Logo
image

জুবিন গাৰ্গৰ মৃত্যু ‘অপৰাধমূলক’ নহয়, স্পষ্টীকৰণ দিলে ছিংগাপুৰ আৰক্ষীয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ ডিচেম্বৰঃ জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হোৱা নাছিল৷ বৃহস্পতিবাৰে ছিংগাপুৰ পুলিচ ফ’ৰ্চে দেশখনত জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত পুনৰ দিলে স্পষ্টীকৰণ৷ যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ ছিংগাপুৰ প্ৰণালীৰ সমুদ্ৰৰ পানীত জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ এদিন পাছতে ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যুত হত্যাৰ সম্ভাৱনা নুই কৰিছিল৷ তেওঁলোকে স্পষ্টভাৱে জনাইছিল যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ‘ফাউল প্লে’ৰ সম্ভাৱনা নাই৷ প্ৰাথমিক অনুসন্ধান আৰু পোষ্টমৰ্টেম ৰিপ’ৰ্টৰ প্ৰাথমিক তথ্য পোৱাৰ লগে লগে ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ‘ফাউল প্লে’ অৰ্থাৎ অপৰাধমূলক কাৰ্য সংঘটিত হোৱাৰ আশংকা পোনপটীয়াকৈ নাকচ কৰিছিল৷ সেই সিদ্ধান্ত জনোৱাৰ পূৰ্বেই ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ শৰীৰত বিষক্ৰিয়া হৈছিল নেকি আৰু তেওঁৰ শৰীৰত মাৰাত্মক আঘাত আছিল নেকি অথবা তেওঁক সমুদ্ৰৰ পানীত শ্বাসৰুদ্ধ কৰা হৈছিল নেকি সেয়া পৰীক্ষা কৰি লৈছিল৷ বিষক্ৰিয়াৰ পৰীক্ষাৰ বাবে ছিংগাপুৰ পুলিচে জুবিন গাৰ্গ আৰু তেওঁৰ অসমৰ সতীৰ্থ তথা ছিংগাপুৰৰ এঘাৰজন প্ৰবাসী অসমীয়াৰ সৈতে কৰা য়ট পাৰ্টীত ব্যৱহৃত পৰিত্যক্ত-অৱশিষ্ট খাদ্য তথা পানীয়, খাদ্য খোৱা বাচন-বৰ্তন, আগনিশা আৰু ১৯ ছেপ্টেম্বৰৰ পুৱা জুবিন গাৰ্গে তেওঁৰ হোটেলত খোৱা খাদ্যৰ অৱশিষ্টৰ নমুনা সংগ্ৰহ কৰিছিল৷ সেই অৱশিষ্ট খাদ্য আৰু খাদ্যৰ বাবে ব্যৱহৃত বাচন-বৰ্তনৰ নমুনাত বিষক্ৰিয়াৰ কোনো চিহ্ন নোপোৱা আৰু পোষ্টমৰ্টেম ৰিপ’ৰ্টত জুবিন গাৰ্গৰ শৰীৰত মাৰাত্মক আঘাত নথকা তথা শ্বাসৰুদ্ধ কৰি কোনোৱে হত্যা কৰাৰ প্ৰমাণ নথকাৰ বাবেই ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুক ‘অস্বাভাৱিক মৃত্যু’ বুলি কৈছিল আৰু পোনপটীয়াকৈ ‘ফাউল প্লে’ নথকা বুলি প্ৰকাশ কৰিছিল৷ 

