Logo
image

টকাৰ নীৰৱ পতন

সামাজিক মাধ্যমত এইকেইদিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন পুৰণি, ২০১৪ চনৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ৰ ভিডিঅ’ বৰকৈ ঘূৰি আছে৷ তেতিয়া ডলাৰৰ বিনিময় হাৰ ভাৰতীয় মুদ্ৰাত ৬০ টকা অতিক্ৰম কৰাৰ বাবে মোদীয়ে তদানীন্তন চৰকাৰক সমালোচনা কৰি থকা-সৰকা কৰিছিল৷ তেওঁ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছিল যে বাংলাদেশ, পাকিস্তান, নেপাল, শ্ৰীলংকাৰ মুদ্ৰাৰ মূল্য কম নহয়, কেৱল ভাৰতৰ মুদ্ৰাৰ মূল্য কিয় হ্ৰাস পায়? যোৱা সপ্তাহত ডলাৰৰ বিনিময় হাৰ প্ৰথমবাৰৰ বাবে ৯০ টকা অতিক্ৰম কৰে, কিন্তু এই বিষয়ে এতিয়ালৈকে প্ৰধানমন্ত্ৰী মোদী বা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কোনো মন্তব্য পোৱা নাই৷ চৰকাৰে যিমানেই নীৰৱতা অৱলম্বন নকৰক কিয়, ভাৰতীয় মুদ্ৰা ‘ৰূপী’ৰ এই লেকামহীন পতনে কিন্তু ভাৰতৰ অৰ্থনীতিৰ বিষয়ে বৰ ভাল ইংগিত দি থকা নাই৷ আপাতদৃষ্টিত ইয়াক কেৱল এক সংখ্যাগত পৰিৱৰ্তন যেন দেখিলেও, প্ৰকৃততে ৰূপীৰ পতনে বহুকেইটা কাঠামোগত আৰু নীতিগত প্ৰশ্নৰ অৱতাৰণা কৰিছে৷

প্ৰথমতে, ৰূপীৰ পতনে দেশৰ আমদানি আৰু ৰপ্তানিৰ মাজত ক্ৰমবৰ্ধমান অসামঞ্জস্যতাক উনুকিয়াই দিয়ে৷ ভাৰতে এতিয়াও বিশাল পৰিমাণৰ খাৰুৱা তেল, ইলেক্ট্ৰ’নিক সামগ্ৰী আৰু কেঁচামাল আমদানি কৰি আছে আৰু এই সকলোখিনিয়ে ডলাৰত মূল্যায়িত৷ তাৰ বিপৰীতে ১৫ানি চাপত আছে মূলত সমগ্ৰ বিশ্বতে সম্প্ৰতি আৰম্ভ হোৱা বাণিজ্যিক সুৰক্ষাবাদ৷ বৰ্ধিত শুল্ক আৰু শুল্ক বহিৰ্ভূত বাধাৰ ফলত আমেৰিকা, ইউৰোপিয়ান ইউনিয়নৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ প্ৰৱেশ সংকুচিত হৈছে৷ তদুপৰি, ভাৰতীয় অৰ্থনীতিৰ চিৰন্তন কাঠামোগত অদক্ষতা আছেই, যাৰ ফলত বিশ্বৰ প্ৰতিযোগিতামূলক বজাৰত ভাৰতীয় সামগ্ৰীৰ চাহিদা কম৷ যোৱা অক্টোবৰত ভাৰতৰ সামগ্ৰী সৰ্বাধিক ১৫ানি হোৱা ২০খন প্ৰধান দেশৰ ভিতৰত ১৫খন দেশতে ভয়ংকৰভাৱে ১৫ানি হ্ৰাস পাইছে৷

বিশেষকৈ ভাৰতৰ সামগ্ৰী আটাইতকৈ বেছি ৰপ্তানি হোৱা দেশ মাৰ্কিন যুক্তৰাষ্ট্ৰই ভাৰতলৈ যি কঠোৰ বাণিজ্যিক নীতি অৱলম্বন কৰিছে, তাৰ বাবে  সকলো প্ৰট’কল ভংগ কৰি এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী হৈ আন এখন দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিশেষ এজন প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কাৰ্যত লিপ্ত হোৱা–  প্ৰধানমন্ত্ৰী মোদীয়ে নি(য় জবাবদিহি হ’ব লাগিব৷ প্ৰধানমন্ত্ৰী মোদীৰ ‘বন্ধু’ প্ৰেছিডেণ্ট ট্ৰাম্পে ভাৰতৰ শ্ৰমিকপ্ৰধান উদ্যোগজাত সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক লগোৱাৰ ফলত ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ ওপৰত মাধমাৰ পৰিছে৷ উল্লেখ্য,  ভাৰতৰ মুঠ ১৫ানিৰ ৪০ শতাংশ এই ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগৰ পৰা আহে৷

ৰূপীৰ পতনৰ দ্বিতীয়টো প্ৰধান কাৰণ হ’ল– যিবোৰ বিদেশী মুদ্ৰাৰ প্ৰবাহে এসময়ত ভাৰতীয় মুদ্ৰাক স্থিতিশীল কৰি ৰাখিছিল, সেই প্ৰবাহৰ বহুখিনি ইতিমধ্যে শুকাই গৈছে৷ বিগত কিছু মাহত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা বিলিয়ন ডলাৰ তুলি লৈ গৈছে৷ টাইৱান, দক্ষিণ কোৰিয়া, চীনৰ দৰে শ্বেয়াৰ বজাৰ ইয়াৰ দ্বাৰা লাভৱান হৈছে৷ ডলাৰৰ তুলনাত ৰূপীৰ মূল্য যদি এইদৰে হ্ৰাস পাই থাকে, তেন্তে অদূৰ ভৱিষ্যতত অধিক বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিনিয়োগ উলিয়াই লৈ যাব, কাৰণ দুৰ্বল ভাৰতীয় মুদ্ৰাৰ ফলত ভাৰতীয় শ্বেয়াৰ বজাৰত হোৱা লাভ যেতিয়া বিনিয়োগকাৰীসকলে নিজৰ স্থানীয় মুদ্ৰালৈ ৰূপান্তৰিত কৰিব, তেতিয়া লাভ বহুখিনি হ্ৰাস পাব৷ তদুপৰি, প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অৱস্থাও দুৰ্বল৷ মোদী চৰকাৰে আশা কৰা মতে, দেশলৈ অধিকতৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ আনিবলৈ সমৰ্থ হোৱা নাই৷ ২০২১-২২ চনত প্ৰত্যক্ষ বিদেশী বিনিয়োগে সৰ্বোচ্চ ৮৪ বিলিয়ন ডলাৰ স্পৰ্শ কৰিছিল; কিন্তু ২০২৩-২৪ চনত সেয়া কমি ৭০ বিলিয়ন ডলাৰহে হৈছেগৈ৷ গতিকে, ভাৰতীয় অৰ্থনীতিত বিদেশী অৰ্থ প্ৰবাহ ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থকা নাই, ওলোটাই কমিছেহে৷ ইয়াৰ প্ৰভাৱ নিঃসন্দেহে ভাৰতীয় মুদ্ৰাৰ স্থিতিশীলতাৰ ওপৰত পৰিছে৷

ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ মূল্যৰ উত্থানেই হওক বা পতন, তাত সাধাৰণ মানুহৰনো কি আহে-যায়? দুৰ্বল ৰূপী মানেই আমদানিকৃত সকলো সামগ্ৰী– পেট্ৰ’ল-ডিজেল, ইলেক্টª’নিকছ, যন্ত্ৰ-পাতি আদিৰ দাম অধিক বৃদ্ধি পোৱা৷ মুঠতে, খুচুৰা বিক্ৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব আৰু সেয়া মুদ্ৰাস্ফীতিক তৰান্বিত কৰিব পাৰে৷ অৱশ্যে, চৰকাৰে যেতিয়ালৈকে বিনামূল্যে চাউল, দাইল, তেলৰ যোগান ধৰি থাকিব, মাহৰ শেষত পৰিয়ালৰ মহিলাৰ একাউণ্টত হাজাৰ হাজাৰ টকা জমা কৰি থাকিব, তেতিয়ালৈকে দুখীয়া ৰাইজৰ চিন্তা নাই; চিন্তা মাথোঁ মধ্যবিত্তৰ– চক্ষুলজ্জাৰ কাৰণে হাতো পাতিব নোৱাৰে, আনহাতে সীমিত উপাৰ্জনত মাহৰ শেষত বাজেটো মিলাব নোৱাৰে৷ পিছে, মধ্যবিত্তই যিহেতু ভোটৰ দিনা আলহী খাবলৈ বা চিনেমা চাবলৈ যায়, গতিকে ভাৰতীয় মুদ্ৰাৰ দৰেই তেওঁলোকৰ সমস্যাৰো বৰ এটা ৰাজনৈতিক মূল্য নাই৷

যি নহওক, ৰূপীয়ে চেঞ্চুৰী কোবোৱাৰ আগতে, চৰকাৰৰ প্ৰয়োজন আমাৰ সামগ্ৰিক অৰ্থনৈতিক নীতিক এবাৰ চালি-জাৰি চোৱাৰ৷ আনহাতে, তাৎক্ষণিকভাৱে ৰপ্তানিৰ প্ৰতিবন্ধকতা দূৰ কৰিবলৈ বাণিজ্য কূটনীতি অধিক জোৰদাৰ কৰিব লাগে৷ জ্বালানি আৰু ইলেক্ট্ৰ’নিকছৰ দৰে কৌশলগত সামগ্ৰীৰ ক্ষেত্ৰত ঘৰুৱা উৎপাদন বৃদ্ধি কৰাৰ আৰু স্থিতিশীল বিদেশী বিনিয়োগক আকৰ্ষণ কৰাৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগে৷ ইয়াৰ লগতে চৰকাৰে মুদ্ৰানীতি আৰু ৰাজহ নীতি এইদৰে নতুনকৈ গ্ৰহণ কৰিব লাগে যাতে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত থাকে আৰু সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস নাপায়৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায়ে কৈ থাকে ‘বিপদতো সুযোগৰ অৱকাশ’ [আপদা ম্যে অবছৰ] থাকে, সেই আপ্তবাক্য শিৰোধাৰ্য কৰি ৰূপীৰ অৱমূল্যায়নক অভিশাপ হিচাপে নলৈ, দেশৰ অৰ্থনীতিক অধিক স্বনিৰ্ভৰ আৰু ১৫ানিমুখী কৰাৰ এক বৃহৎ সুযোগ বুলি গ্ৰহণ কৰক৷