Logo
image

জনজাতিকৰণৰ ‘টোপ’ ৬ জনগোষ্ঠীলৈ

আহোম, চুতীয়া, মৰাণ, মটক, কোচ-ৰাজবংশী আৰু চাহ-জনজাতি [আদিবাসী]–  অসমৰ এই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী দীৰ্ঘদিনীয়া৷ বিগত সময়ত সকলো ৰাজনৈতিক দলে এই দাবীক সাৰ-পানী যোগাইছে, কাৰণ এই ছয় জনগোষ্ঠীৰ ভোটাৰক অসন্তুষ্ট কৰি কোনো দলেই অসমত নিৰ্বাচনী বৈতৰণী পাৰ কৰিব নোৱাৰিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি এই কথা কোনেও বুজি নাপায়৷ কিন্তু জনজাতিকৰণ বিষয়টো ৰাজনৈতিকভাৱে দুই ধাৰযুক্ত তৰোৱালৰ দৰে৷ অসমত ইতিমধ্যে অনুসূচিত জনজাতিৰ এক উল্লেখযোগ্য জনসংখ্যা আছে, মুঠ জনসংখ্যাৰ ১২ শতাংশ৷ বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত ১৯খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত৷ কিন্তু বড়ো, মিচিং, কাৰ্বি, ডিমাচা, কছাৰী, ৰাভা, লালুং আৰু গাৰো জনজাতিৰ ভোটাৰ অসমৰ এক বিস্তীৰ্ণ অঞ্চলত সিঁচৰতি হৈ আছে আৰু তেওঁলোকে সংৰক্ষিত আসনৰ বাহিৰতো আন বহু আসনত নিৰ্বাচনৰ ফলাফলক প্ৰভাৱিত কৰাৰ ক্ষমতা ৰাখে৷ গতিকে, অসমৰ বিদ্যমান অনুসূচিত জনজাতিৰ স্বাৰ্থ ৰক্ষা কৰি নতুনকৈ ছটা জনবহুল তথা আৰ্থ-সামাজিকভাৱে উন্নত জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ইংৰাজীত যাক কয়– ৱাকিং অন টাইট ৰোপ’ হ’ব৷

যোৱা সপ্তাহত জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগু নেতৃত্বাধীন তিনিজনীয়া মন্ত্ৰীগোটে বিধানসভাত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰে৷ এই প্ৰতিবেদনত অসমৰ অনুসূচিত জনজাতিক নতুনকৈ তিনিটা ভাগত বিভক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷ পূৰ্বৰ অনুসূচিত জনজাতি [পাহাৰ], অনুসূচিত জনজাতি[ভৈয়াম]ৰ উপৰি আন এটা নতুন ভাগ অনুসূচিত জনজাতি [উপত্যকা] যোগ কৰা হৈছে৷ আহোম, চুতীয়া আৰু চাহ-জনগোষ্ঠী [আদিবাসী]ক অনুসূচিত জনজাতি [উপত্যকা]ত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়াৰ লগতে মৰাণ আৰু মটকসকলক অনুসূচিত জনজাতি [ভৈয়াম]ৰ স্বীকৃতি প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে৷ আনহাতে, অবিভক্ত গোৱালপাৰাৰ কোচ-ৰাজবংশীক অনুসূচিত জনজাতি [ভৈয়াম] কিন্তু অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ কোচ-ৰাজবংশীক অনুসূচিত জনজাতি [উপত্যকা]ত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰতিবেদনত প্ৰস্তাব আগবঢ়োৱা হৈছে৷ প্ৰতিবেদনত এয়াও স্পষ্ট কৰি দিয়া হৈছে যে, ইতিমধ্যে অসমৰ বিদ্যমান অনুসূচিত জনজাতিৰ মানুহে লাভ কৰি থকা সুবিধা আৰু অধিকাৰ সম্পূৰ্ণ অক্ষুণ্ণ ৰাখি এই নতুন ছটা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব৷ আন শব্দত ক’বলৈ গ’লে ছয় জনগোষ্ঠীৰ লোকে অনুসূচিত জনজাতিৰ বাবে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ যিমান আঁচনি, সুবিধা বা অধিকাৰ আছে, সেইবোৰৰ সুবিধা নাপাব৷ তেতিয়া হ’লে এই ছয় জনগোষ্ঠীৰ মানুহৰ জনজাতিকৰণৰ দ্বাৰা লাভ কি হ’ব? ইয়াৰ উত্তৰত চৰকাৰে যি ব্যাখ্যা আগবঢ়াইছে তাতে লুকাই আছে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ৰাজনৈতিক চালাকি৷

