Logo
image

‘বিগ ডেটা কোম্পানী’ৰ স্বৈৰতন্ত্ৰ

বাতৰিকাকত এখনে ইয়াৰ পাঠকসকলৰ বিষয়ে, ৰেডিঅ’ ষ্টেচন এটাই ইয়াৰ শ্ৰোতাসকলৰ বিষয়ে, টেলিভিছন চেনেল এটাই ইয়াৰ দৰ্শক-শ্ৰোতাসকলৰ বিষয়ে একোৱেই নাজানে৷ কিন্তু ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰে ইয়াৰ পাঠক, শ্ৰোতা, দৰ্শকৰ বিষয়ে সকলো জানে৷ দেশ-জাতি নিৰ্বিশেষে পৃথিৱীৰ প্ৰায় সমস্ত মানুহ এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰৰ সদস্য আৰু ইণ্টাৰনেটেৰে সংযুক্ত হ’ব পাৰিলে এই প্লেটফৰ্মবোৰৰ সমস্ত সুবিধা সাধাৰণ লোকে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰে৷ কোৱা হয় যে এই প্লেটফৰ্মবোৰে ইয়াৰ গ্ৰাহক বা সদস্য এজনৰ বিষয়ে তেওঁ নিজে যিমান জানে তাতকৈও বেছিকৈ জানে৷ ফেচবুক, গুগ্‌লৰ হাতত এই প্লেটফৰ্মত যোগদান কৰা প্ৰতিজন লোকৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ তথ্য মজুত থাকে৷ এই বিপুল পৰিমাণৰ তথ্য সঞ্চয় কৰি ৰাখিব পৰাৰ ক্ষমতা আৰু সেই তথ্য নিমিষতে বিশে¡ষণ কৰিব পৰা গণনা শক্তি– আধুনিক তথ্য-প্ৰযুক্তিয়ে সম্ভৱ কৰি তোলা এই দুটা ক্ষমতাৰে ছ’চিয়েল মিডিয়া এতিয়া আটাইতকৈ শক্তিশালী গণ-মাধ্যম৷  বাতৰিকাকত, ৰেডিঅ’, বা টিভি চেনেলে এই কামটো কৰিব নোৱাৰে৷ তাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল– এতিয়া তথ্য-প্ৰযুক্তি আৰু জীৱ-প্ৰযুক্তিৰ সমাহাৰ ঘটিবলৈ আৰম্ভ কৰিছে৷ মানুহৰ মুখাৱয়ব তথা মুখাৱয়বত প্ৰকাশ পোৱা অভিব্যক্তি পঢ়িব পৰা প্ৰযুক্তিয়ে মানুহজনৰ মানসিক অৱস্থা বহুপৰিমাণে সঠিকভাৱে নিৰ্ণয় কৰিব পৰা হৈছে৷ কোনটো পোষ্ট পঢ়ি বা ভিডিঅ’ চাই এজন গ্ৰাহকৰ হঁাহি উঠিল বা খং উঠিল সেই তথ্য স্মাৰ্টফোনটোৰ জৰিয়তে ফেচবুক বা গুগ্‌লে গম পাব পাৰে৷ আমাৰ আৱেগ-অনুভৱ-অনুভূতি একোটা জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াবোৰক বায়’মেট্ৰিক ছেন্সৰবোৰে ডিজিটেল ডেটাৰ ৰূপ দিব পাৰে আৰু এই ডিজিটেল ডেটা ফেচবুক বা গুগ্‌লে সঞ্চয় কৰি ৰাখিব পাৰে৷ এতিয়ালৈ আমাৰ দেহৰ ভিতৰৰ বহু খবৰ ফেচবুক বা গুগ্‌লে পাবলৈ সক্ষম হোৱা নাই, কিন্তু অনাগত দিনত পাবলৈ সক্ষম হ’ব৷ তেতিয়া আমাক ৰিম’ট কণ্ট্ৰ’লেৰে নিয়ন্ত্ৰণ কৰা একোটা পুতলাৰ দৰে ফেচবুক, গুগ্‌লে আমি গম নোপোৱাকৈ নিয়ন্ত্ৰণ কৰিব নেকি? বহু বিশেষজ্ঞই কৈছে– হয়, তেনেকুৱাই হ’ব৷ বহুতে কৈছে– আমি ইতিমধ্যে বহু পৰিমাণে আমাৰ অগোচৰে নিয়ন্ত্ৰিত হ’বলৈ আৰম্ভ কৰিছোঁ৷

