উক্তি-বক্ৰোক্তি
ৰাইজে নতুন ৰাজনীতি বিচাৰে৷ ৰাইজে এক নতুন অসম বিচাৰে৷ সেয়েহে আমিও এক নতুন কংগ্ৰেছ গঢ়িবলৈ চেষ্টা কৰিম৷ নতুন অসম, নতুন সপোন, নতুন কংগ্ৰেছ৷
– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ
চৰকাৰী খৰচত চৰকাৰী কাৰ্যালয় আৰু বাসভৱনত এয়াৰ পিউৰিফায়াৰ লগোৱাৰ অধিকাৰ চৰকাৰক কোনে দিছে? তেওঁলোকেও এনে যন্ত্ৰ নলগোৱাকৈ দিল্লীত উশাহ-নিশাহ লৈ চাওক৷ তেতিয়াহে চৰকাৰী বিষয়া-মন্ত্ৰীয়ে বুজি পাব দিল্লীৰ জনতা এই প্ৰদূষিত বায়ুৰ মাজত কেনেদৰে জীয়াই আছে৷
– প্ৰাক্তন আই পি এছ কিৰণ বেদী
আমাৰ মাজত মুখ্যমন্ত্ৰীৰ আসনক লৈ কোনো সংঘাত নাই৷ ডি কে শিৱকুমাৰ ২০২৮ চনত মুখ্যমন্ত্ৰী হ’ব৷ অমি এতিয়া ২০২৮ চনৰ নিৰ্বাচনক লৈ সকলোৱে মনোযোগ দিম৷ পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছক কেনেকৈ শাসনত ৰাখিব পাৰি সেই সন্দৰ্ভত শিৱকুমাৰ আৰু মই আত্মনিয়োগ কৰিম৷ আমাৰ মাজত মত-পাৰ্থক্য এতিয়াও নাই আৰু ভৱিষ্যতেও নাথাকিব৷
– কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়া
সঁচা কথা ক’বলৈ হ’লে ময়ো নাজানো, দেশৰ মাটিত বিগত দুই-তিনিটা ছিৰিজত আমি কিয় স্পীন খেলিব পৰা নাই৷ আমি ইয়াৰ কাৰণ বিচাৰি উলিয়াব লাগিব৷ সুনীল গাভাস্কাৰ ছাৰৰ সৈতে আমি কথা পাতিব পাৰোঁ৷ কিয় এই সমস্যা হৈছে, কেনেকৈ তাৰ সমাধান সম্ভৱ, সেই বিষয়ে তেওঁৰ পৰা পৰামৰ্শ ল’ব পাৰোঁ৷
– ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল
আমাৰ দ্বিতীয় বিবাহ-বাৰ্ষিকীত মই অনুৰাগীসকলক জনাও যে আমি এটি সন্তানক আদৰিবলৈ সাজু হৈছোঁ৷ মোৰ পত্নী লিন লাইছৰাম আৰু মই এই খবৰটো সকলোৰে সৈতে ভগাই ল’বলৈ পাই সুখী হৈছোঁ৷
– বলীউডৰ অভিনেতা ৰণদীপ হুদা
এনেদৰে অহৰহ হেঁচা পাই থাকিলে জিহাদ হ’ব৷ দেশৰ ন্যায়ালয়েও মুছলমানৰ বিৰুদ্ধে সিদ্ধান্ত লয়৷ আনকি উচ্ছতম ন্যায়ালয়ো চৰকাৰৰ দ্বাৰা প্ৰভাৱিত হৈ আছে৷
– জমিয়তৰ সভাপতি মাহমুদ মাদানী
কলিতা, নাথ, যোগী, মদাহী জনগোষ্ঠীকো জনজাতিকৰণ দি অসমক জনজাতি ৰাজ্য বুলি ঘোষণা কৰিব লাগে৷ ইয়ে মিঞাৰ শংকা নাইকিয়া কৰি অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুনিশ্চিত কৰিব৷
– অখিল গগৈ, বিধায়ক