চৰকাৰৰ মতে, নতুনকৈ জনজাতি হ’বলগীয়া এই ছয় জনগোষ্ঠীৰ কাৰণে অনুসূচিত জনজাতি [উপত্যকা] আৰু অনুসূচিত জনজাতি [ভৈয়াম]ৰ নামত পৃথককৈ সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব৷ চৰকাৰে আনকি সংসদৰ আসন বৃদ্ধি কৰি হ’লেও ছয় জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিছে৷ এতিয়া প্ৰশ্ন হ’ল– ইতিমধ্যে ছটা জনগোষ্ঠীৰ মানুহে আন পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ সুবিধা লাভ কৰি আছে৷ তদুপৰি এই ছটা জনগোষ্ঠীয়ে শিক্ষা, চাকৰিকে ধৰি চৰকাৰৰ বিভিন্ন আঁচনিত পৃথককৈ ‘সংৰক্ষণৰ ভিতৰত সংৰক্ষণ’ৰ সুবিধাও লাভ কৰি আছে৷ উদাহৰণস্বৰূপে ৰাজ্যৰ চৰকাৰী চিকিৎসা মাহাবিদ্যালয়সমূহত ৩০টা আসন চাহ-জনজাতিৰ বাবে সংৰক্ষিত, কোচ-ৰাজবংশীৰ কাৰণে ১৩টা, আহোমৰ কাৰণে ১০টা, চুতীয়াৰ বাবে জ্ঝটা আৰু মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবেও আঠটাকৈ আসন সংৰক্ষিত কৰা হৈছে৷ ইয়াতে উল্লেখ কৰিব পাৰি যে অসমত ইতিমধ্যে সংৰক্ষণৰ হাৰ ৫৬ শতাংশ পাইছে; ছুপ্ৰিম ক’ৰ্টৰ ৰুলিং মতে এই হাৰ ৫৯ শতাংশতকৈ বেছি কোনোপধ্যেই পাৰ কৰিব নোৱাৰিব৷ গতিকে, জনজাতিকৰণৰ পাছত যদি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কোনো সুবিধাই এই ছয় জনগোষ্ঠীৰ লোকে লাভ নকৰে, তেন্তে জনজাতিকৰণৰ ফলত নতুনকৈ তেওঁলোকে কি সুবিধা লাভ কৰিব? এই প্ৰশ্নৰ উত্তৰ যদি চৰকাৰে স্পষ্ট আৰু বিতংকৈ দিব নোৱাৰে, তেন্তে জনজাতিকৰণৰ এই প্ৰস্তাৱ কেৱল পুৰণি মদক নতুন বটলত পৰিৱেশনৰ নামান্তৰহে হ’ব৷

এনেও অৱশ্যে শেষত গৈ ৰাজ্য চৰকাৰৰ জনজাতিকৰণৰ এই প্ৰস্তাৱ কেৱল নিৰ্বাচনকেন্দ্ৰিক এক গিমিকতে সীমাবদ্ধ হৈ থকাৰ সম্ভাৱনা বেছি৷ কাৰণ এয়া ৰাজ্য চৰকাৰৰ এক প্ৰস্তাৱহে৷ এই প্ৰস্তাৱ এতিয়া কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়লৈ যাব, তাৰ পৰা পঠোৱা হ’ব ৰেজিষ্ট্ৰাৰ জেনেৰেল অৱ ইণ্ডিয়ালৈ; তাত সকলো দিশ চালি-জাৰি চাবলৈ৷ ৰেজিষ্ট্ৰাৰ জেনেৰেলে সন্মতি জনালে ৰাষ্ট্ৰীয় জনজাতি কমিছনলৈ পঠোৱা হ’ব তেওঁলোকৰ অনুমোদনৰ বাবে৷ কমিছনে অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটত চূড়ান্ত সিদ্ধান্তৰ বাবে পঠাব৷ কেবিনেটৰ সন্মতি সাপেক্ষে সংসদত বিল উত্থাপন কৰা হ’ব আৰু বিল পাছ হ’লে ৰাষ্ট্ৰপতিৰ সন্মতি সাপেক্ষে সেয়া আইনত পৰিণত হ’ব৷ কিন্তু প্ৰক্ৰিয়াটো শুনিবলৈ যিমান সহজ, বাস্তৱত সিমান নহয়৷ কাৰণ ভাৰতৰ বিভিন্ন প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীয়ে বহু দশকৰ পৰা অনুসূচিত জনজাতিৰ স্বীকৃতি দাবী কৰি আছে৷ তাৰ ভিতৰত ৰাজস্থানৰ গুজ্জাৰ, ঝাড়খণ্ড আৰু উৰিষ্যাৰ কুৰ্মী,  অন্ধ্ৰ প্ৰদেশৰ কোণ্ডা কুমাৰী, তামিলনাডুৰ মালাই ৱাজ আৰু ওড়িশাৰ ঝড়িয়াৰ দৰে ৰাজনৈতিকভাৱে প্ৰভাৱশালী জনগোষ্ঠীসমূহ আছে৷ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণে নিশ্চিতভাৱে সমগ্ৰ দেশতে পেণ্ডোৰাৰ বাকচ খুলি দিব৷

বহু দশকৰ অন্তত অসমৰ পাহাৰীয়া তথা জনজাতীয় অঞ্চলসমূহ শান্ত হৈছে৷ অসম তথা উত্তৰ-পূবৰ ত্বৰান্বিত উন্নয়নৰ বাবে এই শান্তি স্থায়ী হোৱাটো সকলোৰে কাম্য৷ চৰকাৰ আৰু বিৰোধী উভয়পক্ষই এই বিষয়ে সাৱধানতা আৰু সংবেদনশীলতা ৰক্ষা কৰা উচিত৷ কোনো বহুবল্কী মন্ত্ৰী অথবা দায়িত্বজ্ঞানহীন বিৰোধী নেতাৰ যিকোনো কাণ্ডজ্ঞানহীন কথা বা কৰ্মই ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ কৰোঁতে বেছি পৰ নালাগিব৷ চৰকাৰৰ ঘোষণাৰ ফলত কোক্‌ৰাঝাৰত হোৱা হিংসাত্মক ঘটনাক এতিয়াই উপযুক্ত গুৰুত্বসহকাৰে নল’লে পাছলৈ দেৰি হৈ যাব৷