গম্ভীৰ সমস্যা
গৌতম গম্ভীৰৰ নেতৃত্বত স্বদেশত আন এক লজ্জাজনক পৰাজয়ে ভাৰতীয় ক্ৰিকেটত ব্যাপক জোকাৰণিৰ সৃষ্টি কৰিছে৷ যেতিয়া তেওঁ দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল, তেতিয়া বহুতে আশা কৰিছিল যে তেওঁ খেলুৱৈসকলৰ মাজত আক্ৰমণাত্মক মানসিকতা, স্পষ্টতা আৰু অনুশাসন আনিবলৈ সক্ষম হ’ব৷ কিন্তু তাৰ পৰিৱৰ্তে তেওঁৰ প্ৰশিক্ষণৰ সময়ছোৱাত দল নিৰ্বাচনত বিভ্ৰান্তি, দুৰ্বল বেটিং আৰু স্পষ্ট ৰণকৌশলৰ অভাৱহে দেখা পোৱা গ’ল৷ যদিও এজন প্ৰশিক্ষকে টেষ্ট ক্ৰিকেটত সকলো নিয়ন্ত্ৰণ কৰিব নোৱাৰে, কিন্তু বিগত সময়ছোৱাত ভাৰতে স্বদেশ আৰু বিদেশত যিধৰণে এটাৰ পাছত আনটো শৃংখলাত পৰাজয়ৰ বৰণ কৰিছে, তাৰ পৰাই অনুমান কৰিব পাৰি যে পৰিকল্পনা আৰু দল পৰিচালনাৰ ক্ষেত্ৰত তেওঁ ভুল পদক্ষেপ গ্ৰহণ কৰিছে৷ গম্ভীৰৰ প্ৰশিক্ষণ কালত দেখা পোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল দলৰ মূল একাদশৰ অহৰহ পৰিৱৰ্তন৷ গম্ভীৰে বিভিন্ন সময়ত খেলত জয়ী হোৱাৰ পাছতো বাৰে বাৰে মূল একাদশত সালসলনি ঘটাই আছে৷ ইয়াৰ বাবেই দলটোৱে সুস্থিৰতা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ টেষ্ট ক্ৰিকেটত ধাৰাবাহিকতাৰ প্ৰয়োজন ৷ বলাৰসকলে একেলগে কাম কৰিব লাগিব, বেটাৰসকলে নিজৰ ভূমিকা জানিব লাগিব আৰু দলটোৰ পৰিকল্পনাৰ ওপৰত আস্থা থাকিব লাগিব৷ কিন্তু গম্ভীৰৰ প্ৰশিক্ষণৰ সময়ত বহুতো খেলুৱৈয়ে নিজৰ স্থানৰ বিষয়ে নিশ্চিত নহয় যেন লাগে৷ যুৱ খেলুৱৈক অতি সোনকালে কঠিন দায়িত্ব প্ৰদান কৰা হৈছে আৰু জ্যেষ্ঠ খেলুৱৈক হঠাতে দলৰ পৰা বাদ দিয়া হৈছে৷ গতিকে দলৰ ভিতৰত ঘণীভূত হোৱা সুস্থিৰতাৰ অভাৱৰ বাবে ভাৰতৰ বাবে বিশেষকৈ গুৰুত্বপূৰ্ণ খেলবোৰত মনস্তাত্বিক চাপ চম্ভালাটো কঠিন হৈ পৰিছে৷
শেহতীয়াকৈ গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা টেষ্টখনত ভাৰতে ৪০৮ ৰানত পৰাজয় বৰণ কৰিলে, যিটো ভাৰত টেষ্ট ইতিহাসত সৰ্ববৃ্হৎ পৰাজয় হিচাপে বিবেচিত হৈছে৷ তাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দলটোয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা শৃংখলাটোত পুনৰবাৰ হোৱাইৱাছৰ সন্মুখীন হ’ল৷ ইয়াৰ ফলত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম দুটা চক্ৰৰ ফাইনেলত অৱতীৰ্ণ হোৱা আৰু এসময়ত ঘৰুৱা শৃংখলাবোৰত অপৰাজেয় হৈ থকাৰ গৌৰৱ অৰ্জন কৰা দল এটাৰ বাবে এই পৰাজয় আছিল বিগত সাতখন ঘৰুৱা টেষ্টত পঞ্চমটো পৰাজয়৷ গুৱাহাটীৰ এই বিপৰ্যয়ৰ ফলত যোৱা ২৫ বছৰৰ ভিতৰত ভাৰতত প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাই প্ৰথমটো টেষ্ট শৃংখলাত বিজয়ী হ’বলৈ সক্ষম হয়, যিয়ে ভাৰতৰ টেষ্ট ক্ৰিকেটৰ কিমান নিম্ন পৰ্যায়লৈকে অৱনতি হৈছে তাকেই উদঙাই দিলে৷ বৰ্তমান সময়ত ভাৰতীয় দলটোৱে পূৰ্বৰ অ’পেনাৰজনৰ অধীনত খেলা ১৯খন টেষ্টৰ ভিতৰত ১০খনতে পৰাজয় বৰণ কৰাৰ ফলত স্বদেশত ভাৰতীয় দলক পৰাস্ত কৰাটো কঠিন বুলি যি এক ধাৰণা আছিল, সেই ধাৰণা সলনি হ’ব ধৰিছে৷
গম্ভীৰ যুগত স্বদেশত অনুষ্ঠিত চাৰিটা শৃংখলাৰ ভিতৰত ভাৰতে তুলনামূলকভাৱে দুৰ্বল বুলি গণ্য কৰা কেৱল বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজ দলৰ বিৰুদ্ধেহে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ শক্তিশালী প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে দলটোৰ প্ৰদৰ্শন তেনেই নিম্নমানৰ হৈ পৰা দেখা পৱা গ’ল৷ যোৱা বছৰ নিউজীলেণ্ডে ০-৩ ব্যৱধানত হোৱাইটৱাছ কৰিছিল, তাৰ পাছত এইবাৰ দক্ষিণ আফ্ৰিকাৰ হাতত ০-২ ব্যৱধানত পৰাস্ত হ’ল৷ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে অৱসৰ লোৱাৰ পাছত ইংলেণ্ডত যুৱ ক্ৰিকেটাৰ শুভমান গীলৰ নেতৃত্বাধীন ভাৰতীয় দলটোয়ে টেষ্ট শৃংখলাটো ২-২ ত ড্ৰ’ কৰিবলৈ সক্ষম হোৱাৰ ফলত বিদেশত ভাৰতীয় দলৰ ফলাফল উন্নত হ’বলৈ ধৰা বুলি আশা কৰা হৈছিল৷ কিন্তু পৰবৰ্তী সময়ত ভাৰতীয় দলটোৱে সেই ধাৰা অক্ষুন্ন ৰাখিব নোৱাৰিলে৷ মুঠতে গুৰু গম্ভীৰৰ অধীনত ভাৰত ছটা টেষ্ট শৃংখলাৰ মাত্ৰ দুটাতহে জয়ী হৈছে, যিটো পূৰ্বৰ দশকটোত ভাৰতে অৰ্জন কৰা সুস্থিৰতা আৰু আধিপত্যৰ একেবাৰে বিপৰীত৷ খেলুৱৈ বাছনি কৌশল, যুঁজাৰু মানসিকতা আৰু দূৰদৃষ্টি অভাৱক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱাৰ লগে লগে ভাৰতীয় টেষ্ট ক্ৰিকেটে নিজৰ মৰ্যাদা হেৰুওৱা যেন অনুমান হয়৷






