভাৱিকতে ৰাজনৈতিক দলসমূহে খুব হেঁপাহেৰে বাট চাই ৰয় ৷ ব্যস্ততা বাঢ়ে ৷ গা-মূৰ জোকাৰি কিছুমান ৰাজনৈতিক দলে আলস্য ভাব আঁতৰাবলৈ এঙামুৰি একোটাকে দিয়ে৷ মুঠতে এই সময়খিনি ৰাজনৈতিক দলবোৰৰ বাবে ব্যস্ততা বঢ়াৰ সময়৷ দাম-দৰ কৰাৰো সময়৷
আজিৰ তাৰিখত শাসনাধিষ্ঠিত বিজেপি ইমানেই ‘আত্মবিশ্বাসী’ যে তেওঁলোকে কোনো মিত্ৰ দলৰ সহায় নোলোৱাকৈয়ে ২০২৬ত অকলেই চৰকাৰখন গঠন কৰিব পাৰিব বুলি ভাবে ৷ দলটোৰ কথা-কামত এইধৰণৰ আত্মবিশ্বাস এটা প্ৰকট হৈয়ে আছে৷ ইয়াৰ বিপৰীতে একেৰাহে দুটাকৈ কাৰ্যকাল যে বিজেপিয়ে অসমত শাসন চলাব পাৰিলে বা চৰকাৰ গঠন কৰিলে তাৰ একমাত্ৰ কাৰণটো কিন্তু বিজেপিৰ একক শক্তি নাছিল৷ মন কৰিলে দেখা যায় যে বিজেপিশাসিত প্ৰায় সকলোবোৰ ৰাজ্যতে গেৰুৱা দলটোৱে খোপনি পুতিবলৈ সক্ষম হৈছে সেই প্ৰান্তৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় আৰু আঞ্চলিক শক্তিসমূহক লগত লৈহে৷ যাৰ ব্যতিক্ৰম নাছিল অসমো৷ আজিৰ তাৰিখত অসমৰ প্ৰায় সকলোখিনি জনগোষ্ঠীয় শক্তি বিজেপিৰ লগত আছে৷ তাতোকৈ ডাঙৰ মূলধন হৈছে হিতাধিকাৰীৰ মাৰ্কা মাৰি সৃষ্টি কৰি লোৱা লাখ লাখ ভোটখিনি ৷ এতিয়া প্ৰশ্নটো হ’লঃ ইমানৰ পাছতো অসমত বিজেপিৰ বাবে আন কোনো মিত্ৰ ৰাজনৈতিক শক্তি বা দলৰ প্ৰয়োজন আছেনে? নি(য় থাকিব নালাগে৷ তৎস্বত্বেও বিজেপিয়ে অসম গণ পৰিষদক লগত ৰাখিছে কিয়? সাপ-নেউলৰ দৰে সম্পৰ্ক থকা স্বত্বেও বি পি এফ আৰু ইউ পি পি এলক একেলগে বান্ধি ৰাখি বিজেপিয়ে নিজৰ মিত্ৰ কৰি ৰাখিছে কিয় ? অগপ, বি পি এফ বা ইউ পি পি এল লগত নাথাকিলে অসমত বিজেপি ধূলিসাৎ হৈ যাব নেকি ? নাযায় ৷ এয়াই হৈছে সমগ্ৰ দেশত বিজেপিৰ উত্থানৰ অন্যতম কৌশল ৷ ক্ষুদ্ৰ ক্ষুদ্ৰ শক্তিসমূহক নিজৰ পক্ষত সংঘবদ্ধ কৰি ৰাখি নিজকে শক্তিমান কৰি তোলাটোৱেই বিজেপিৰ কৌশল৷ আৰু এই কাম কৰিবলৈ যাওঁতে বহু সময়ত এনেকুৱা এটা অৱস্থাৰো সৃষ্টি হয় যে এই সৰু সৰু আঞ্চলিক শক্তিসমূহে বিজেপিৰ ভাল লগা বেয়া লগাটোৰ ওপৰতে নিজকে পৰিচালনা কৰিবলগীয়া হয়৷ অধিক দূৰলৈ যোৱাৰ প্ৰয়োজন নাই, অসমতে এনে উদাহৰণ অনেক আছে৷ অগপৰ দৰে এসময়ৰ এটা অন্যতম শক্তিশালী আঞ্চলিক দল আজি বিজেপিৰ ভাল লগা বা বেয়া লগা নাইবা বিজেপিয়ে বিচৰা বা নিবিচৰাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিয়েই দিছে যে ২০২৬ৰ নিৰ্বাচনত বিজেপিয়ে ১০৩খন আসনত প্ৰতিদ্বন্দ্বন্দ্বিতা কৰিব৷ অসমত আসন আছেই মাত্ৰ ১২৬খন ৷ ইয়াৰে ১০৩খন যদি বিজেপিয়ে নিজেই ৰাখে বাকী থাকিব ২৩খন৷ অগপৰ উপৰি আন দুটা দল বি পি এফ আৰু ইউ পি পি এলো আজিৰ তাৰিখলৈকে বিজেপিৰ মিত্ৰ৷ তেন্তে অগপৰ ভাগত কেইখনমান আসন পৰিব পাৰে সেয়া সহজেই অনুমেয়৷ দাবী অগপই যিমানেই নকৰক, শেষত কিন্তু মানি ল’ব লাগিব বিজেপিয়ে কোৱাৰ দৰেই ৷ তাৰ বাহিৰে গত্যন্তৰো নাই ৷ পূৰ্বৰ অভিজ্ঞতাই তাকেই কয়৷ আনহাতে, দুটাকৈ কাৰ্যকাল অসমত শাসন চলোৱা অগপ আজি সম্পূৰ্ণৰূপে বিজেপিনিৰ্ভৰ হৈ পৰিবলগীয়া হোৱাটোও কম দুৰ্ভাগ্যৰ কথা নহয় ৷ সাংগঠিক ভেটি অগপই শক্তিশালী কৰিলেও আসন বুজাবুজিৰ ক্ষেত্ৰত বিজেপিৰ ওপৰতেই নিৰ্ভৰশীল হ’বলগীয়া হৈ আহিছে৷ এই যে অগপৰ দৰে একালৰ মহাশক্তিবান এটা আঞ্চলিক দলক এইদৰে আজিৰ তাৰিখত বিজেপিয়ে পৰনিৰ্ভৰশীল কৰি তুলিব পাৰিছে সেয়াই বিজেপিৰ এক ডাঙৰ ‘সফলতা’ নহয় জানো৷






