আবুধাবিৰ পৰা আহি আজি গুৱাহাটীত প’ষ্ট মেলনৰ শ্ব’, উভতিব নিশায়েই
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ ডিচেম্বৰঃ সোমবাৰে পুৱাই আবুধাবিৰ পৰা উৰি আহি গুৱাহাটীত ৰক-ৰেপ সংগীতৰ ধুমুহা সৃষ্টি কৰিব সাম্প্ৰতিক জেন-জি প্ৰজন্মৰ বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ৰকষ্টাৰ অষ্টিন ৰিচাৰ্ড প’ষ্ট অথবা প’ষ্ট মেলনে৷ খানাপাৰাৰ ভেটেৰীনেৰী খেলপথাৰৰ অস্থায়ী মঞ্চত ৩০ হাজাৰ দেশী-বিদেশী আৰু সৰ্বোপৰি স্থানীয় পাশ্চত্য সংগীতপ্ৰেমীক আপ্লুত কৰি নিশাই উভতি যাব প’ষ্ট মেলন৷ এতিয়ালৈকে ভাৰতৰ কেৱল মুম্বাইত ২০২২ চনত একমাত্ৰ শ্ব’ কৰা মাৰ্কিন গায়কজনক দেশৰ ফাষ্টৰ্ টায়াৰ কিম্বা ছেকেণ্ড টায়াৰ চহৰতো দেখা নোপোৱা অথচ গুৱাহাটীৰ দৰে চহৰলৈ উৰুৱাই লৈ অনাৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিগত এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ বিশ্বজুৰি ‘বিগ এছ ট্যুৰ’ কৰিছিল প’ষ্ট মেলনে৷ তাৰে ‘এক্সটেণ্ডেড ট্যুৰ’ হিচাপে তেওঁ শ্ব’ কৰাৰ সিদ্ধান্ত হ’ল সংযুক্ত আৰৱ আমিৰশ্বাহীৰ আবুধাবিত৷ আবুধাবিত আয়োজিত ফৰ্মূলা-১ গ্ৰাঁপ্ৰিৰ সৈতে সংগতি ৰাখি য়াছ আইলেণ্ডৰ ইতিহাড পাৰ্কত আছিল প’ষ্ট মেলনৰ গুৱাহাটীৰ পূৰ্বৰ শ্ব’৷ সেয়ে কাইলৈ শ্ব’ৰ দিনাহে আবুধাবিৰ পৰা গুৱাহাটীলৈ আহিব তেওঁ৷ প’ষ্ট মেলনৰ পৰ্যায়ৰ মেগা তাৰকাক আতিথ্য প্ৰদান কৰিব পৰাকৈ গুৱাহাটী মহানগৰীত হোটেল নথকাৰ বাবেই কাইলৈ সোমবাৰে শ্ব’ৰ পাছত তেওঁ গুৱাহাটীত নিশা নথকাৰ সিদ্ধান্ত লৈছে তেওঁৰ টীমে৷ সেয়ে তেওঁ শ্ব’ৰ পাছত নিশাই গুৱাহাটী এৰিব৷ অৱশ্যে তেওঁৰ টীমৰ সংগী আজি দেওবাৰে সদলবলে গুৱাহাটীত উপস্থিত হৈছে৷ শ্ব’ৰ আয়োজক পৰ্যটন বিভাগে তেওঁলোকক ডিঙিত গামোচা পিন্ধাই দেওবাৰে কামাখ্যা মন্দিৰো দৰ্শন কৰাইছে৷ গুৱাহাটীৰ প’ষ্ট মেলনৰ শ্ব’ৰ বাবে কেৱল গুৱাহাটীয়েই নহয়, পাশ্চাত্য সংগীতৰ মোহত আছন্ন প্ৰতিবেশী ৰাজ্য মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচলৰ পৰা আহিছে বহু দৰ্শক৷ তদুপৰি দেশৰ ভিন ভিন স্থানৰ পৰা দৰ্শক অহা বাদেই, বিদেশৰ পৰাও প’ষ্ট মেলনৰ শ্ব’ৰ বাবে বহু দৰ্শকৰ আগমন ঘটিছে৷ মুলতঃ প’ষ্ট মেলন দেশৰ যিকোনো চহৰত দুষ্প্ৰাপ্য বাবে তেওঁৰ অনুৰাগীৰ আগমন ঘটিছে কেইবাখনো চহৰৰ পৰা আৰু গুৱাহাটীৰ শ্ব’ৰ টিকটৰ দাম কম হোৱাৰ বাবে আহিছে বিদেশী দৰ্শক৷
