২০২৬ৰ নিৰ্বাচনী ইছ্যু কি
২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁট একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিবলৈ চেষ্টা কৰিব৷ আৰু বিৰোধী মিত্ৰজোঁটে বিজেপিক পৰাজিত কৰি ক্ষমতাৰ পৰা অপসাৰিত কৰিবলৈ চেষ্টা কৰিব৷ শেষ সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব আছে অসমৰ ভোটাৰ ৰাইজৰ হাতত৷ শাসক-বিৰোধী দুয়োপক্ষই ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিব৷ বিজেপি মিত্ৰজোঁটে কোনবোৰ কাৰণৰ বাবে অসমৰ ভোটাৰক ক’ব যে তেওঁলোকৰ হাতত তৃতীয়বাৰৰ বাবে অসমৰ শাসন ক্ষমতা গতাই দিব লাগে? বিৰোধী মিত্ৰজোঁটে একেদৰে কোনবোৰ কাৰণত বিজেপিক শাসনৰ পৰা অপসাৰিত কৰি তেওঁলোকক শাসনত অধিষ্ঠিত কৰাব লাগে বুলি ক’ব? কোনটো মিত্ৰজোঁটে অসমৰ ১২৬ আসনৰ মাজৰে ৬৩খন আসন দখল কৰি চৰকাৰ গঠন কৰিব পাৰিব?
চৰকাৰ গঠন কৰিবলৈ কমেও ৬৩খন আসন লাগিব৷ কিন্তু এটা সমষ্টিৰ কিমান মানুহে ভোট দিলে নিৰ্বাচনটো বৈধ বুলি স্বীকৃত হ’ব, তাৰ কোনো নূ্যনতম সীমা নাই৷ সমষ্টি এটাৰ মাত্ৰ ৰ শতাংশ মানুহে ভোট দিলেও নিৰ্বাচনটো বৈধ হ’ব আৰু সেই ৰ শতাংশ ভোটৰ ভিতৰত আটাইতকৈ বেছি ভোট পোৱাজন নিৰ্বাচিত হ’ব৷ অৰ্থাৎ একোটা সমষ্টিত জয়ী হ’বৰ বাবে এজন প্ৰাৰ্থীক সমষ্টিটোৰ মুঠ ভোটাৰৰ ৫০ শতাংশ বা ততোধিক ভোটাৰে ভোট দিয়াৰ প্ৰয়োজন নাই৷ তেওঁ বিৰোধীতকৈ এটা ভোট বেছি পালেও নিৰ্বাচিত হ’ব৷ একোটা সমষ্টিত বহু প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু তাৰ ফলত ভোট ভাগ হ’লে জয়ৰ বাবে প্ৰয়োজনীয় ভোটৰ সংখ্যা কমি আহিব৷
বিজেপি ২০১৬ আৰু ২০২১ৰ নিৰ্বাচনত জয়ী হৈছে৷ ২০১৬ চনত আগতে তিনিবাৰকৈ ক্ষমতাত অধিষ্ঠিত হোৱা কংগ্ৰেছৰ বিৰুদ্ধে আৰু বিজেপি মিত্ৰজোঁটৰ পক্ষে এক ‘পৰিৱৰ্তন’ৰ ঢৌ আহিছিল৷ ব্যাপক হাৰত মানুহ ভোট দিবলৈ ওলাই আহিছিল আৰু ৮৩.৯ শতাংশ ভোটদান হৈছিল৷ কিন্তু এই পৰিৱৰ্তনৰ ঢৌৰ পাছতো বিজেপিয়ে ২৯.৮ শতাংশ আৰু কংগ্ৰেছে ৩১.৩ শতাংশ ভোট লাভ কৰিছিল৷ কংগ্ৰেছৰ মুঠ ভোট বিজেপিতকৈ অধিক আছিল৷ কিন্তু নিৰ্বাচনত দলবোৰে লাভ কৰা ভোটৰ শতাংশ আৰু লাভ কৰা আসনৰ সংখ্যাৰ মাজত সামঞ্জস্য নাথাকে৷ ৩১.