এখন বাতৰিকাকতে সকলো পাঠকৰ বাবে একেখিনি কথা প্ৰকাশ কৰে৷ এটা ৰেডিঅ’ ষ্টেচনে সকলো শ্ৰোতাৰ বাবে একেখিনি অনুষ্ঠান প্ৰচাৰ কৰে৷ এটা টিভি চেনেলে সকলো দৰ্শক-শ্ৰোতাৰ বাবে একেখিনি অনুষ্ঠান প্ৰচাৰ কৰে৷ কি প্ৰচাৰ কৰিব, সেই সিদ্ধান্ত কিছুমান মানুহে গ্ৰহণ কৰে আৰn একোজন সম্পাদক আৰু প্ৰকাশকে সেই অনুষ্ঠানবোৰৰ বাবে দায়িত্ব গ্ৰহণ কৰে, তাৰ বাবে তেওঁলোক জবাবদিহি হ’ব লগা হয়৷ কিন্তু ছ’চিয়েল মিডিয়াই প্ৰতিজন পাঠক-শ্ৰোতা-দৰ্শকৰ বাবে বিশেষভাৱে তেওঁৰ বাবে প্ৰস্তুত কৰা, তেওঁৰ ব্যক্তিত্ব তথা তেওঁৰ মন-মগজুৰ স’তে খাপ খোৱা, তেওঁৰ ভাল লাগিব বুলি সিদ্ধান্ত লোৱা অনুষ্ঠান বা বিষয় তেওঁৰ আগত দাঙি ধৰে৷ আৰু এই কামটো কোনো মানুহে নকৰে, এই কামটো কৰে এলগৰিডমে– অৰ্থাৎ যন্ত্ৰই৷ এজন গ্ৰাহকৰ আগত ফেচবুক বা ইউটিউৱে চকুত পৰাকৈ আগবঢ়াই দিয়াখিনিক কোৱা হয় ‘নিউজ ফীড’ বা ‘ফীড’৷ প্ৰতিজন গ্ৰাহকৰ বাবে ছ’চিয়েল মিডিয়াই সুকীয়া নিউজ ফীড দাঙি ধৰিব পাৰে, যিটো বাতৰিকাকত, ৰেডিঅ’ বা টিভি চেনেলৰ বাবে অসম্ভৱ৷

প্ৰথমতে, ছ’চিয়েল মিডিয়া প্ৰেটফৰ্মবোৰ পৰিচালনা কৰা কৰ্প’ৰেচনবোৰৰ হাতত পৃথিৱীৰ অলেখ মানুহৰ জীৱনৰ প্ৰতি মুহূৰ্তৰ তথ্য মজুত ৰাখিব পৰা আৰু সেই তথ্য নিমিষতে বিশ্লেষণ কৰিব পৰা প্ৰযুক্তি আছে৷ দ্বিতীয়তে, মানুহৰ মন-মগজুত ঘটি থকাখিনিৰ ডিজিটেল ডেটাৰ ৰূপত সঞ্চয় আৰু বিশ্লেষণ কৰিব পৰা সম্ভৱ হৈছে আৰু এই ক্ষমতা নিতৌ বাঢ়ি গৈ আছে৷ তৃতীয়তে, এলগৰিডমে আৰু এতিয়া অচিন বা কৃত্ৰিম বুদ্ধিমত্তাই একোজন মানুহৰ পছন্দ-অপছন্দ, ভাল লগা, বেয়া লগাবোৰ প্ৰায় নিৰ্ভুলভাৱে বিশে¡ষণ কৰিব আৰু তাৰ ফলত সেই মানুহজনৰ পছন্দ-অপছন্দৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিব পৰা ক্ষমতা অৰ্জন কৰিছে৷ এইধৰণৰ ক্ষমতাৰ বলত এতিয়া এই অপৰিমেয় পৰিমাণৰ তথ্য মজুত থকা, অভাৱনীয় বিশ্লেষণ ক্ষমতা থকা এলগৰিডম তথা কৃত্ৰিম বুদ্ধিমত্তা উদ্ভাৱন কৰিব পৰা অপৰিমেয় পৰিমাণে ধনী এই কৰ্প’ৰেচনবোৰে এতিয়া মানুহৰ আৱেগ-অনুভূতি-পছন্দ-অপছন্দ সম্পূৰ্ণকৈ নহ’লেও কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা হৈছে৷ আৰু এই ক্ষমতা দিনে দিনে বাঢ়ি গৈ আছে৷

বিগ ডেটা কোম্পানী বুলি অভিহিত কৰা ফেচবুক, ৱাটছএপ, ইন্‌ষ্টাগ্ৰামৰ মালিক হ’ল মেটা, মেটাৰ নিয়ন্ত্ৰণ মূলতঃ মাৰ্ক জুকাৰবাৰ্গৰ হাতত; গুগ্‌ল, ইউটিউবৰ মালিক গুগ্‌ল; এক্স বা টুইটাৰৰ মালিক ইলন মাস্ক৷ এওঁলোক অপৰিমেয় পৰিমাণৰ ধনৰ মালিক আৰু তেওঁলোকৰ হাতত থকা প্ৰযুক্তি এতিয়া পৃথিৱীৰ সামান্যসংখ্যক মানুহেহে বুজিব পাৰে৷ কৃত্ৰিম বুদ্ধিমত্তা ইতিমধ্যে ইয়াৰ উদ্ভাৱকসকলৰো নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই গৈছে৷ এই বিগ ডেটা কোম্পানীৰ হাতত সমগ্ৰ পৃথিৱীৰ প্ৰায় প্ৰতিজন মানুহক নিয়ন্ত্ৰণ কৰিব পৰা পৰিমাণৰ তথ্য মজুত আছে৷ আৰু এই প্ৰযুক্তিৰ, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ তীব্ৰগতিত বিকাশ ঘটি আছে৷ এটা বা দুটা দশকৰ ভিতৰতে আমি ইয়াৰ প্ৰভাৱ দেখিবলৈ পাম– কিছু পৰিমাণে এতিয়াই দেখিবলৈ পাইছোঁ৷ আমাৰ চিনাকী পৃথিৱীখন আমি বুজি নোপোৱা, কিন্তু আমাক পুতলাত পৰিণত কৰা প্ৰযুক্তিয়ে তীব্ৰগতিত অচিনাকি কৰি পেলাইছে৷ বিগ ডেটা কোম্পানীৰ স্বৈৰতন্ত্ৰৰ পৰা মানুহক কোনে উদ্ধাৰ কৰিব?