সন্দেহ নাই, প’ষ্ট মেলনৰ শ্ব’ৱে গুৱাহাটীৰ প্ৰতি দেশী-বিদেশী তেওঁৰ বহু অনুৰাগীৰ আগ্ৰহ বঢ়াই তুলিছে৷ ৩০ বছৰীয়া মাৰ্কিন গায়কজন সম্প্ৰতি বিশ্বৰ জেন-জিৰ মাজত অসম্ভৱ জনপ্ৰিয়৷ তেওঁ একেধাৰে গায়ক, ৰেপাৰ, ছং ৰাইটাৰ আৰু মিউজিচিয়ান৷ মুলতঃ ৰক সংগীত গালেও তেওঁক ‘জেন্ৰ বেণ্ডিং’ শিল্পী হিচাপেহে অভিহিত কৰা হয়৷ পৰম্পৰাগত ৰক সংগীতৰ বিচাৰেৰে চালে প’ষ্ট মেলন পূৰ্ণ ৰ’কষ্টাৰ নহয়৷ তেওঁৰ গীতত পপ, হিপ-হপ, ট্ৰেপ, আৰ এণ্ড বি আৰু কাউণ্ট্ৰি– সকলোৰে নিখুঁত মিশ্ৰন আছে৷ অতি আবেগিক গান পৰিৱেশন কৰি তেওঁ যিদৰে চিৰন্তন সংগীতপ্ৰেমীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে, সেইদৰে উদ্দীপক গীত আৰু মঞ্চৰ অদ্ভূত, বিশদৃশ আচৰণেৰে বিশ্বৰ জেন-জি প্ৰজন্মক নিজৰ কাষ চপাই নিছে৷ শৰীৰত ৪৮ টা টাট্টুৰে দেহটোৰ ওলাই থকা সকলো অংগ ভৰাই ৰখা প’ষ্ট মেলনৰ অসীম জনপ্ৰিয়তাৰ কাৰণ–তেওঁৰ সংগীত-গায়কীয়ে ইতিমধ্যে ৰ’কসংগীতৰ এক পৰিৱৰ্ত [অল্টাৰনেটিভ] ধাৰা বা জেন্ৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ প’ষ্ট মেলনৰ সেই ‘জেন্ৰ বেণ্ডিং’ গীতেই তেওঁৰ ইউএছপি আৰু তাতেই আছে আকৰ্ষণ৷
অসম চৰকাৰৰ পৰ্যটন বিভাগে শেহতীয়া ‘কনচাৰ্ট টুৰিজম’ নীতিৰ আধাৰত প’ষ্ট মেলনক গুৱাহাটীলৈ আনিছে৷ অসমৰ জনতা প’ষ্ট মেলনৰ এই শ্ব’ক লৈ এতিয়া দ্বিধবাবিভক্ত৷ মুলতঃ এইবাবেই যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পাছত অসমত এতিয়াও সেই বিষণ্ণতা বিদ্যমান৷ জুবিন গাৰ্গৰ ‘ডাইহাৰ্ড ফেন’ৰ মতে এয়া এনেদৰে শ্ব’ পাতি উল্লাস কৰাৰ সময় নহয়৷ অসমে এতিয়াও বিদেশী সংগীতৰ তালত নাচি-বাগি ফুৰ্টি কৰিব পৰাকৈ মানসিকভাৱে সাজু হৈ উঠা নাই৷ জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পাছত এইবাৰ অসমৰ দুৰ্গা পূজা, দীপাৱলী আৰু আনকি ৰাসোৎৱো অনুষ্টুপীয়াকৈ পালন কৰা হৈছে৷ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ নৌহওঁতেই উত্তাল পাশ্চাত্য সংগীতৰ মেলা সৃষ্টি কৰাটো সমৰ্থনযোগ্য নহয় বুলি একাংশৰ দাবী৷ আনহাতে চৰকাৰ আৰু শাসনাধিষ্ঠিত দলৰ দাাবী, এই অনুষ্ঠানৰ প্ৰস্তুতি জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বেই কৰা হৈছিল৷ আন্তঃৰাষ্ট্ৰীয় এনে এটা অনুষ্ঠান ইচ্ছামতে বন্ধ কৰা, আৰম্ভ কৰা নাযায়৷ এই অনুষ্ঠানৰ জৰিয়তে গুৱাহাটীয়ে বিশ্বৰ মানচিত্ৰত পৰিচিতি পাবলৈ গৈ আছে৷ তদুপৰি এয়া চৰকাৰৰ ‘কনচাৰ্ট পলিচী’ৰ অংশ, এনে অনুষ্ঠান অচিৰেই যোৰহাট, ডিব্ৰুগড়তো আয়োজন কৰা হ’ব৷ চেগা-চেৰোকাকৈ দিছপুৰলৈ অহা-যোৱা কৰা একাংশ সাংবাদিকেও এতিয়া ছ’চিয়েল মিডিয়াত প’ষ্ট মেলন আৰু একেসময়তে চৰকাৰকো সমৰ্থন জনোৱা দেখা গৈছে৷ বিশ্বখ্যাত তাৰকাজনৰ আগমনৰ আগমুহূৰ্তত কেইবাজনো সাংবাদিকৰ ফেচবুক পোষ্টত দেখা গৈছে এনে শ্ব’ আৰু কনচাৰ্ট পলিচীৰ সপক্ষে জনমত গঢ়াৰ এটা চেষ্টা৷ পিছে আচৰিতভাৱে সেই বক্তব্যৰ ‘ভাষা’ প্ৰায় ইটো সিটোৰ অনুৰূপ৷ সংগীত হেনো ‘ইউনিভাৰ্চেল’– ভাষা যিমানেই দুৰ্বোধ্য নহওঁক কিয়, গানৰ ভাষা এটাই৷ কোৱা হৈছে– জুবিন গাৰ্গ জীয়াই থকা হ’লে তেৱোঁ প’ষ্ট মেলনৰ শ্ব’ক সমৰ্থন জনালেহেঁতেন৷ সঁচাই সংগীত ‘ইউনিভাৰ্চেল’– বিশ্বজনীন৷