শেহতীয়াকৈ অসমত জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত হোৱা তদন্তৰ অভিযোগনামা দাখিল কৰাৰ পাছত সেই অভিযোগনামাত জুবিন গাৰ্গক হত্যা কৰা বুলি চাৰিজন সতীৰ্থক অভিযুক্ত কৰাৰ লগে লগে ছিংগাপুৰ আৰক্ষীয়ে পুনৰ জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হোৱা নাছিল বুলি স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল৷ ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকৰ ৱেবচাইটত স্পষ্টভাৱে সেই কথা উল্লেখ কৰিছে আৰু ভাৰতৰ সংবাদ মাধ্যমত জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হোৱা বুলি অভিযোগনামা দাখিল কৰা তথা চাৰিজনক হত্যাত অভিযুক্ত কৰাৰ খবৰ তেওঁলোকে পোৱা বুলিও সেই স্পষ্টীকৰণত উল্লেখ কৰিছিল৷ জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত কোনো ‘ফাউল প্লে’ নথকা বুলি উল্লেখ কৰা ছিংগাপুৰ পুলিচ ফ’ৰ্চৰ ৱেবচাইটত কোৱা হৈছে যে, জুবিন গাৰ্গৰ মৃত্যু কিদৰে হৈছিল আৰু কি পৰিস্থিতিত তেওঁ মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল সেই তদন্ত ছিংগাপুৰ আৰক্ষীয়ে দেশখনৰ কৰনাৰ্ছ ক’ৰ্টৰ আইনৰ অধীনত অব্যাহত ৰাখিছে৷ মূলতঃ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ধাৰ কৰাৰ বাবে এতিয়াও ছিংগাপুৰ পুলিচে তদন্ত অব্যাহত ৰাখিছে আৰু সেয়া এতিয়াও শেষ হোৱা নাই বুলি এটা প্ৰেছ বিবৃতিৰ জৰিয়তে জনাইছে৷ 

ছিংগাপুৰ পুলিচে তেওঁলোকৰ ৱেবচাইটত প্ৰচাৰ কৰা বিবৃতিটোৰ অসমীয়া অনুবাদ– ‘ছিংগাপুৰ পুলিচ ফ’ৰ্চ জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতি সন্দৰ্ভত অনলাইনত প্ৰচাৰিত হোৱা জল্পনা-কল্পনা আৰু ভুৱা তথ্যসমূহৰ বিষয়ে অৱগত৷ এই গোচৰটো বৰ্তমান ছিংগাপুৰৰ কৰনাৰ্ছ এক্ট ২০১০ অনুসৰি ছিংগাপুৰ পুলিচ ফ’ৰ্চে তদন্ত কৰি আছে৷ প্ৰাথমিক তদন্তৰ ভিত্তিত ছিংগাপুৰ পুলিচ ফ’ৰ্চে কোনোধৰণৰ অপৰাধমূলক কাৰ্য বা ‘ফাউল প্লে’ৰ সন্দেহ কৰা নাই৷ ছিংগাপুৰ পুলিচ ফ’ৰ্চৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত, যাৰ বাবে আনুমানিক আৰু প্ৰায় তিনিমাহ সময় লাগিব পাৰে, তেতিয়া তদন্তৰ ফলাফল ছিংগাপুৰৰ চৰকাৰী কৰনাৰ্ছৰ ওচৰত দাখিল কৰা হ’ব৷ তাৰ পিছত কৰনাৰে কৰনাৰ্ছ এনকোৱাৰি কৰা হ’ব নে নাই, সেইটো নিৰ্ণয় কৰিব৷ কৰনাৰ্ছ এনকোৱাৰি হৈছে কৰনাৰৰ নেতৃত্বত চলা এক তথ্য-সংগ্ৰহমূলক প্ৰক্ৰিয়া, য’ত মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ধাৰণ কৰা হয়৷ এই