Logo
image

দেশৰ অৰ্থনৈতিক বিকাশ

জুলাই-ছেপ্টেম্বৰত ত্ৰিমাসিকত অৰ্থনীতিয়ে ৮.২ শতাংশকৈ বৃদ্ধি পোৱা বিষয়টোৱে দেশৰ অৰ্থনীতিত আশাৰ বতৰা কঢ়িয়াই আনিছে৷ বিগত ছটা ত্ৰিমাসিকৰ ভিতৰত এইটোৱেই আছিল অৰ্থনৈতিক বিকাশৰ সৰ্বাধিক হাৰ৷ দেশৰ অৰ্থনীতিৰ এই বিকাশৰ হাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমানতকৈও অধিক৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে এইবাৰৰ ত্ৰিমাসিক বিকাশৰ হাৰ অনুমান কৰিছিল ৬.৩ শতাংশ৷ ইয়াৰ মূল কাৰণ আছিল– আমেৰিকাই ভাৰতৰ ওপৰত জাপি দিয়া উচ্চ হাৰৰ শুল্কৰ ফলত সামগ্ৰী ৰপ্তানিৰ ওপৰত পৰা নেতিবাচক প্ৰভাৱ৷ বিগত বৰ্ষত এই একে সময়ছোৱাত ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ হাৰ আছিল মাত্ৰ ৫.৬ শতাংশ৷ কিন্তু এইবাৰৰ বিকাশৰ হাৰৰ প্ৰদৰ্শন নিতান্তই প্ৰশংসনীয়৷ এই বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰিমাসিকত বিকাশৰ হাৰ আছিল ৭.৮ শতাংশ আৰু এই দুয়োটা ত্ৰিমাসিক মিলাই প্ৰথম ছমাহত দেশৰ সামগ্ৰিক অৰ্থনৈতিক হাৰ আছিল ৮ শতাংশ৷

দেশৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰণালয়ৰ মতে, দেশৰ গৌণ খণ্ডসমূহৰ বিকাশৰ হাৰ আছিল ৮.১ শতাংশ৷ একেদৰে সেৱা খণ্ডৰ বিকাশৰ হাৰ আছিল ৯.২ শতাংশ৷ দেশৰ উৎপাদন খণ্ডতো পূৰ্বৰ ত্ৰিমাসিক বিকাশৰ হাৰ ৭.৭ শতাংশৰ পৰা বৃদ্ধি পাই এইবাৰৰ বিকাশৰ হাৰ হৈছিলগৈ ৯.১ শতাংশ, যিটো বিগত ছটা ত্ৰিমাসিক বিকাশৰ হাৰৰ ভিতৰতে সৰ্বোচ্চ আছিল৷ একেদৰে, এইবাৰ নিৰ্মাণ খণ্ডৰ বিকাশৰ আছিল ৭.২ শতাংশ৷ বিত্ত, ৰিয়েল এষ্টেট আৰু বৃত্তিধাৰী সেৱাকে ধৰি সেৱা খণ্ডৰ বিকাশৰ হাৰ হ’ল ১০.২ শতাংশ, যিটো বিগত নটা ত্ৰিমাসিকত বিকাশৰ হাৰৰ ভিতৰতে সৰ্বোচ্চ৷ দেশৰ মুঠ ঘৰুৱা উৎপাদনত প্ৰায় ৬০ শতাংশ অৱদান আগবঢ়োৱা ব্যক্তিগত উপভোক্তা ব্যয় বিগত বৰ্ষৰ ৬.৪ শতাংশৰ তুলনাত এইবাৰ ৭.৯ শতাংশলৈ বৃদ্ধি পাইছে৷ কিন্তু কৃষিখণ্ডৰ বিকাশৰ হাৰ ৪.১ শতাংশৰ পৰা এইবাৰ ৩.৫ শতাংশলৈ হ্ৰাস পালে, কিন্তু গ্ৰাম্য চাহিদা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা দেখা গৈছে৷ সামগ্ৰিক বিকাশৰ হাৰ নিশ্চিতভাৱে আশাব্যঞ্জক, কাৰণ জি এছ টিৰ হাৰ কৰ্তনৰ ফলত চাহিদা বৃদ্ধি হৈছে; এতিয়াও এই বৃদ্ধি সম্পূৰ্ণৰূপে সংখ্যাত বৰ্তমানলৈকে দেখা পোৱা নাই৷

কিন্তু এই আশাৰ মাজতো কিছুমান বিষয়ে কিছু চিন্তা আৰু সতৰ্কবাণী কঢ়িয়াই আনিছে৷ আমেৰিকাৰ সৈতে হ’বলগীয়া বাণিজ্যিক চুক্তিখনক লৈ এতিয়াও সন্দেহ আছে যদিও অতি সোনকালে এই চুক্তিখন স্বাক্ষৰিত হোৱাৰ লক্ষণ দেখা পোৱা গৈছে৷ তদুপৰি, বৰ্তমান অৱস্থাত বাণিজ্যিক অৱস্থা মুঠেও সুস্থিৰ নহয়৷ মুদ্ৰাস্ফীতিক সংযোজন কৰি জিডিপিৰ প্ৰকৃত বিকাশৰ হাৰ প্ৰত্যাশাতকৈ অধিক যদিও নিম্ন নামমাত্ৰ জিডিপিৰ হাৰ হ্ৰাস পোৱাটো এটা গভীৰ চিন্তাৰ বিষয়৷ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ এক প্ৰতিবেদনতো ভাৰতৰ ৰাষ্ট্ৰীয় একাউণ্টৰ তথ্যক দুৰ্বল ৰেটিং প্ৰদান কৰা হৈছে৷ এনে প্ৰেক্ষাপটত বিকাশৰ এই পৰিসংখ্যা কিমান বিশ্বাসযোগ্য, সেই লৈও বিভিন্ন স্তৰত প্ৰশ্নৰ অৱতাৰণা হ’বলৈ আৰম্ভ কৰিছে৷ উৎসৱৰ সময়ছোৱাত বৃদ্ধি পোৱা চাহিদাই বিকাশৰ ক্ষেত্ৰত স্পষ্ট অৱদান আগবঢ়াইছে যদিও এনেদৰে সদায় আগবাঢ়িব পৰা নাযায়৷ এতিয়াও দেশৰ অৰ্থনীতিত ব্যক্তিগত বিনিয়োগৰ হাৰ বৃদ্ধি পোৱা নাই আৰু এনে বিনিয়োগত বাহিৰে দীৰ্ঘম্যাদী উন্নয়ন বাস্তৱায়িত কৰাটো মুঠেও সম্ভৱপৰ নহ’ব৷ গতিকে, চৰকাৰে সমগ্ৰ বছৰটোৰ বাবে বিকাশৰ হাৰ ৭ শতাংশ হ’ব বুলি যি দৃষ্টিভংগী আগবঢ়াইছে, সেয়া অতিশয় আশবাদী এক ধাৰণা হিচাপেই বিবেচিত হৈছে৷