Logo
image

ভাৰত-ৰাছিয়াৰ সম্পৰ্ক

দ্ৰুতগতিত পৰিৱৰ্তন হোৱা গোলকীয় ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে ভাৰত আৰু ৰাছিয়া উভয় ৰাষ্ট্ৰই অভাৱনীয় হেঁচাৰ সন্মুখীন হোৱাৰ পাছতো দুয়োখন ৰাষ্ট্ৰৰ মাজত বৰ্তি থকা বন্ধুত্বপূৰ্ণ আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কই তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কক অত্যন্ত আকৰ্ষণীয় কৰি তুলিছে৷ যদিও বিভিন্ন গোলকীয় বিষয়ত দেশ দুখনে সদায় একেটা শাৰীতে অৱস্থান নকৰে, শেহতীয়া উদাহৰণ হ’ল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ– কিন্তু সংকটকালীন সময়ত দুয়োখন দেশেই এখনে আনখনৰ কাষত সদায় থিয় দি আহিছে৷ ইতিহাসৰ বিভিন্ন সময়ত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কই অনিশ্চিত আৰু অক্ষমণীয় বিশ্বত বহুতো ধুমুহাৰ সন্মুখীন হৈছে, তথাপি তেওঁলোকৰ সম্পৰ্ক এতিয়াও সুদৃঢ় হৈ আছে৷ বছৰৰ পাছত বছৰ ধৰি হয়তো দেশ দুখনৰ মাজৰ সম্পৰ্কৰ চৰ্ত সলনি হৈছে, কিন্তু ভাৰত-ৰাছিয়াৰ সম্পৰ্ক শক্তিশালী আৰু সুদৃঢ় হৈয়েই আছে৷ শেহতীয়াকৈ সমাপ্ত হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে হোৱা বৈঠকত দুয়োৰে মাজৰ বন্ধুত্ব আৰু স্বাক্ষৰিত চুক্তিৰ পয়োভৰে এই সম্পৰ্কৰ অন্তৰ্নিহিত শক্তিকে দৰ্শাইছে৷

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা যুদ্ধ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অভাৱনীয় শুল্ক দৌৰাত্ম্যৰ ফলত বিশ্বৰ ৰাজনীতি অস্থিৰ হৈ থকা অৱস্থাত ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধানজনে ২৩সংখ্যক বাৰ্ষিক শীৰ্ষ সন্মিলনৰ বাবে অহা তেওঁৰ এই ভাৰত ভ্ৰমণে সমগ্ৰ বিশ্বকে হতচকিত কৰি তুলিছে৷ পুটিনৰ ভ্ৰমণৰ সময়তে ভাৰতৰ কৌশলগত স্বায়ত্ততাৰ সুৰক্ষাক মূল নীতি হিচাপে লৈ পৰিৱৰ্তিত বিশ্বৰ জটিল ভূ-ৰাজনৈতিক দিশসমূহ পৰিচালনাৰ ক্ষেত্ৰত ভাৰতৰ নিপুণ কূটনৈতিক দক্ষতা প্ৰদৰ্শিত হৈছিল৷ তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নতুন দিল্লী ভ্ৰমণ কৰা ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধানজনে প্ৰতিশ্ৰুতি দিছে যে, বিশ্বৰ তৃতীয় বৃহত্তম খাৰুৱা তেলৰ গ্ৰাহক ভাৰতলৈ ইন্ধনৰ অবিৰত ১৫ানি নিশ্চিত কৰিবলৈ মস্কো সাজু হৈ আছে৷ ২০২২ চনত ক্ৰেমলিনে ইউক্ৰেইনত পূৰ্ণাংগ আক্ৰমণ কৰাৰ পাছৰে পৰা নতুন দিল্লীয়ে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ ক্ৰয় কৰি আহিছে৷ কিন্তু তাৰ পাছত কিছুমান ভাৰতীয় তৈল প্ৰতিষ্ঠানে আমেৰিকাৰ নিষেধাজ্ঞা মানি চলিবলৈ ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰিবলৈ আৰম্ভ কৰা দেখা গৈছে৷

জাহাজ নিৰ্মাণ, অসামৰিক পাৰমাণৱিক শক্তি আৰু আপুৰুগীয়া খনিজ সম্পদকে ধৰি কেইবাটাও খণ্ডক সামৰি কেইবাখনো গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছে৷ তদুপৰি, দুয়োখন দেশে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য বৰ্তমানৰ ৬৯ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিবৰ বাবে বদ্ধপৰিকৰ৷ ভাৰতে বছৰি ৰাছিয়ালৈ মাত্ৰ ৫ বিলিয়ন ডলাৰ সামগ্ৰীহে ৰপ্তানি কৰে আৰু ২০২৫ চনৰ মাৰ্চলৈকে দ্বিপাক্ষিক বাণিজ্য প্ৰায় ৬৯ বিলিয়ন ডলাৰত উপনীত হয়, যিটো প্ৰায় সম্পূৰ্ণৰূপে ভাৰতৰ আমদানি, বিশেষকৈ ৰেহাই মূল্যৰ খাৰুৱা তেলৰ দ্বাৰা সম্পাদিত হয়৷ ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধানজনৰ ভ্ৰমণ কালত প্ৰকাশ কৰা যৌথ বিবৃতিটোত উল্লেখ কৰা হৈছে যে, ২০৩০ চনৰ ভিতৰত ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ সংশোধিত লক্ষ্যত উপনীত হ’বলৈ বাণিজ্যিক বাধাসমূহ আঁতৰাই মসৃণ পে’মেণ্ট ব্যৱস্থা এটা গঢ়ি তুলিব লাগিব৷

ইয়াৰ উপৰি ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত সামগ্ৰীৰ মুক্ত বাণিজ্য চুক্তিৰ যৌথ কাম তীব্ৰতৰ কৰি তুলিবলৈও প্ৰচেষ্টা চলোৱা হ’ব বুলি এইবাৰৰ যৌথ বিবৃতিত উল্লেখ কৰা হৈছে৷ একেদৰে, শ্ৰমিকৰ সুচল চুক্তিয়ে ভাৰতীয় পেছাদাৰীসকলৰ বাবে ৰাছিয়াৰ বিভিন্ন খণ্ডত কাম কৰাৰ নতুন পথ মুকলি কৰি দিছে৷ বৰ্তমান ৰাছিয়াই তীব্ৰ নাটনিৰ সৈতে যুঁজি আছে আৰু পশ্চিমীয়া দেশসমূহে, বিশেষকৈ আমেৰিকাই  ৰাছিয়াত শ্ৰমিকৰ অনুপ্ৰৱেশৰ ওপৰত বাধা আৰোপ কৰিছে৷ তদুপৰি, ৰাছিয়াৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা সহযোগিতাৰ গুৰুত্ব শেহতীয়াকৈ প্ৰদৰ্শিত হৈছে অপাৰেচন সেন্দূৰৰ সময়ত এছ- ৪০০ মিছাইল ব্যৱস্থাৰ ফলপ্ৰসূ ব্যৱহাৰৰ ওপৰত৷ ভাৰতত পাৰমাণৱিক শক্তিৰ বিকাশৰ ক্ষেত্ৰতো ৰাছিয়া এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু এই ভ্ৰমণৰ সময়ত পুটিনে বিশেষভাৱে উল্লেখ কৰিছে যে, ৰাছিয়াই ভাৰতৰ সৈতে সৰু সৰু মডিউলাৰ ৰিয়েক্টৰ আৰু ভাসমান পাৰমাণৱিক শক্তি কেন্দ্ৰত সহযোগিতা কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছে৷