তদন্তৰ ফলাফল সম্পূৰ্ণ হোৱাৰ পিছত ৰাজহুৱা কৰা হ’ব৷ ছিংগাপুৰ পুলিচ ফ’ৰ্চ এতিয়াও তদন্ত প্ৰক্ৰিয়াত ব্যস্ত থাকিলেও, ১ অক্টোবৰত (২০২৫) ভাৰতৰ উচ্চায়ুক্ত কাৰ্যালয়ৰ অনুৰোধমৰ্মে, প্ৰয়াত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ (অট’প্‌চি ৰিপ’ৰ্ট) এক প্ৰতিলিপি আৰু ছিংগাপুৰ পুলিচ ফ’ৰ্চৰ প্ৰাথমিক তদন্তৰ তথ্য তেওঁলোকলৈ প্ৰেৰণ কৰিছিল৷ ছিংগাপুৰ পুলিচ ফ’ৰ্চ এই গোচৰটো সম্পূৰ্ণ আৰু পেছাদাৰী মনোভাৱেৰে তদন্ত চলাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ এনে তদন্তত দীঘলীয়া সময়ৰ প্ৰয়োজন হয়৷ সেয়েহে এই ঘটনাৰ সৈতে জড়িত সকলো পক্ষক ধৈৰ্যসহকাৰে তদন্ত শেষ নোহোৱা পৰ্যন্ত অপেক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ একে সময়তে, জনসাধাৰণক এই বিষয়ত অপ্ৰয়োজনীয় জল্পনা-কল্পনা নকৰিবলৈ, উৰা বাতৰি নিবিয়পাবলৈ আৰু প্ৰমাণ নোহোৱা তথ্য প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনোৱা হৈছে৷’


জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুক হত্যা বুলি অসমৰ তদন্তকাৰী চিআইডিৰ এছআইটিয়ে আদালতত অভিযোগনামা দাখিল কৰাৰ সময়ত ছিংগাপুৰত সমান্তৰালভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি থকাৰ বিষয়ে ‘আমাৰ অসম’ত ১৩ ডিচেম্বৰত এটা বাতৰি প্ৰকাশ পাইছিল৷ সেই বাতৰিত আশংকা প্ৰকাশ কৰা হৈছিল, যদিহে ছিংগাপুৰত চলি থকা তদন্তত জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুক হত্যা নহয় বুলি ছিংগাপুৰ পুলিচ ফ’ৰ্চে আৰু শেষত কৰনাৰ্ছ ক’ৰ্টে নিৰ্ধাৰণ কৰে, তেন্তে অসমৰ এছআইটিয়ে কৰা তদন্তৰ ফল কি হ’ব? তাত ছিংগাপুৰ পুলিচ ফ’ৰ্চৰ তদন্ত অব্যাহত থকাৰ কথা আৰু তাৰ পৰৱৰ্তী ঘটনাক্ৰম কি হ’ব সেই বিষয়ে সবিশেষ উল্লেখ কৰি জনোৱা হৈছিল– ‘১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ ছিংগাপুৰ প্ৰণালীত সাঁতুৰি থাকোঁতে মৃত্যুবৰণ কৰা জুবিন গাৰ্গৰ ছিংগাপুৰত চলি থকা তদন্ত এতিয়া শেষ পৰ্যায়ত৷ জুবিন গাৰ্গৰ মৃত্যুৰ পিছদিনাই ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যুত কোনো ‘ফাউল প্লে’ নথকা বুলি প্ৰাৰম্ভিক অনুসন্ধানৰ পাছত প্ৰকাশ কৰিছিল৷ এতিয়াও সেই প্ৰাথমিক প্ৰমাণৰ ওপৰত ভিত্তি কৰি ‘ফাউল প্লে’ অৰ্থাৎ হত্যা কিম্বা হত্যাৰ চেষ্টা বা ষড়যন্ত্ৰ নথকা বুলিয়েই তদন্তত আগবাঢ়িছে ছিংগাপুৰ পুলিচ৷  মৃত্যুৰ সম্ভাব্য সকলো দিশ বিবেচনা কৰিয়েই তেওঁলোক তদন্তত আগবাঢ়িছে৷ ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ দেহৰ অটপছি ৰিপ’ৰ্ট, টক্সিক’ল’জি ৰিপৰ্ট, সকলো স্থানৰ চিচিটিভি ফুটেজ, সাক্ষী-প্ৰত্যক্ষদৰ্শীৰ জৱানবন্দী, জুবিন গাৰ্গৰ পূৰ্বৰ স্বাস্থ্যৰ মেডিকেল হিষ্টৰী আৰু মৃত্যুৰ সময়ৰ ঘটনাৰ পৰিৱেশ বিশ্লেষণ কৰি তদন্ত প্ৰায় শেষ কৰিছে৷ ছিংগাপুৰ আৰক্ষীয়ে এতিয়া খুউৱ সম্ভৱতঃ অহা ১৯ ডিচেম্বৰত বা তাৰ কেইদিনমান পাছতে তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন কৰনাৰ্ছ ক’ৰ্টত দাখিল কৰিব৷ তাৰ পাছতহে জানিব পৰা যাব জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নে হত্যা৷ 

ছিংগাপুৰৰ তদন্তৰ প্ৰক্ৰিয়া অনুসৰি ছিংগাপুৰ পুলিচে দাখিল কৰিবলগীয়া তদন্তৰ প্ৰতিবেদনক লৈ পৰৱৰ্তী গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব কৰনাৰ্ছ কৰ্টে৷ ছিংগাপুৰ আৰক্ষীৰ সূত্ৰ অনুসৰি অহা ১৯ ডিচেম্বৰত অথবা কিছুদিন পাছত তেওঁলোকে তদন্তৰ প্ৰতিবেদন কৰনাৰ্ছ ক’ৰ্টত দাখিল কৰিব৷ তেতিয়া কৰনাৰে সেই প্ৰতিবেদন পুংখানুপুংখভাৱে পৰীক্ষা কৰিব৷ আৰক্ষীয়ে প্ৰতিবেদনৰ লগত দিয়া অটপছি, টক্সিক’ল’জি প্ৰতিবেদন, চিচি টিভি ফুটেজ, সাক্ষীৰ জৱানবন্দী, জুবিনৰ মেডিকেল হিষ্টৰী আৰু মৃত্যুৰ ঘটনাৰ সম্পূৰ্ণ পৰিৱেশ-পৰিস্থিতি অধ্যয়ন কৰিব৷ তাৰ পাছত কৰনাৰে সিদ্ধান্ত ল’ব, তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ উদঘাটনৰ বাবে ৰাজহুৱা অনুসন্ধান (পাবলিক এনকোৱেৰি) কৰিব নে নকৰে৷ যদিহে ৰাজহুৱা অনুসন্ধান বা শুনানি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে কৰনাৰে তেওঁৰ আদালতত তদন্তকাৰী ছিংগাপুৰ আৰক্ষী, ঘটনাস্থলীত উপস্থিত থকা ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰিব৷ নথি আৰু প্ৰমাণসমূহ পুনৰ পৰীক্ষা কৰিব৷ প্ৰয়োজন হ’লে তদন্তকাৰীৰ পৰা অধিক প্ৰমাণ বিচাৰিব৷ এই কাম ১-৩ দিনৰ ভিতৰত সম্পন্ন কৰিব৷ পাবলিক এনকোৱেৰি হ’ব নে নহ’ব, সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতহে অধিক সময় অৰ্থাৎ প্ৰায় তিনিমাহ লাগিব৷