৩ শতাংশ ভোট পোৱাৰ পাছত কংগ্ৰেছে পাইছিল চ্ছখন আসন আৰু ২৯.৮ শতাংশ ভোট পোৱাৰ পাছত বিজেপিয়ে পাইছিল ৬০খন আসন৷ তাৰ পাছত ‘কেব’ আৰু ‘কা’ বিৰোধী আন্দোলনৰ প্ৰত্যাহ৩ানৰ সন্মুখীন হোৱাৰ পৰৱৰ্তী কালত ২০২১ চনত হোৱা নিৰ্বাচনতো ব্যাপক হাৰত ভোটদান হৈছিল, ৮৬.২ শতাংশ ভোটাৰে ভোটদান কৰিছিল৷ কিন্তু প্ৰায় ২০১৬ চনৰ দৰে ফলাফল দেখা গৈছিল৷ বিজেপিয়ে ৩৩.৬ শতাংশ ভোটেৰে ৬০খন আৰু কংগ্ৰেছে ৩০ শতাংশ ভোটেৰে ২৯খন আসন দখল কৰিছিল৷
২০২৬ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে নিজৰ আগৰ দুবাৰৰ পৰিৱেশন অব্যাহত ৰাখিব পাৰিলেই জয়ী হ’ব৷ কিন্তু কংগ্ৰেছ মিত্ৰজোঁটে নিজৰ পৰিৱেশন বহুখিনি উন্নত কৰিব লাগিব৷ বিজেপিয়ে নিজৰ ভোটাৰখিনিক ধৰি ৰাখিব পাৰিলেই হ’ব, কিন্তু কংগ্ৰেছে বিজেপিৰ ভোট নিজৰ পক্ষলৈ আনিব লাগিব৷ নিঃসন্দেহে এইটো অধিক প্ৰত্যাহ৩ানপূৰ্ণ কাম৷ বিজেপি তথা মিত্ৰদলৰ প্ৰাৰ্থী জয়ী হোৱা সমষ্টি এটাত, আগৰ দুবাৰ নিৰ্বাচনত বিজেপি বা মিত্ৰদলক ভোট দিয়া এজন ভোটাৰে কি কি কাৰণত এইবাৰ তেওঁৰ সমষ্টিটোত বিজেপিক পৰাজিত কৰাৰ বাবে বিৰোধী দলক ভোট দিব? কি এনে ইছ্যু আছে যিটোৱে সামগ্ৰিকভাৱে বিজেপি জয়ী হোৱা সমষ্টিবোৰত বিজেপিক ভোট দিয়া ভোটাৰক বিজেপিৰ পৰা আঁতৰাই আনিব? দুৰ্নীতি, নিবনুৱা সমস্যা আৰু অৰ্থনৈতিক অনগ্ৰসৰতা– এইকেইটা সমস্যাক লৈ নিৰ্বাচনৰ বতৰত যথেষ্ট বাগাড়ম্বৰ হ’ব, কিন্তু এতিয়া সকলো দলে জানে যে এই ইছ্যুবোৰে চৰকাৰ নগঢ়েও, নাভাঙেও৷ ১২৬টা সমষ্টিত বিভিন্ন স্থানীয় ইছ্যু থাকিব, যিবোৰে ভোটাৰক আকৰ্ষণ বা বিকৰ্ষণ কৰিব৷
দুটা কাৰ্যকালৰ বাবে শাসনত থকা বিজেপিৰ প্ৰতি ৰাইজ কিমান বিতুষ্ট হৈছে? তেনে বিতুষ্টিৰ ফলত ৰাইজে শাসক সলনি কৰিব বিচাৰিছে নেকি? তেনে কোনো লক্ষণ ফুটি উঠিছেনে? ভোটাৰক সন্তুষ্ট কৰাৰ বাবে চৰকাৰখনে বিহাৰৰ দৰে শেষ মুহূৰ্তত এক বৃহৎসংখ্যক হিতাধিকাৰীৰ হাতত একোটা নগদ ধনৰ টোপোলা তুলি দিব নেকি, যিটোৱে সকলো ইছ্যু তল পেলাই পৰ্যাপ্ত পৰিমাণৰ ভোট শাসনাধিষ্ঠিত দলটোৰ ফালে টানি আনিব, যিমানখিনি ভোট চৰকাৰ গঠন কৰাৰ বাবে যথেষ্ট?






