Logo
image

ৰাজ্যত ৪০ লক্ষাধিক পঞ্জীয়নভুক্ত নিবনুৱা, সংসদত ভয়ংকৰ তথ্য

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ডিচেম্বৰঃ  ৰাজ্যত ক্ৰমশঃ নিবনুৱা সমস্যাই জটিলতৰ ৰূপ ধাৰণ কৰিছে৷ পেটৰ তাড়নাত যি সময়ত সামান্য টকাৰ ছিকিউৰিটি গাৰ্ড, লেবাৰৰ কাম কৰিবলৈ গোৱা, বেংগালুৰুলৈ গৈ অসমৰ তজবজীয়া সুঠাম যুৱকে কৰুণ মৃত্যুক সাৱটিব লগীয়া হৈছে, সেই সময়তে সংসদত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডাঃ মনসুখ মণ্ডবিয়াই দাখিল কৰা  তথ্যই অসমৰ নিবনুৱা সমস্যাৰ আৰু এধিক ভয়াৱহ উদ্বেগজনক ছবি এখন পোহৰলৈ আনিছে৷ সংসদৰ চলিত শীতকালীন অধিৱেশনতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুসৰি অসমত চলিত বৰ্ষৰ ৩০ নৱেম্বৰলৈ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হৈছেগৈ ৪০ লাখ ৪৮ হাজাৰ ১৬৪ গৰাকী৷ এই সমগ্ৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ অধীনস্থ ‘নেচনেল কেৰিয়াৰ ছাৰ্ভিছ’ পৰ্টেলত উপলব্ধ হৈ আছে৷ কাজেই যি সময়ত ৰাজ্য চৰকাৰে অভিলেখ সংখ্যক নিবনুৱাক সংস্থাপন তথা চৰকাৰী চাকৰি দিয়া বুলি দাবী কৰি আহিছে সেই সময়তে খোদ কেন্দ্ৰীয় চৰকাৰৰ তথ্যই ইয়াৰ ওলোটা ছবি এখনহে দাঙি ধৰিছে৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল উল্লেখিত ৪০ লক্ষ প্লাচ নিবনুৱাৰ ভিতৰত ২৯,৭২,০৪৫ জনৰে নাই কোনো কৰ্ম সংস্থাপন৷ অৰ্থাৎ উল্লেখিত মুঠ নিবনুৱাৰ ভিতৰত ১০,৭৬,১৯৯ জনেহে স্থায়ী-অস্থায়ীভাৱে বিভিন্ন কাম-কাজত নিয়োজিত হৈ আছে৷ ‘নেচনেল কেৰিয়াৰ ছাৰ্ভিছ’ পৰ্টেলত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যৰ জিলাসমূহৰ ভিতৰত নিবনুৱা সংখ্যা শীৰ্ষত থকা জিলাসমূহ হৈছে–কামৰূপ, নগাঁও, কাছাৰ আৰু বৰপেটা জিলা৷


জিলা ভিত্তিৰ তথ্য অনুসৰি কামৰূপ জিলাত সৰ্বাধিক ১,৭০,৯৬৮ জনে, যোৰহাটত ১,৫১,৪৫২ জনে, কামৰূপ মহানগৰত ১,৫০,৫৩২ জনে ডিব্ৰুগড়ত ১,৫০,৯৭৬ জনে, দৰঙত ১,১৯,৯৮২ জনে, কাছাৰত ১,১৮,০৫৮ জনে, বৰপেটাত ১,৪৬,৪৬২ জনে, বজালীত ১১৭ জনে, বাগসাত ১,১৮,৮৫৬ জনে, বঙাইগাঁৱত ৬৬,৫৪০ জনে, বিশ্বনাথত ৪৬,৪৬৫ জনে, ধুবুৰীত ১,৩২,৮৩৫ জনে, ধেমাজিত ৮৫,৯৭৫ জনে, গোলাঘাটত ১,০৫,৬৭৮ জনে, শিৱসাগৰত ৰ,০৯,১৮৬ জনে, শোণিতপুৰত ১,০৪,৭৫৫ জন, কোকৰাঝাৰত ৮২,৯৯০ জনে, লখিমপুৰত ১,৩০,৩১৭ জনে, তিনিচুকীয়াত ১,০৯,৬৩৯ জনে কোনো ধৰণৰ কাম নোপোৱাত ঘৰতে শুই-বহি থাকিবলগীয়া হৈছে৷ কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগমন্ত্ৰী ডাঃ মনসুখ মণ্ডবিয়াই সদৰি কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ২০ নৱেম্বৰলৈ নেচনেল কেৰিয়াৰ পৰ্টেলত দেশত ৬.০২ কোটি চাকৰি প্ৰত্যাশী নিবনুৱাই নাম পঞ্জীয়ন কৰিছে৷ অসমত নতুনকৈ ২,০৯,৪৭৫ জন নিবনুৱাই নাম পঞ্জীয়ন কৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০২১ ৰ পৰা ২০২৫ৰ ১৩ নৱেম্বৰলৈকে ৰাজ্য চৰকাৰে স্বচ্ছ প্ৰক্ৰিয়াৰে মুঠ ১,৩৪,৯৯৯ জনক চৰকাৰী চাকৰিত মকৰল দিয়া বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে৷ এতিয়া এই সংখ্যা ২ লক্ষৰ দিশে গতি কৰা বুলিও মুখ্যমন্ত্ৰীয়ে কৈ আহিছে৷ কিন্তু ইয়াৰ পাছতো ৰাজ্যত অব্যাহত আছে লক্ষ লক্ষ নিবনুৱাৰ হুমুনিয়াহ, হাহাকাৰ৷ কামৰ বাবে অসমৰ যুৱক-যুৱতীৰ কৰ্ণাটক, কেৰালা, গোৱা আদি ৰাজ্যলৈ সোঁত বৈয়ে আছে৷ পেটৰ তাড়নাত বহিঃৰাজ্যলৈ গৈ নিবনুৱাৰ কৰুণ  মৃত্যু ঘটিয়েই আছে৷