কিয়নো আৰক্ষীৰ তদন্তৰ প্ৰতিবেদন কৰনাৰ্ছ ক’ৰ্টত আদ্যোপান্ত পুংখানুপুংখভাৱে পৰীক্ষা কৰা হ’ব৷ যদি পাবলিক এনকোৱেৰি হয়, তদন্তৰ চূড়ান্ত ফলাফল ২-৬ সপ্তাহৰ ভিতৰত কৰনাৰে লিখিত ৰূপত জনাই দিব৷ কৰনাৰে তেওঁৰ প্ৰতিবেদন দেশৰ ‘ৰেজিষ্টাৰ জেনেৰেল অৱ বাৰ্থ এণ্ড ডেথ’, ‘পাবলিক প্ৰচিকিউটৰ’ক আনুষ্ঠানিকভাৱে দাখিল কৰিব আৰু এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ত সেই প্ৰতিবেদন পৰ্যালোচনাৰ বাবে দাখিল কৰিব৷ তেতিয়া ৰেজিষ্টাৰ জেনেৰেলে সেই প্ৰতিবেদন ‘নেচনেল ডেথ ৰেকৰ্ডছ’ত আপলোড কৰিব৷ প্ৰকৃততে সেইখন হ’ব ‘ডেথ চাৰ্টিফিকেট’৷ যদিহে মৃত্যুৰ কাৰণ স্বাভাৱিক বা দুৰ্ঘটনাজনিত নহয় বুলি কৰনাৰ্ছ কৰ্টে প্ৰতিবেদন দাখিল কৰে তেন্তে তাৰ আধাৰত আৰু আৰক্ষীৰ তদন্তৰ আধাৰত ছিংগাপুৰৰ আদালতত বিচাৰ হ’ব৷ আনহাতে, যদিহে কৰনাৰ্ছ ক’ৰ্টত ‘পাবলিক এনকোৱেৰি’ নহয় তেতিয়া ১-৩ মাহৰ ভিতৰত সেই সিদ্ধান্ত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত কৰনাৰে মৃত্যুৰ প্ৰমাণ-পত্ৰ বা ‘ডেথ চাৰ্টিফিকেট’ ‘ৰেজিষ্টাৰ জেনেৰেল’, ‘পাবলিক প্ৰচিকিউটৰ’ আৰু পৰিয়ালক অৰ্পণ কৰিব৷ তাত (১) মৃত্যুৰ কাৰণ, (২) কিদৰে মৃত্যু হৈছিল অৰ্থাৎ স্বাভাৱিক, দুৰ্ঘটনা, অত্যধিক দুঃসাহস (মিছএডভেন্সাৰ) বা অত্যাহত্যা, (৩) মৃত্যুৰ পৰিস্থিতি সন্দৰ্ভত জনোৱা থাকিব৷ খুউব সম্ভৱতঃ অহা ১৫ মাৰ্চ অথবা তাৰ পূৰ্বে কৰনাৰ্ছ কৰ্টে সেই বিষয়টো ৰাজহুৱা কৰিব৷’

আশংকা কৰাৰ দৰে এতিয়া অসমৰ তদন্তৰ অভিযোগনামা দাখিলৰ পাছত ছিংগাপুৰ পুলিচ ফ’ৰ্চে পুনৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা হত্যা নহয় অৰ্থাৎ তাত ‘ফাউল প্লে’ৰ সম্ভাৱনা নথকা বুলি স্পষ্ট কৰি দিছে৷ এনে পৰিস্থিতিত– প্ৰশ্ন উঠিছে, ছিংগাপুৰ পুলিচৰ তদন্তই আৰু কৰনাৰ্ছ কৰ্টে জুবিনৰ মৃত্যু হত্যা নহয় বুলি কোৱাত এতিয়া অসমৰ তদন্তকাৰীয়ে কি কৰিব? তেওঁলোকে সেই সিদ্ধান্ত মানি ল’বনে? অসমৰ তদন্তকাৰীয়ে শুকুৰবাৰে দাখিল কৰা অভিযোগনামাত চাৰিজনে জুবিন গাৰ্গক হত্যা কৰা বুলি অভিযুক্ত কৰিছে আৰু আন এজনে অনিচ্ছাকৃত হত্যাত জড়িত বুলি অভিযোগনামা দিছে৷ এতিয়া দেখা গৈছে, ছিংগাপুৰ আৰক্ষীৰ তদন্ত আৰু কৰনাৰ্ছ কৰ্টৰ প্ৰতিবেদন ইয়াৰ সম্পূৰ্ণ বিপৰীত হৈছে৷ এতিয়া অসমৰ বিৰোধী ৰাজনৈতিক দল আৰু দল-সংগঠন তথা জুবিন অনুৰাগীয়ে কি পদক্ষেপ ল’ব সেয়া এইমুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ উঠিছে৷