ভাৰতত টি২০ বিশ্বকাপ খেলিবলৈ নাহে বাংলাদেশ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ জানুৱাৰীঃ মুস্তাফিজুৰ ৰহমানক আইপিএলত নিষিদ্ধ কৰাৰ প্ৰতিবাদত বাংলাদেশে অহা ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্ৰীলংকাত হ’বলগীয়া টি-২০ বিশ্বকাপত ভাৰতত খেলিবলগীয়া মেচ নেখেলাৰ সিদ্ধান্ত লৈছে৷ দেওবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে আইচিচিক আনুষ্ঠানিকভাৱে তেওঁলোকৰ সিদ্ধান্ত জনাইছে৷ লীগ পৰ্যায়ত বাংলাদেশে কলকাতাৰ ইডেন গাৰ্ডেনত দুখন আৰু মুম্বাইত এখন মেচ খেলাৰ সূচী আছিল৷ কিন্তু বাংলাদেশৰ বাঁওহতীয়া ফাষ্টবলাৰ মুস্তাফিজুৰ ৰহমানক বিচিচিআয়ে আইপিএলত নিষিদ্ধ কৰাত বিচিবিয়ে ভাৰতত নেখেলাৰ কঠোৰ সিদ্ধান্ত লয়৷
বাংলাদেশত হিন্দু ব্যক্তিক হত্যা আৰু অত্যাচাৰৰ বিৰোধিতা কৰি ভাৰতৰ হিন্দুত্ববাদী সংগঠনে কেকেআৰৰ খেলুৱৈ মুস্তাফিজুৰক আইপিএলত নিষিদ্ধ কৰিবলৈ দাবী জনাইছিল৷ সেই দাবী মানি লৈ শনিবাৰে বিচিচিআয়ে মুস্তাফিজুৰ ৰহমানক আইপিএলত নিষিদ্ধ কৰে৷ ইপিনে, আইচিচিয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডলৈ সঁহাৰি জনাব পাৰে বুলি ‘ক্ৰিকবাজ’ ৱেবছাইটে প্ৰকাশ কৰিছে৷ আজি দেওবাৰ হোৱাৰ বাবে আইচিচিয়ে কোনো সিদ্ধান্ত লোৱা নাই৷ ‘ক্ৰিকবাজ’ৰ বাতৰি মতে বাংলাদেশৰ লীগ বিশ্বকাপৰ মেচসহ আয়োজক দেশ শ্ৰীলংকালৈ স্থানান্তৰ কৰা হ’ব৷ তাৰ বাবে আইচিচিয়ে শ্ৰীলংকাৰ এখন পৃথক ষ্টেডিয়াম নিৰ্বাচন কৰিব৷ কলম্বো আৰু কেণ্ডিত ইতিপূৰ্বে বিশ্বকাপ মেচৰ সূচী আছে৷ সেয়ে বাংলাদেশৰ মেচ গালেত অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে৷






