Logo
image

‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মালৈ ‘কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা’

‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’টাৰ, ১৫ ডিচেম্বৰঃ  ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক তথা আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ-কণ্ঠশিল্পী গৌতম শৰ্মালৈ আগবঢ়োৱা হৈছে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা৷ শোণিতপুৰ জিলাৰ তেজপুৰৰ পশ্চিম অঞ্চলৰ বিহগুৰি মৌজাৰ ‘নন্দন কানন সংগীত বিদ্যালয়’ৰ তৰফৰ পৰা গৌতম শৰ্মালৈ আগবঢ়োৱা হৈছে ২০২৬-২৭ বৰ্ষৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা৷ অহা বছৰৰ চ্ছ জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনা বিহগুৰিত এই বঁটা প্ৰদান কৰা হ’ব৷ উল্লেখ্য,  নন্দন কানন সংগীত বিদ্যালয়ে জন্মলগ্নৰে পৰা ছাত্ৰ-ছাত্ৰীক শাস্ত্ৰীয় সংগীতৰ শিক্ষা দি অহাৰ লগতে সাহিত্য-সংস্কৃতিৰ পথাৰখনতো কাম কৰি আহিছে৷ ৰাইজৰ মৰমৰ অনুষ্ঠানটিয়ে ২০১৪ বৰ্ষৰ পৰা অসহযোগ আন্দোলনৰ নেতা, দেশৰ স্বাধীনতা সংগ্ৰামৰ অক্লান্ত কৰ্মী, দেশপ্ৰাণ-কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ স্মৃতিত বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা প্ৰদান কৰি আহিছে৷ ২০১৪-১৫ বৰ্ষত বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীক, ২০১৬-১৭ বৰ্ষত বিশিষ্ট লেখক-বক্তা ময়ূৰ বৰাক, ২০১৮-১৯ বৰ্ষত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাক, ২০২০-২১ বৰ্ষত বিশিষ্ট সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাক, ২০২২-২৩ বৰ্ষত বিশিষ্ট খেতিয়ক-ব্যৱসায়ী তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক আৰু ২০২৪-২৫ বৰ্ষত বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা প্ৰদান কৰা হয়৷


এই বঁটাত আছে গামোচা, চেলেং, জাপি, স্মাৰক, সম্বৰ্ধনা-পত্ৰ, কিতাপৰ টোপোলা, নাহৰ গছৰ পুলিৰ উপৰি নগদ ধনৰ টোপোলা৷ উদ্যোক্তাসকলৰ হৈ সভাপতি বিষ্ণুৰাম দাস আৰু সম্পাদক পংকজ কুমাৰ নাথে সোমবাৰে ২০২৬-২৭ বৰ্ষৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাৰ বাবে বিশিষ্ট সাংবাদিক গৌতম শৰ্মাৰ নাম ঘোষণা কৰে৷ উল্লেখ্য, সাংবাদিকতাৰ উপৰি সাংস্কৃতিক কাম-কাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত গৌতম শৰ্মাই ইতিপূৰ্বে নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফ’ৰামৰ ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী বঁটা, সদৌ অসম সাংবাদিক সন্থাৰ শ্বহীদ সাংবাদিক মাণিক দেউৰী বঁটা, বিশ্ব সংবাদকেন্দ্ৰৰ নাৰদ জয়ন্তী বঁটা, শোণিতপুৰ সাংবাদিক সন্থাৰ প্ৰণৱ সিংহ বঁটা, অসম যুৱ সাংবাদিক সন্থাৰ সংবাদ শিৰোমণি বঁটা, বোকাখাতৰ ফেচেংবৰ বঁটা, ৰঙিলী সন্মান, এনাজৰীৰ শশী শৰ্মা স্মাৰক বঁটাকে ধৰি বিভিন্ন বঁটা লাভ কৰিছে৷